স্বাধীনতা হেৰুৱা বহাগ !


কবিতা, থাইগিৰ বড়োছাঃ



ঋতুটোক এটা বদনাম কৰিব বিচৰা হৈছে,
প্ৰকৃতিৰ পৰা জব্দ কৰিব বিচৰা হৈছে প্ৰাচীন সত্যক ৷ ঋতু উদযাপন কৰা সভ্যবোৰে বহু কিছু আজুৰি লৈছে প্ৰকৃতিৰ আমোঘ বন্ধন নেউচি নেউচি…

ঋতুৰ ঠিকনা, ব'হাগৰ চিৰসেউজ স্বাধীনতা কৃত্ৰিমতাৰ ভড়ালত বন্দী, য'ত কুলি-কেতেকীয়ে ভাবুক, মূৰ্চনাত ধাৰাসায়ী ৰজনীগন্ধা-মালতী ৷ ব'হাগত অমীয় মাত বিলাবলৈ বহু কিছুয়েই নাই, নাই ফুল-বিৰিখৰ সুগন্ধি ! 

এদিন এদিনকৈ পৃথিৱীৰ সমস্ত মানুহবোৰ শেষ হৈ কেৱল চাৰিঠেঙীয়া জন্তুবোৰ থাকিলেও ব'হাগ থাকিব, থাকিব ব'হাগৰ কোমলতাবোৰে পৰাধীনতাৰ শিকলি চিঙি ওলাই আহিব… 

ব'হাগ কেৱল এখন কেলণ্ডাৰৰ প্ৰথম আৰু শেষ তথ্যগত বিষয় নহ'য়, যিয়ে ব'হাগৰ ঠিকনাক শেষ বুলিবলৈ নাথাকে ৷ অহৰহ্ পুনঃআবৃতি চলি থাকে প্ৰকৃতিৰ বুকুত ৷

আপুনি মানুহ হে ! আপুনিও গতানুগতিক, ব'হাগও গতানুগতিক ৷ হলেও, আপোনাৰ দুৰ্ভাৱনাবোৰ ব'হাগতকৈ নিৰস নিস্তেজ য'ত আপুনি ব'হাগতকৈ অগতানুগতিক আচৰণ কৰে, নিজক কলংকৰ মহানায়কৰ দৰে কল্পনা কৰে ৷ অত্যাচৰ কৰে ব'হাগ…

কোনে কৈছে ব'হাগ ঋতু নহ'য় বুলি ! ঋতু নহ'লে বহাগ আৰু আপোনাৰ মাজত পাৰ্থক্য ক'ত ?
সময়ক আপুনিয়েই খেদি খেদি ঋতুবোৰৰ স্বাভাৱিক স্বাধীনতাবোৰ জব্দ কৰিছা, তাৰ পাছত ব'হাগ আৰু সময়ক বদনামৰ সাগৰত পেলাই তুমি লাইভৰ ৰোমাঞ্চ লৈছা মানুহৰ স্বভাৱগত ঢঙৰে ৷

ব'হাগ তোমাৰ প্ৰিয়ে নহ'য়, ব'হাগ এই প্ৰকৃতিৰ এক লীলা, নিজেই নিজৰ সৃষ্টিত বিভোৰ, আত্মহাৰা এক প্ৰাচীন স্বভাৱত ৷ যাৰ স্বভাৱক লৈ মানুহৰ কুটিল অহংকাৰ ৷ 

এদিন মানুহ শেষ হ'ব ৷ প্ৰকৃতিৰ খেয়াল মতেই ব'হাগ ইয়াৰ জীৱন্ত সাক্ষী হৈ থাকিব ৷ মানুহক লৈ কোনেও চিন্তিত নহ'ব যিমান ব'হাগক লৈ চিন্তিত হ'ব প্ৰকৃতি ৷ নিশাহত অক্সিজেন কেৱল মানুহে নল'য়…

এদিন ব'হাগে নিজৰ স্বাধীনতা ঘুৰাই পাব ৷ খিলখিলকৈ হাঁহিব বিৰিখবোৰে, ৰঙা হৈ ফুলিব ধৰিত্ৰী…  
বিৰহৰ পক্ষীয়ে নিজক পাহৰি ব'হাগক লৈ আত্মহাৰ হ'ব, পুনঃ ব'হাগক লৈ ধৰিত্ৰিয়ে প্ৰকৃতিৰ ঢঙৰে উদযাপন কৰিব এক বসন্ত উৎসৱ ৷৷
                                      দিনাংক- ১৫ এপ্ৰিল ১৮

No comments:

Post a Comment

Thank you.