চাৰিকুৰি স্বাধীনতা !


   কবিতাঃ  থাইগিৰ বড়োচা
   দিনাংকঃ ৭ এপ্ৰিল ১৮

মই
জন-গণ-মন গায় আছো,
গায় গায় স্বাধীনতাৰ চৌৰাশীৰ সীমা চুলে

চৌৰাশী বছৰত এজনী ধৰ্ষিতাই
তিনিটা প্ৰজন্ম পালে ৷৷

সেই কঁচাইখানাত
স্বাধীনতাৰ অনেক পাছতো,

ছাগলী কিম্বা গৰুৰ আত্মাবোৰ
আজিও জাতকৰ নলগা কাহিনিত ওলমি ৰয় ৷৷

প্ৰগতিশীল পুৰুষবোৰ
স্বাধীনতা গচকি গচকি,

ষোড়শী নাৰীৰে যৌনাংগৰ মালা পিন্ধে
সতসুৰুজৰ ৰৌদ্ৰ ভেদি ৷৷

ধৰ্মবাদত বিশ্বাসী
শতিকাৰ শেষৰ স্বাধীনতা,

তিৰাশী কোটি চেতনাহীন প্ৰাপ্তবয়স্ক
জুই আৰু চিতাৰ ঠিকনাত আজি বিভ্ৰান্ত ৷৷