মন্দিৰ শোষণৰ প্ৰতিক, ব্ৰাহ্মণ ইয়াৰ পালক !



যি নেতাই নিজৰ দুয়োখন হাতৰ আঙুলিত গ্ৰহ-নক্ষত্ৰৰ নামত আঙঠি পিন্ধি নিজৰ ভৱিষ্যত গঢ় দিব বিচাৰে সেই নেতাই এখন সমাজক কেনেকৈ পৰিৱৰ্তন কৰিব তথা কেনেকৈ সমাজক দিক নিৰ্ণায়ক দেখুৱাবলৈ নেতৃত্বৰ ভুমিকা পালন কৰিব ? তেওঁৰ নিজৰ ওপৰতেই বিশ্বাস নাই, কৰ্মৰ ওপৰত বিশ্বাস নাই যাৰ বাবে আনৰ পৰামৰ্শত ভৱিষ্যত সলনি কৰিবলৈ ধাতুৰ পাত্ৰক বিশ্বস কৰি আঙুলিত আঙঠি পিন্ধে; হাতত ধৰ্ম ৰক্ষাৰ নিচান হিচাপে জৰী পিন্ধে ৷

মন্দিৰ সমূহত স্থাপিত বিগ্ৰহৰ একেবাৰে ওচৰত অৰ্থাৎ বিভিন্ন মন্ত্ৰধ্বনী আৰু শ্লোকৰে ভগৱানৰ আসনৰ ওচৰতে বহি থকা পূজাৰী-ব্ৰাহ্মণে নিয়মিত শ্লোক, ভজন-কীৰ্তন কৰা কামফেৰাও কৰ্মৰ শাৰীতেই পৰে ৷ এই কৰ্মৰ দ্বাৰাই ব্ৰাহ্মণে দুই এপইচা অৰ্জন কৰে ৷ এই  উপাৰ্জন ব্ৰাহ্মণৰ বংশানুক্ৰিক ব্যৱসায় ৷ ঈশ্বৰ দৰ্শনৰ নামত টকা চটিউৱাবলৈ মন্দিৰত সাধাৰণ মানুহ আহ-যাহ্ নহলে স্বয়ং ভগৱানেও ব্ৰাহ্মণৰ পেট ভৰাব নোৱাৰে ৷ সেই ব্ৰাহ্মণ লাগিলে ভগৱানৰ ওচৰতে বহি নাথাকক কিয় ৷

 এখন ধৰ্মনিৰপেক্ষ সংবিধান থাকাৰ পাছতো আৰু দেশত সেই সংবিধানক বিধিগত ভাৱে জনতাৰ মংগলৰ বাবে কাৰ্যকৰী কৰা অনুষ্ঠান আৰু জনতা দ্বাৰা নিৰ্বাচিত চৰকাৰ থকাৰ পাছতো ধৰ্মক লৈ ৰাজনীতি কিয় ? ধৰ্মক লৈ শংকা কিয় ? নে আপোনৰ এতিয়াও বুজিবলৈ বাকী আছে ? মন্দিৰ-মজিদেই যদি সকলো তেন্তে আপোনাক শিক্ষা আৰু শিক্ষানুষ্ঠান কিয় প্ৰয়োজন? ভগৱান প্ৰাপ্তিয়েই লক্ষ্য হ'য় যদি আহাৰৰ প্ৰয়োজন কিয় ? সত্য আৰু ন্যায় প্ৰতিষ্ঠা কৰা, দেখিবা তুমি নিজেই ভগৱানৰ ঠাই পূৰণ কৰিছা -- এই কথা বহু বিদ্বান মনিষীয়ে কৈ গৈছে ৷

দেশৰ সকলো হিন্দু মন্দিৰ শীঘ্ৰে ৰাষ্ট্ৰীয় সম্পদ হিচাপে ঘোষণা নতুবা বন্ধ কৰি দিয়া প্ৰয়োজন ৷ বৰ্ধিত হিন্দুত্বৰ গোড়ামী আৰু হিন্দুৰ দেৱ-দেবীৰ মন্দিৰ সমূহ দেশৰ আভ্যান্তৰিণ নিৰাপত্তাৰ বাবে চৰম শংকা আৰু ভাবুকি হৈ পৰিছে ৷

হিন্দু মন্দিৰসমূহ অৰ্থনৈতিক অৱস্থাৰ প্ৰতিও ভাবুকি স্বৰূপ ৷ বছৰত তিনি লাখ আয় কৰিব পৰা এজন নাগৰিকে যদি দেশক সেৱাৰ নামত কৰ দিব লগা হ'য় তেন্তে মন্দিৰে উপাৰ্জন কৰা ধনৰ অনুপাতে চৰকাৰক কৰ আদায় দিয়াৰ পৰা কিয় দূৰত ৰখা হ'য় ? মন্দিৰ সমূহ কাৰ পৈতৃক সম্পত্তি ? যদি জনতাৰ হ'য় তেন্তে সংস্থাই কিয় নিয়ন্ত্ৰণ কৰে? মন্দিৰে দান পোৱা অৰ্ধেক টকা কোনে ল'য়, কলৈ যায় ? 

দেশত ব্ৰাহ্মণ সাংসদ সকলে অনৈতিক ভাৱে হিন্দু মন্দিৰত নিজৰ সমষ্টিৰ উন্নয়নৰ অৰ্ধেক পুঁজি যোগান ধৰে ৷ যাৰ বাবে সমষ্টিৰ সাধাৰণ প্ৰজাৰ মৌলিক সমস্যা কেতিয়াও দূৰীকৰণ নহ'য় ৷ উন্নয়নৰ বাবে অহা ধন অনৈতিক ভাৱে মন্দিৰ, পূজাৰীক দান দিলে সমস্যা কমিবলৈ চাই বাঢ়িব হে ধৰে ৷ যিটো হিন্দুত্ববাদৰ আটাইতকৈ উত্তম  ৰাজনীতি জনতাক শোষণ কৰিবলৈ ৷

যি টকা মন্দিৰে লাভ কৰে সেই টকা ভগৱানে লাভ নকৰে ৷ ভগৱানক টকাৰ প্ৰয়োজন নাই, প্ৰয়োজন নাই কোনো আত্যাধুনিক ঘৰ-চৌহদৰ ৷ ভগৱান নিৰাকাৰ ৷ আকাৰ থাকিলেহে ভগৱানক বৈষয়িক ইম্পাটৰ প্ৰয়োজন; যাৰ আকাৰেই নাই তেওঁক কি বস্তুৰ প্ৰয়োজন ? সেয়ে সাধাৰণ মানুহক ধৰ্মভীৰু কৰি ব্ৰাহ্মণ কুলে ভগৱানৰ আকাৰ সৃষ্টিৰে মানুহ আৰু দেশক শোষণ কৰি আহিছে ৷ ভগৱানৰ নামত বিগ্ৰহৰ মন্দিৰ নিৰ্মাণৰে নিজৰ জীৱিকাৰ পথ সুগম কৰি ৰাখিছে ৷ ভগৱানৰ নামত ভয় আৰু ভক্তি জগাই অৰ্থনৈতিক শোষণ কৰাই ব্ৰাহ্মণৰ ধৰ্ম ৷

মন্দিৰে দান হিচাপে পোৱা সমষ্ট ধন ভগৱানৰ ভৰালৰ বিপৰীতে ব্ৰাহ্মণৰ ভৰালত জমা হ'য় ৷ যি মন্দিৰত আপোনাৰ উন্নতিৰ হকে ব্ৰাহ্মণে ভগৱানৰ ওচৰত উকালতি কৰে সেই ব্ৰাহ্মণৰ পুত্ৰ-জীয়ে আপোনক ৰাষ্ট্ৰৰ ভিতৰত নিয়ন্ত্ৰণ কৰে ৷ ইমানেই নহ'য়, আপোনাৰ স্বাধীনতাকো তেওঁলোকে নিয়ন্ত্ৰণ কৰে ৷ আপুনি আপোনাৰ উন্নতিৰ কাৰণে ভগৱানক সেৱা-সৎকাৰৰ উপৰিও পৃথকৈ ধন দান কৰে ৷ সেই একেই দান ব্ৰাহ্মণে লৈ নিজে পূণ্য আৰ্জে ৷ ব্ৰাহ্মণ আৰু মোৰ-আপোনাৰ পাৰ্থক্য সেইখিনিতেই যে আপুনি কষ্ট কৰি উপাৰ্জন কৰে আৰু ব্ৰাহ্মণে চতুৰামিৰে উপাৰ্জন কৰে ৷

দেশৰ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত কৌঢ়ৰপতি হোৱা মন্দিৰসমূহে কিমান ধন সাহাৰ্য্য হিচাপে আগবঢ়ায়? কৌঢ়ৰপতি মন্দিৰে কোনটো বছৰে নিজৰ উপাৰ্জন কৰ চৰকাৰক আদায় দিছে ? ইমান দূৰলৈ যাব প্ৰয়োজন নাই ৷ মন্দিৰৰ কাষতে ভিক্ষা বৃত্তিত জৰিত লোকক মন্দিৰে এজোৰ ভাল কাপোৰ, এসাজ ভাল খাদ্য দিয়ে নে ? বৰঞ্চ ভিক্ষাৰীক সেই মন্দিৰত অৱৰ্জনা বুলি, নীচ বুলি প্ৰৱেশেই কৰিব নিদিয়ে ৷ খাদ্য, কাপোৰ আৰু সংস্থাপন দিয়া দূৰৰ কথা ৷

মন্দিৰ আস্থাৰ প্ৰতিক ! যি দেশত ন্যায় আৰু বিচাৰ ব্যৱস্থা আছে, যি দেশত শক্তিশালী নিৰপেক্ষ সংবিধান আছে সেই দেশত মন্দিৰ কেনেকৈ আস্থাৰ প্ৰতিক হ'ল ? মন্দিৰেই যদি সকলো আস্থা, আশা-আকংশা পূৰণৰ শেষ সৌধ হ'য় তেন্তে কৰ্ট-কাচাৰী, সংবিধান কিয় প্ৰয়োজন হ'ল ? দেশৰ দৰিদ্ৰতা মন্দিৰে কিয় দূৰীকৰণ কৰিব পৰা নাই ? তন্ত্ৰ-মন্ত্ৰতেই যদি ৰোগীক চিকিৎসা কৰিব পৰা শক্তি থাকে তেন্তে দেশৰ অধিকাংশ ব্ৰাহ্মণেই কিয় চিকিৎসালয় স্থাপন কৰিছে ?

মন্দিৰ শোষণৰ প্ৰতিক; ব্ৰাহ্মণ ইয়াৰ পালক ৷ ইংৰাজৰ পৰা দেশ স্বাধীন হ'ল ঠিকেই কিন্তু শাসনযন্ত্ৰ সেই বিদেশী ব্ৰাহ্মণৰ হাতৰ মুঠিতেই থাকিল ৷ সেয়েহে বিষ্ণুৰাভাই চিঞৰি উঠিছিল, "ইয়ে আজাদি ঝুঠা হ্যে"…

হিন্দত্ববাদী গোড়ামীৰ প্ৰকোপ দেশত ইমানেই বাঢ়িল যে দেশৰ সংবিধানকেই সলনি কৰা ভাবুকি ধৰ্ম গোড়ামী স্বয়ম ব্ৰাহ্মণেই দিব ধৰিলে ? অৰ্থাৎ ব্ৰহ্মণক সম্পূৰ্ণ একচেতিয়া একনায়কত্ব লাগে ৷ শৃংখলা আৰু নিয়মানুবৰ্তিতাৰে পৰাধীন নাগৰিকৰ ওপৰত ইংৰাজে নিজৰ উপনিৱেশ অপশাসন চলাইছিল ঠিক তেনে ঢংতেই আজি ব্ৰাহ্মণে দেশত মন্দিৰৰ পৰা প্ৰধানমন্ত্ৰি পদলৈকে চলাই যাব ধৰিছে ৷

দেশত বৰ্ণভেদ আৰু জাতি প্ৰথাৰ জনক বিদেশী ব্ৰাহ্মণেই আছিল ৷ আজিও লাখ লাখ মন্দিৰত বৰ্ণবাদ আৰু জাতি প্ৰথাৰ আখৰা, অনুশীলন চলাই থকা হ'য় ৷ হিন্দুৰ নামত ধৰ্মীয় অসহনশীলতাৰ আদিপাঠ শিকোৱা হ'য় ৷ ধৰ্ম ৰক্ষা কৰিবলৈ অস্ত্ৰ-শস্ত্ৰৰ চালনাৰ সুনিপুন কৌশল শিকোৱা হ'য় ৷ এটা মন কৰিব যে সতীদাহ প্ৰথাৰ সৃষ্টিৰ জনক এই ব্ৰাহ্মণেই আছিল ৷ ইংৰাজে এই কু-প্ৰথা নিষিদ্ধ কৰাত ব্ৰাহ্মণ সমাজে ইয়াৰ ঘোৰ বিৰুধ কৰিছিল ৷

সৌ সিদিনা ধৰ্মৰ ঠিকা লোৱা ব্ৰাহ্মণ স্বামীবোৰেই ভগৱানৰ গুণ-গৰিমাৰে নিজ নিজ আশ্ৰমৰ ভিতৰত বেশ্যালয় খোলা, মন্দিৰত নাৰী ধৰ্ষণ কৰা কাণ্ডৰে দেশৰ সকলো সন্মান, গৰিমাত কালিমা সানিলে ৷ নিজৰ দেশৰ প্ৰতি কিঞ্চিৎ শ্ৰদ্ধা থাকিলে কোনো লোকেই ধৰ্মৰ নামত দেশৰ সন্মান, নাৰীক মন্দিৰৰ ভিতৰত ধৰ্ষণৰ দৰে নিলৰ্জ কাণ্ড সংঘটিত নকৰে ৷ এই কাম একমাত্ৰ বিদেশী ব্ৰাহ্মণেহে কৰিব পাৰে ৷ দেশত ধৰ্ষণৰ বিৰুদ্ধেহে আইন প্ৰস্তোত আছে, ধৰ্ষণকাৰী ব্ৰাহ্মণৰ বাবে কঠোৰ হাস্তি আইনলৈ পৰিণত হ'বলৈ এতিয়াও বাকি ৷ সেয়ে আশাৰামৰ দৰে ধৰ্ষণকাৰী ব্ৰাহ্মণে জেলৰ ভিতৰতো প্ৰথম শ্ৰেণীৰ সুবিধাৰে বন্দী জীৱন অতিবাহিত কৰিব পাৰিছে ৷

পুনঃ দুহাৰিছো, দেশত কৌঢ়পতি মন্দিৰসমূহক শীঘ্ৰে ৰাষ্ট্ৰীয় সম্পদ ঘোষণা কৰক ৷ বেনামী সংগঠনৰ দ্বাৰা পৰিচালিত মন্দিৰৰ সম্পত্তিক চৰকাৰে বাজেপ্ৰাপ্ত কৰক ৷ এখন শক্তিশালী নিৰপেক্ষ সংবিধানৰ উপস্থিতিত দেশত মন্দিৰৰ কোনো ভুমিকা নাই যেতিয়া জনতা আৰু ৰাষ্ট্ৰৰ হিতে কোনো আৱদান নাই ৷ সমতা অধিকাৰ থকা দেশত একাংশই অন্ধবিশ্বাসক আস্থাৰ খেল খেলি মন্দিৰ নামৰ মাধ্যমৰে শোষণ আৰু লুণ্ঠন চলোৱা কাৰোবাৰ নিষিদ্ধ ঘোষনা কৰিবৰ হ'ল ৷

কোনো ব্ৰাহ্মণেই আজিলৈকে ধৰ্মশাস্ত্ৰৰ ভিতৰুৱা সাৰ-মৰ্ম ব্যাখ্যা নকৰে ৷ কোনো বেদৰে আদি-অথন্তৰ জ্ঞান বিলাই নুফুৰে ৷ নহলে ধৰ্মৰ ইমান বৃহৎ ব্যৱসায় নিয়াৰিকৈ চলাই নিয়াৰ কি লাভ, য'ত মুনাফা নাথাকে ? যদি ব্ৰাহ্মণে প্ৰযোজন বুলি ভাৱে তেন্তে আপোনাক খুব বেছি উপনিষদ আৰু পূৰাণসমূহৰ ৰসাল কাহিনীৰ বিষয়ে কিছু কিছু অংশৰ বিষয়ে জনায় ৷

ভাৰত ইয়াৰ মুলনিবাসী লোকৰে নিজৰ ভুমিৰ মালিকিস্বত্বত জীয়াই থকা অধিকাৰ নিয়ন্ত্ৰণ আজি ব্ৰাহ্মণৰ হাতত আবদ্ধ ৷ দেশত ধৰ্মৰ নামত লাখ লাখ মন্দিৰ স্থাপন কৰা হৈছে ৷ সেই অনুপাতে বিশ্বঃবিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, বিজ্ঞানকেন্দ্ৰ, ক্ৰীড়া উত্তৰণ কেন্দ্ৰ, কৃষি গৱেষণাগাৰ কেন্দ্ৰ ইত্যাদি ভৱাধৰণে স্থাপন হোৱা নাই ৷ ধৰ্মৰ গোড়ামীতাৰ উত্থানৰ বিপৰীতে শিক্ষাৰ প্ৰসাৰ, আকাৰ সংকুচিত কৰি অনা হৈছে ৷ এই সকলোবোৰ কথা গুৰুত্বসহকাৰে নললে এদিন ব্ৰাহ্মণ শাসকে সংবিধান সলনি কৰি আমাক সম্পূৰ্ণৰূপে গোলামত যে পৰিণত নকৰিব, তাত অকনো সন্দেহ নাই ৷ 

No comments:

Post a Comment

Thank you.