সভ্যঃ ইয়াৰ মূল্য ক'ত ??


এজনী ম'হৰ কথা, ম'হজনীৰ গৰাকী চৰাইদেউৰ লংপতীয়া ফালৰ ৷ চুৰজন চুৰ হোৱাৰ আগত মানুহজনৰ পৰিচিত আছিল; আহ্-যোৱা চলে ৷ এদিন চিনাকি মানুহজনে কৃষিপথাৰৰ পৰা চিনাকি মানুহজনৰ চকুৰ সন্মখৰ পৰাই ম'হ জনী লৈ গ'ল ৷ বুঢ়া মানুহ; ডেকা চুৰক কেনৈকৈ বাধা দিব ৷ বিষয়টো ন্যায় বিচাৰৰ ওচৰত পালেগৈ ৷

তিনি বছৰৰ পাছত ন্যায় বিচাৰ আহিল ৷ বুঢ়াও কিছু বুঢ়া হ'ল ৷ বুঢ়াৰ ওচৰত কোনো তথ্য নাছিল এযোৰ চকুৰ বাহিৰে ৷ চুৰৰ উকিলে বুঢ়াক সুধিলে যে ম'হ জনীৰ দাত কেইটা আছিল? ম'হজনী গৰ্ভৱতী আছিল নে? যদি নাছিল ম'হজনীৰ লিংগ কি আছিল ইত্যাদি বিভ্ৰান্তিমুলক প্ৰশ্ন; যিবোৰ অলগতীয়াল প্ৰশ্নই বুঢ়াক ব্যতিব্যস্ত কৰি তুলাৰ লগতে সন্মানত আঘাত দিছিল ৷ ন্যায় বিচাৰৰ নামত বুঢ়াক মানসিক চাপ দিয়া হৈছিল ৷

মোৰো দুৰ্ভাগ্য আছিল, মই মোৰ বাইদেউ এগৰাকীৰ লগত হোৱা যৌন অতিশায্য এটা গোচৰৰ শুনানিত সেইদিনা উপস্থিত আছিলোগৈ ৷

বুঢ়াৰ লগত হোৱা গোটেই ঘটনাটো মই স্ব-চক্ষুয়ে দেখিছিলো সোণাৰি কৰ্টত ৷ যেতিয়া উকিলে বুঢ়া মানুহজনক ম'হজনীৰ লিংগলৈকে সুধিলত বুঢ়া ৰৈ থাকিব নোৱাৰিলে ৷ তেওঁ কান্দি কান্দি সকলোকে হাত যোৰ কৰি বিচাৰ কক্ষৰ পৰা ওলাই গুছি গৈছিল ৷ বুঢ়াৰ চকুত চকুপানীৰ পৰিৱৰ্তে চুৰ আৰু উকিলৰ চকুত বিজয়ৰ আনন্দই তিৰবিৰাইছিল ৷

অতিকৈ দুখ লাগিল আমাৰ ন্যায় বিচাৰ ব্যৱস্থা ইমান লেহেমীয়া যে কেইবা পুৰুষ পাৰ হোৱাৰ পাছতো ন্যায় বিচাৰ পাবলৈ সক্ষম নহ'য় ৷ চৰকাৰৰ ওচৰত অযুত শক্তি আছে, ধন আছে, চিন্তা আছে ভুক্তভুগী মানুহক ন্যায় দিবলৈ, সুৰক্ষা দিবলৈ ৷ তাৰ পাছতো ন্যায়ৰ নামত ভেকুভাওনা কিহৰ ? মানুহৰ জীৱন আৰু সম্পত্তি নিৰাপত্তাহীনতাত কিয়? 

চৰকাৰৰ ওচৰত অনেক পথ আছে সমাজৰ পৰা দক্ষ লোকক বাচনিৰে সমাজ আৰু জনতাৰ মৌলিক সমস্যা সমূহ দূৰ কৰিবৰ বাবে নিয়োগ কৰিবলৈ ৷ কিন্তু সকলো জানিও, সকলো শক্তি থাকিও আজি সমাজত মানুহৰ মৌলিক অধিকাৰ পদে পদে খৰ্বৰ হৈছে, মানুহে অসুৰক্ষিত অৱস্থাত অনিশ্চয়তা জীৱন অতিবাহিত কৰিব লগা হৈছে ৷ চৰকাৰে সঁচাই জনতাৰ দুখ-দুৰ্দশা লঘাব কৰিবলৈ সক্ষম হৈছে নে ? 

ফেচবুকৰ কথা, কিছুদিন আগতে এজনী পঢ়া-লিখা বান্ধৱীয়ে মই সততে কৈ অহা "জহৰা" শব্দটোৰ পৰিশিলতা বিচাৰি বৈধতা বিচাৰিছিল ৷ মই মানা কৰিলো ৷ তাই মোৰ লগত থকা বন্ধুত্বৰ চৰ্ত বাতিল কৰিলে ৷ শিক্ষিত মানুহে যেতিয়া তেনে শব্দবোৰক অভিধানীক ৰূপত প্ৰতিস্থা কৰি "অমানুহ সূচক" শব্দ হিচাপে সাৰ্বজনীক স্বকৃতি দি লোৱাৰ পাছত পুনঃ যেতিয়া আমাৰ মুখত সেইবোৰ ফুটি উঠে তেতিয়া সেই শব্দক তেওঁলোকেই পৰিশীল ৰূপ দিব বিচাৰিলে সঁচাই আঁচৰিত আৰু বিচিত্ৰ যেন লাগে ৷

মানুহৰ মাজত শব্দই ব্ৰহ্ম বুলি প্ৰৱচন প্ৰচলিত ৷ শব্দই সকলো, শব্দ অবিহনে বিশালতাও জুখিব নোৱাৰি ৷ একেই কথা কৰ্মৰ ক্ষেত্ৰতো ৷ কৰ্মই দৃষ্টিক টানি আনে ৷ কৰ্ম নকৰিলে শব্দৰো অস্তিত্ব শূণ্য ৷ সেয়েহে জীৱই জন্মসূত্ৰে পঞ্চইন্দ্ৰীয় লাভ কৰিছে ৷ দৃষ্টি, শ্ৰৱণ, অনুভুতি, ঘ্ৰাণ আৰু জিভা ৷

কিছুদিন আগতে অসমত ৰাজনৈতিক বাতাবৰণত "সভ্য" সকলৰ বাবে "অশ্লীল" শব্দবোৰ উচ্চাৰণ তথা নিক্ষেপক লৈ সামাজিক মাধ্যমত বিষয়টো চৰ্চাৰ ধুম উঠিছিল ৷ অতি সভ্যবোৰে এতিয়াও ভাৱে যে সভ্য তেওঁলোক সঁচাই সভ্য, শিষ্টাচাৰ, পৰিশীলতা, ন্যায়পৰায়ণতা, স্পষ্টবাদী, কৰুণাময়, দয়াময়, হৃদয়বান আদি চৰিত্ৰৰ মাজত জীয়াই আছে নিজৰ ব্যক্তিত্বৰ মাজত মানৱতাবোধৰ সাংকেতিক শব্দবোৰৰ স্বাধীনতা বৰ্তাই ৰাখিছে ৷ কিন্তু বাস্তৱ ছবিখন ?

অসমৰ ইমুৰৰ পৰা সীমুৰৰলৈকে পথৰ ওপৰত, বিদ্যালয়ৰ ভিতৰত, মন্দিৰৰ ভিতৰত নাবালিকাৰ পৰা পৌঢ় মহিলালৈকে ধৰ্ষণত বলি যে হ'ব লগা হ'ল, এই কাণ্ডবোৰৰ ন্যায় বিচাৰৰ লগে লগে ঘটনাবোৰৰ মৌলিক চৰিত্ৰৰ ওপৰত বিচাৰ কৰা হৈছে নে ? আজিৰ দিনত ধৰ্ষণ কিমান ডাঙৰ মাধ্যম হৈ পৰিছে সেইটো সভ্যবোৰে এবাৰ চিন্তা কৰিছে নে ? অশ্লীল শব্দক চৰ্চা কৰাসকলে "কায়িক অশ্লীলতাক" দূৰতে ৰাখিব বিচৰাৰ কাৰণ কি ? অথচ সভ্যবোৰৰ মাজৰ পৰাই তেনে নাৰকীয় ঘটনা ঘনাই সংঘটিত হ'ব ধৰিছে ৷ যদি সামাজিক দায়িত্বত নিয়োজিত ব্যক্তিৰ ওপৰত প্ৰয়োগ হোৱা অশ্লীল শব্দৰ ক্ষেত্ৰত নৈতিক প্ৰশ্ন আছেই তেন্তে "কাষিক অশ্লীলতা"ৰ উপৰতো নৈতিক প্ৰশ্ন উত্থাপন কৰক ৷

মানুহবোৰৰ সমাজখন আজিও সভ্যবোৰেই নিয়ন্ত্ৰণ কৰি আছে ৷ ইয়াত কোনো সন্দেহ নাই ৷ হ'য়টো সেই কাৰণেই যেতিয়াই অসভ্যই অশ্লীল শব্দৰে সভ্য সমাজক লক্ষ্য কৰি লয় তেতিয়া সভ্য সমাজবোৰ ক্ৰোধান্বিত হৈ পৰে ৷ চৰ্চাৰ দৰবাৰ বহুৱায় ৷

অল্লীল জাতীয় শব্দ বানৰ ওপৰতে কেৱল সভ্য সমাজে নৈতিকতাৰ প্ৰশ্নটো উত্থাপন কৰাটো বতুলামি ৷ সমাজ আৰু ব্যক্তিক স্থলিত, অহিষ্ণু কৰি তোলা ৰাজনৈতিক চৰিত্ৰৰ পৰিভাষাবোৰত, ধৰ্মীয় গোড়ামীতা, অন্যায় বিচাৰৰ ওপৰতো নৈতিকতাৰ মূল্যবোধবোৰ আছে নে নাই এবাৰ বিচাৰ কৰা উচিত ৷ যেতিয়া প্ৰচলিত ব্যৱস্থাবোৰ নিয়ন্ত্ৰণ কৰা লোকসকলে মানৱ আচৰণ ত্যাগ কৰি সকলো ব্যৱস্থা নিজৰ স্বাৰ্থৰ অধীন কৰি তুলে তেতিয়া সমাজ আৰু ব্যক্তি আপোনা আপুনি বিশ্বাসহীনতাত লীন যায় ৷ বিশ্বাস হেৰালে কুকুৰে গৰাকীকো কামুৰি দিয়ে ৷

মানুহে দিনৰ বিপৰীতে ৰাতি থকা কথাটো(আহ্নিক গতি) বহু সময়ত পাহৰি পেলায় ৷ সেয়েহে সময়ে সময়ে নিদিষ্ট এটাক উচ্চ প্ৰশংসা কৰা হ'য় ৷ যি কোনো মানুহকেই যদি দিন-ৰাতিৰ ওপৰত এখন ১০ নম্বৰৰ ৰচনা লিখিব কোৱা হ'য় তেন্তে ৯৯ জনেই ৯ নম্বৰৰ বাবে দিন-ৰাতিটো নিজৰ কিয় ব্যক্তিগত পছন্দৰ বিষয় হ'য় সেই কথা জোৰকৈ লিখিব ৷ কিন্তু প্ৰকৃতিৰ আমোঘ নিয়ম অনুসাৰে হোৱা দিন-ৰাতিৰ ফলত জীৱ-জগতৰ কি উপকাৰ হ'য় সেই কথা ৰচনাত কেতিয়াও লিখিবলৈ নিবিচাৰিব; নতুবা নাজানে ৷ কথা হ'ল সেইখিনিতে যে সভ্য মানুহবোৰেই সাধাৰণ মানুহৰ পৰা অপ্ৰকৃতিস্থা অৱস্থা, উত্তেজনা পাবলৈ সাবিয়াহ কৰে ৷ নিজৰ সভ্যৰ উমান ল'বলৈ নিজেই নীতি বৰ্হিভূত কাম কৰে ৷ 

ন্যায় পাবলৈ বিচৰা মানুহক বছৰৰ পাছত বছৰ দৌৰিবলৈ বাধ্য কৰোৱা, অধিকাৰ বিচৰা মানুহক সামৰিক অত্যাচাৰ আৰু দমন ইত্যাদিবোৰ সভ্য মানুহবোৰেই কৰি থকা নাই নে ? চৰকাৰী ব্যৱস্থা আৰু ৰাজনৈতিক ক্ষেত্ৰত হৈ থকা অন্যায়, অবিচাৰ, শোষণ, লাঞ্ছনা-বঞ্চনা, নিষ্পেষণ ইত্যাদিবোৰৰ ক্ষেত্ৰত নৈতিকতাৰ প্ৰশ্নটো, মূল্যবোধৰ প্ৰশ্ন কিয় নাহে ? সভ্য সকলৰ পৰা আশা কৰা ধৰণে প্ৰতি সভ্য আশা কিয় কৰিব পৰা ব্যৱস্থা নাই, যি ভৌতিক ৷ কি বিষয় অসভ্যৰ ভিতৰত নপৰে ?

নৈতিকতা স্থলন, মুল্যবোধৰ অৱক্ষয় হোৱা কাৰকক কোনে উদ্গনি যোগাইছে ? ধৰি লোৱা হ'ল, মানুহ এজনে নিজৰ আৰ্থিক অনাতনত পৰি সুৰা বিক্ৰী কৰিছে ৷ তেওঁ বিক্ৰী কৰা সুৰা সেৱন কৰি আন কাৰোবাৰ ঘৰুৱা হিংসা-প্ৰতিহিংসা সংঘটিত হৈছে ৷ গাঁৱ-ঘৰত, ওচৰে পাজৰে সামাজিক অশান্তি হৈছে ৷ শান্ত পৰিৱেশ বিঘ্নিত হৈছে ৷ এই যে সুৰাপায়ীজন নিচাত আসক্ত হৈ অশান্তি সৃষ্টিৰে সমাজত যি পৰিৱেশ ৰচনা কৰিলে তাৰ দায়িত্ব অৰ্থিক অনাতনত পৰি সুৰা বিক্ৰী কৰাজনৰ ওপৰত পৰিব নেকি ? নে নিচাত আসক্ত হোৱাজনৰ ওপৰত পৰিব ?

উপৰোক্ত গোটেই ঘটনাটো বিচাৰ কৰিবলৈ হ'লে ভাৰতীয় ৰাজনৈতিক বিচাৰধাৰা, ক্ষমতা আৰু প্ৰশাসনীয় ব্যৱস্থাত থকা জনতাৰ কল্যাণৰ দিশবোৰ চাব লাগিব; আচলতে সভ্য কোন? 

প্ৰথম কথা, ভাৰত এখন কল্যাণকামী ৰাষ্ট্ৰ; সেই হেতু ইয়াৰ জনসাধাৰণৰ ভৰণ-পোষণৰ দায়িত্ব ৰাষ্ট্ৰই সম্পূৰ্ণ মুৰ পাতি লৈছে ৷ ৰাষ্ট্ৰই নাগৰিকৰ দায়িত্ব ল'বলৈ এক শৃংখলিত পদ্ধতিত জনতাৰ দ্বাৰাই নিৰ্বাচিত পৰিচালক বাচি লোৱাৰ ব্যৱস্থা আছে ৷ যি পৰিচালকে নিজৰ ক্ষেত্ৰৰ ভিতৰত থকা সকলো নাগৰিকৰ বিভিন্ন দিশ প্ৰয়োজন সাপেক্ষে ৰাষ্ট্ৰৰ হৈ চম্ভালিব ৷

দ্বিতীয়, যিজন সুৰা বিক্ৰীকাৰীয়ে নিজৰ ভাতৰ যোগাৰৰ বাবে সুৰা প্ৰস্তুত কৰিছিল সেইজন আইমতে দণ্ডনীয় হ'ল ৷ সেই জনক কোৱা হ'ল যে কেচুৱাই কান্দিলেহে মাকৰ গাখীৰ খাব পায় ৷ অথচ নিৰ্বাচিত জন প্ৰতিনিধিয়ে অসংখ্য প্ৰশাসনীক কৰ্মীক লৈ আৰামত ৰাজনীতি ৰাজনীতি খেলি আছে ৷ দৰিদ্ৰক কোৱা হ'ল, প্ৰথমে তুমি মোৰ ওচৰলৈ অহা; মই নহ'য় ৷ তদুপৰি জনতাক শাসন আৰু নিয়ন্ত্ৰণ কৰাসকলে দৰিদ্ৰ জনতাৰ বাবে নুন্যতম কামৰো ব্যৱস্থা কৰিব নোৱাৰে, সংস্থাপনৰো ব্যৱস্থা কৰিব নোৱাৰে, দৈনিক মজুৰীও নিৰ্ধাৰণ কৰিব নোৱাৰে ৷ যি নিজেই যোগাৰ কৰি লয় সেয়া সকলো মহাজনৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ ৷ তেন্তে শাসন ক'ত আৰু প্ৰশাসন ক'ত? 

তৃতীয়, দেশত দৰিদ্ৰই উপায়হীন হৈ সুৰা বিক্ৰী কৰিলে অপৰাধ হ'য়, সেই একেই সুৰাক চৰকাৰে বিক্ৰী কৰিলে অপৰাধ নহ'য় ৷ সুৰা দুয়োটা পক্ষই সহজলভ্য কৰিছে ৷ কিন্তু সুৰা সেৱনৰে সমাজত শান্তি ভংগ কৰাসকল, ঘৰুৱা হিংসাত লিপ্তহোৱা সকলৰ বাবে দায়ী কোন হ'ব ? সুৰাৰ বিক্ৰী কৰা চৰকাৰে নিজেই দায়ী হ'ব নে উপায়হীন দৰিদ্ৰই ল'ব? যদি সুৰাপায়ীক দায়ী সজায় তেন্তে চৰকাৰ-প্ৰশাসনৰ অস্তিত্বই ক'ত? মূল্য ক'ত? 

গতিকে জনসাধাৰণে নিজেই এটা নিয়ন্ত্ৰিত ব্যৱস্থাত থাকিব বিচাৰে যাতে সকলো সমস্যাৰ সমাধানৰ পথ সদায় প্ৰশস্ত হৈ থাকে ৷ মানুহক স্বাধীনতা, গোপনীয়তা, শান্তি, উন্নতি আৰু নিৰাপত্তা সকলো লাগে ৷ চৰকাৰৰ ভিতৰচ'ৰাত থকা বিয়াগোম ৰাজনৈতিক নেতৃত্ববৃন্দই জনতাই বিচৰা নিয়ন্ত্ৰিত ব্যৱস্থাটোৰ মুল কেন্দ্ৰবিন্দু ৷ তেওঁলোকৰ পৰাই ব্যৱস্থাবোৰ নিয়ন্ত্ৰিত হ'ব লাগিব ৷ জনতাৰ অভাৱ-অভিযোগবোৰ পূৰণ কৰিব লাগিব ৷ সমাজ আৰু ব্যক্তিৰ চৰিত্ৰ নিৰ্মাণ কৰাৰো চৰকাৰ কিম্বা ৰাজনৈতিক নেতৃত্ববৃন্দৰ বিশেষ কৰ্তব্য আৰু দায়িত্ব আছে ৷ যিহেতু এই দেশ কল্যাণকামী ৰাষ্ট্ৰ ৷

আজিৰ দিনত জনতাই মুকলিকৈ ক্ষোভৰ বৰ্হিঃপ্ৰকাশ কৰা মুল কাৰণ এটাৰ ভিতৰত এটা হ'ল ৰাজনৈতিক ভণ্ডামিৰে জনতাক নীতি বৰ্হিভুত কৰা জুৰ-জুলুম শোষণ ৷ অকল ৰাজনৈতিক বুলিয়েই নহ'য়, বহু সময়ত সবল পক্ষৰ অন্যায় শোষণৰ বিৰুদ্ধে দুৰ্বলীয়ে প্ৰতিবাদৰ শেষ আশ্ৰয় হিচাপে আক্ৰোশমুলক মন্তব্য আৰু শব্দ বাচি ল'য় ৷

কল্যাণকামী ৰাষ্ট্ৰ প্ৰতিস্থা কৰিবলৈ প্ৰত্যেকজন জনতাই খৰচ বহন কৰে, যাতে সেই খৰচে সকলোৰে সমস্যাসমূহ দূৰ হ'য় ৷ চৰকাৰী এখন ৰেল দুঘন্টা পলমকৈ চলিলে জনতাই প্ৰশ্ন কৰিবই; এইটো জনতাৰ অধিকাৰ ৷

দেশত অবাধ দুৰ্নীতি, ভ্ৰষ্টাচাৰ, মুল্যবৃদ্ধি, দুৰ্যোগ প্ৰশমনৰ কামবোৰত লেহেমীয়া, গাফিলতি ইত্যাদিত জনতা আজি অতিষ্ঠ ৷ কিয় হৈছে তাৰ উত্তৰ চৰকাৰৰ ঘৰত নাই, মন্ত্ৰিৰ ওচৰত নাই, বিধায়কৰ ওচৰত নাই, প্ৰশাসনৰ মুৰব্বীৰ ওচৰত নাই আনকি পিয়নৰ ওচৰতো উত্তৰ নাথাকে ৷ দুখীৰ হাস্তিৰ বিধান থাকিলেও মুক্ত আকাশৰ তলত থাকিবলৈ পায়; মন্ত্ৰি-বিধায়কৰ লগত ঘুৰিবলৈ পায় ৷ চৰকাৰ-প্ৰশাসন নিয়ন্ত্ৰণ কৰাসকলৰ উন্নতি আৰু নিৰাপত্তা একচেতিয়া কাৰোবাৰৰ দৰে হৈ উঠিছে ৷ চৰকাৰ-প্ৰশাসনৰ পৰা জনতাই গোলাম, অপৰাধীৰ দৰে ব্যৱহাৰ পাব ধৰিছে ৷ জনতাৰ বাবে ন্যায় বিচাৰ ক'ত ? এতিয়া কথা হ'ল ন্যায় বিচাৰ নোপোৱা মানুহবোৰ অসভ্য হ'ল নে ন্যায় বিচাৰৰ দায়িত্ব লোৱাসকল সভ্য হ'ল ?? 

No comments:

Post a Comment

Thank you.