উপেক্ষিত ভুমিপুত্ৰই নিজৰ অধিকাৰ আজুৰি লওকঃ


ৰাজ্যখনত থকা মুঠ জনসংখ্যাৰ প্ৰায় ১২•৫ শতাংশ লোক জনজাতীয় লোক ৷ অনাদি কালৰে পৰা বসবাস কৰা জনজাতিসকলৰ প্ৰতি চৰকাৰ কিম্বা প্ৰশাসনে যিমান যত্ন আৰু সচেতনতা অৱলম্বন কৰিব লাগিছিল তেনে পদক্ষেপ অসমৰ কোনো চৰকাৰেই লোৱা দেখা নগ'ল ৷ হ'য়টো লোৱাৰ সম্ভৱনা একেবাৰেই নাই ৷ লোৱাহেঁতেন হ'য়টো আজিৰ অসমত ভাগে ভাগে জনজাতীয় সমস্যাৰ আন্দোলনসমূহ উদ্ভৱৰ সম্ভৱনাই নাছিল ৷ যাৰ পৰিপেক্ষিতত অসমত ১০ শতাংশ প্ৰতিবাদ কম হোৱাৰ লগতে প্ৰশাসনৰ কাম-কাজসমূহে নিদিষ্ট গতিত নিয়াৰিকৈ চলিল হ'য় ৷ পূৰ্বৰ পোন্ধৰ বছৰীয়া কংগ্ৰেছ আমোলৰ চৰকাৰে বহু জনজাতীয় আন্দোলনক নিজ হাতে গঢ় দিছিল ৷ এই আন্দোলনৰ যোগেদি ৰাজ্যখনৰ জনজাতীয় সমস্যাসমূহক পৰ্যায়মানে ৰাজনৈতিক অস্ত্ৰ তথা নিৰ্বাচনৰ টোপ হিচাপে ব্যৱহাৰ কৰিব ধৰিলে ৷ বিশেষকৈ মহন্ত চৰকাৰৰ পাছতে জনজাতিসকলক পৃথকে পৃথকে স্বয়াত্বতা দিয়াৰ নামত একাংশ লোভী জনজাতীয় নেতাৰে মিলি কংগ্ৰেছৰ আমোলৰ প্ৰায়ভাগ মন্ত্ৰি-আমোলাই লাখ কোটিৰ ঘৰত ৰাজভঁৰালৰ ধন তহিলংত হাত দিলে ৷ এক কথাত তেতিয়াৰ অসম চকাৰৰ ৰাজনৈতিক নেতাসকলে প্ৰশাসনীয় সুৰক্ষাৰে জনজাতীয় শ্বয়াত্ব শাসিত পৰিষদসমূহক ধন ঘটাৰ খিৰতী গাইত পৰিণত কৰালে ৷ উত্তৰ-কাছাৰ পাৰ্বত্য জিলাৰ হাজাৰ কোটি টকীয়া কেলেংকাৰী তাৰেই উদাহৰণ আছিল ৷ জনজাতিৰ শোষক সেই মহা দুৰ্নীতিৰ নায়কসকলে আজিও বিচাৰৰ কাঠগড়াত আহা নাই ৷

বৃটিছ আগমনৰ বহু পূৰ্বেই সম্পূৰ্ণকৈ নিজৰ সকলো জন্মগত চৰিত্ৰ হেৰুৱাই আৰ্য্য সমাজ অৰ্থাৎ উচ্চ বৰ্ণসামজৰ শ্ৰেণীভুক্ত হৈ বৃহত্তৰ অসমীয়া জাতি গঠনত নামি পৰা বহু ক্ষুদ্ৰ গোষ্ঠী সত্তাই এতিয়া পুনঃ জনজাতিকৰণৰ বিচৰা দাবীত ৰাজ্যখনৰ পৰিবেশ উত্তাল ৷ জনজাতি পৰিচয় বিচাৰি পুনৰ আদিম সত্তালৈ আহিবলৈ উদ্বাউল লগাই কি স্বাৰ্থ পূৰণ কৰিব বিচাৰিছে সেয়া তেওঁলোকৰেই সমাজৰ সাধাৰণ লোকে কথাবোৰ নাজানে ৷ উচ্চবৰ্ণৰ শ্ৰেণীভুক্ত হোৱাৰ পাছত জনজাতিৰ চৰিত্ৰ পুনুৰুদ্ধাৰ কাৰ্যই অকল হাঁহিৰ খুৰাকেই যুগুৱা নাই বৰং তেওঁলোকেই নিজৰ উচ্চ সমাজক ইতিংকিৰে স্হানচ্যুত কৰিছে ৷ যি স্হানচ্যুতক ভাৰতৰ সংবিধানে ঠাই বা স্বকৃতি দিয়াৰ কোনো বাস্তৱ উপায় নাই ৷ বিগত বছৰবোৰত জনজাতিকৰণৰ দাবীত কৰি অহা যুক্তিবোৰৰ মৌলিকতা একেবাৰেই ভিত্তিহীন ৷ এটা সময়ত উচ্চ বৰ্ণৰ শ্ৰেণীভুক্তৰে বৰ্তমানৰ জনজাতিসকলৰ ভাগ্যনিয়ন্ত্ৰা হৈ পৰা সকলে ভালদৰে জনা উচিত যে বিমলা প্ৰসাদ চলিহা, হিতেশ্বৰ শইকীয়া আদি অতি অসমীয়া বিচক্ষণ ৰাজনীতিক, কূটনৈতিক মন্ত্ৰিয়ে নিজৰ নিজৰ শাসনকালতে গাদি ৰক্ষা কৰিবলৈ পূৰ্ব বংগৰ অবৈধ ধৰ্মীয় সম্প্ৰদায়ক জনজাতীয় আৱেষ্টিনীয় অঞ্চলসূহ বলপূৰ্বক সংস্হাপন কৰিছিল ৷ যাৰ ফলস্বৰূপে আজি সেই ধৰ্মীয় সম্প্ৰদায়ে অসমৰ ৰাজনৈতিক ক্ষেত্ৰত কিংমেকাৰ ভুমিকা লৈছে ৷ তেতিয়া ত তেওঁলেকে কেতিয়াও অসমৰ জাতি-ভেটি-মাটি অ-সুৰক্ষিত বুলি ভৱা নাছিল ৷ এতিয়া ধৰ্মীয় সম্প্ৰদায়ে খিলঞ্জীয়াৰ অস্তিত্ব বিপদাপন্ন কৰাৰ অজুহাতত তেওঁলোকে জনজাতিকৰণৰ দাবী উত্থাপন কৰা যুক্তি ক'ত? বৰ্তমানেও তেওঁলোক উচ্চ বৰ্ণৰ অসমীয়া হৈ তেওঁলোকৰ হাততেই অসমৰ ৰাজনৈতিক ক্ষমতা ন্যস্ত হৈ আছে ৷ তেন্তে খিলঞ্জীয়াৰ অস্তিত্ব বিপদাপন্নৰ অজুহাতত জনজাতিকৰণৰ দাবী কিয়? ৰাজ্যৰ ৮০ শতাংশ ৰাজনৈতিক আসন, ৯৫ শতাংশ প্ৰশাসনীয় ব্যৱস্হাত তেওঁলোকৰেই মানুহ ৷ তেন্তে নিজক সুৰক্ষিত কৰিবলৈ জনজাতিকৰণৰ দাবী প্ৰয়োজন হোৱাটো অলপ চিন্তাৰ কাৰণ…৷ 

সনাতন ধৰ্মৰ দীক্ষাৰে হিন্দুত্ব দৰ্শনক আকোৱালি লোৱা অসমীয়া উচ্চ বৰ্ণৰ ৰাজনৈতিক নেতাই অসম শাসন কৰাৰ চলৰে এই ভুমিৰ জনজাতিসকলৰ অস্তিত্ব একেবাৰে সংকটৰ মাজলৈ কেতিয়াবাই ঠেলি দিলে ৷ আজিৰ ভুমিপুত্ৰ জনজাতিয়ে এটুকুৰা স্হায়ী বসতি, এমুঠি অন্ন, সাংবিধানিক অধিকাৰৰ প্ৰাপ্তিৰ  লগতে ন্যায় পাবলৈ ৰাজপথত নামি চিঞৰিব লগা হৈছে ৷ দেখ দেখকৈ চৰকাৰী ব্যৱস্হাটোয়ে জনজাতিৰ উন্নয়নৰ প্ৰতি পিঠি দিয়াত হাজাৰ হাজাৰ জনজাতীয় যুৱক-যুৱতী আজি কৰ্মহীন ৷ চৰকাৰী চাকৰি জনজাতীয় যুৱকৰ বাবে দুস্প্ৰাপ্য ৷ ৰাজ্যখনত উপযুক্ত সুবিধা অবিহনে কৃষি ক্ষেত্ৰতো সফলতা বিপৰিতে বিফলতাই বেছি ৷ দেশীয় বজাৰৰ লগত ফেৰ মাৰিব পৰাকৈ থলুৱা উৎপাদন সংৰক্ষণৰ যথোচিত ব্যৱস্হা নাই ৰাজ্যত ৷ ফলত জনজাতীয় যুৱকে কৃষি উন্নয়নতো লাভ নেদেখি সূদুৰ দক্ষিণ ভাৰতলৈ ঢাপলি মেলিছে নিজৰ নিজৰ দুবেলা দুমুঠি ভাত মুকলাবলৈ ৷ অথচ চৰকাৰখনে প্ৰতিজন নাগৰিকক উপযুক্ত কৰ্ম সংস্হাপন দিয়াৰ প্ৰাথমিক দায়িত্ব ভিতৰত পৰে ৷ যদি ৰাষ্ট্ৰৰ সংবিধানিক স্বীকৃতি অনুষ্ঠানেই নাগৰিকৰ দায়িত্ব লোৱাত বিফল, সেই দেশত কেনেদৰে ৰাষ্ট্ৰৰ প্ৰতি নাগৰিকে দায়িত্ব আৰু কৰ্তব্য পালন কৰিব?

এই দশকটোত ৰাজ্যখনত জনজাতিসকলক স্বয়ং চৰকাৰৰ দৰে শক্তিশালী অনুষ্ঠানেই সাৰ্বাধিক উচ্ছেদৰে উৎপীৰণ চলাব ধৰিছে ৷ প্ৰভুত্ব মনসিকতৰে তথাকথিত জাতীয়তাবাদী শোষণবাদ চৰিত্ৰ অক্ষুন্ন ৰাখিবলৈ বন সংৰক্ষণৰ নামত বাৰে বাৰে সহজ-সৰল জানজাতি মানুহক টাৰ্গেত কৰি এফালৰ পৰা বলপূৰ্বক জনজাতি চাফাই অভিযানত নামি পৰিছে চৰকাৰ ৷ জনজাতীয় মানুহক মানসিক, শাৰিৰীক উৎপীৰণে উৎখাত কৰাৰ পাছতো চৰকাৰৰ মন ভৰা নাই, জনজাতীয় অঞ্চলৰ পৰাই হাজাৰ হাজাৰ বিঘা কৃষি উৰ্বৰ মাটি কৰ্পৰেট চেক্টৰক বিনা পইচাত চমজাই দিছে ৷ ভুমি অধিগ্ৰহণৰ দৰে ব্যৱস্হাৰ নামত কেৱল ভুমিপুত্ৰ জনজাতীয় অঞ্চলত উন্নয়নৰ সপোন দেখুৱাই মাটি হস্তগতত নামিছে, যাতে ভুমিপুত্ৰ জনজাতিয়ে চিৰকাললৈ এই মাটিৰ পৰা পৰিচয় হেৰুৱাব লগা হ'য় ৷ চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে বিকাশ আৰু উন্নয়নৰ বাবেই চৰকাৰে মাটি অধিগ্ৰহণ আৰু ঠাই বিশেষে নিজৰ মাটিৰ পৰা জনজাতীয় মানুহক উচ্ছেদ কৰা হৈছে ৷ কিন্তু জমিদাৰী নীতিৰে বৃহৎ হাৰত চৰকাৰী ভুমি বেদখল কৰি ৰখা চাহ কোম্পানীৰ কাণ্ড দেখা পোৱা নাই চৰকাৰে ৷ কাৰণ জনজাতীয় লোকে অসমীয়া বৰ্ণ সমাজৰ চৰকাৰ সমূহক নিৰ্বাচনত প্ৰয়োজন হোৱা গধুৰ পৰিমাণৰ ধন যোগান ধৰিব নোৱাৰে ৷ চাহ কোম্পানীৰে থকা চৰকাৰৰ অংশীদাৰী নেতাসৱৰ অবৈধ বৃহৎ ধনৰ লেন-দেনে চলি থকা বাবে চাহ কোম্পানীয়ে চৰকাৰী মাটি বেদখল কৰি ৰখা কাথাবোৰ উৰ্দ্ধতন কৰ্তৃপক্ষই দেখা নাপায় ৷ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এয়ে যে এই ভুমিৰ পৰা জনজাতীয় সমাজ, জনজাতীয় মানুহক সম্পূৰ্ণ উৎখাত কৰিব পাৰিলেই অসমীয়া বৰ্ণবাদী শোষকৰ সম্পদ ভোগ আৰু ক্ষমতা চিৰাললৈ সুৰক্ষিত হ'ব ৷ যিহেতু তেওঁলোকৰ এই ভুমিত ভুমিস্বত্ব আৰু শাসনকেন্দ্ৰিক ক্ষমতা ভোগ কৰি থকাটো বিধিগত নোহোৱাৰ লগতে ঐতিহাসিক দৃষ্টিকোণৰ পৰা অধিকাৰ বঞ্চিত… ৷

অসমৰ দৰে ৰাজ্যখনত আজিও এক শ্ৰেণীয়ে শাসনৰ প্ৰভুত্ববাদ নিয়াৰিকৈ চলাই আছে ৷ ৰাজ্যখনৰ সম্পদ, ক্ষমতা সকলো তেওঁলোকৰ স্বাৰ্থৰ হকে সুৰক্ষিত মাধ্যমত নিবলৈ চেষ্টাৰ ত্ৰুতি এৰা নাই ৷ এই ব্যৱস্হাটো অৰ্থাৎ অসমীয়া বৰ্ণবাদী শোষকৰ সম্পদ ভোগ আৰু ক্ষমতাসৰ্বোচ্চ ব্যৱস্হাটো একেবাৰে সফল ৰূপ দিব পাৰিব তেতিয়াই, যেতিয়া এই মাটিৰ আদিম বাসিন্দাক সম্পূৰ্ণ নিৰ্মূল কৰিব পাৰিব ৷ সহজ কথাত কবলৈ হ'লে ঐতিহাসিক আৰু সাংবিধানিক ভুমিৰ মালিক সকলক নিঃশেষ কৰিব পাৰিলেই তেওঁলোকৰ সকলো চৰিতাৰ্থ পূৰণ হ'ব ৷ সেয়েহে এই বৰ্ণবাদত বিশ্বাসী আৰ্য্য শাসক শ্ৰেণীয়ে বৰ্তমান আটাইতকৈ সুক্ষ্ম আৰু নিপুন কৌশল "গণতন্ত্ৰ"ক মূলমন্ত্ৰক হাথিয়াৰ কৰি লৈছে ৷ এইটো মন কৰিব লগীয়া যে ড° ভীমৰাও আম্বেদকাৰৰ দৰে পিছপৰা শ্ৰেণীৰ এজন দূৰদৰ্শী বিদ্বান পুৰুষৰ হাতত ভাৰতবৰ্ষৰ সংবিধান ৰচনা নোহোৱা হলে আজিৰ ভুমিপুত্ৰ অৰ্থাৎ পিছপৰা আদিম জাতিসূহৰ অস্তিত্ব কাহানিবাই এই ভাৰতত লোপ পালে হ'য় ৷ এই ব্যৱস্হা চাবলৈ বেছি অতিত খুচৰিবলৈ প্ৰয়োজন নাই ৷ আজিৰ ভাৰতবৰ্ষৰ সাংবিধানিক আৰু ৰাজনৈতিক ব্যৱস্হাত থকা পদবীৰ নিয়ুক্তি ব্যৱস্হাটোয়ে জনজাতি আৰু পিছপৰা মানুহৰ অধিকাৰক কেনেদৰে মষিমূৰ কৰিব লাগে সেয়া তেওঁলোকে ইতিমধ্যে প্ৰমাণ কৰি দেখুৱাইছে ৷ নহ'লে এই ভাৰতত কোনো ৰাজনৈতিক দলেই ইতিহাস ৰচি বিৰুধী শূণ্য কৰিবলৈ প্ৰাণ ঢালি কাম নকৰে ৷ বিৰুধী শূণ্য হলেই ভাৰতীয় সংবিধান নিশ্চিত ৰূপত কাৰোবাৰ ব্যক্তিগত স্বাৰ্থত প্ৰয়োগ অৱশ্যম্ভাৱী ৷ তেতিয়া অধিকাৰ আৰু ন্যায় কথাটো নিজৰ ইচ্ছাত বৰ্ণবাদী শাসক সমাজে নিৰ্ণয় কৰিব ৷

বৰ্ণবাদী শাসক-শোষকে জনজাতীয় লোকৰ বিৰুদ্ধে কৰি থকা চতুৰ কৌশলবোৰ অসমৰ জনজাতিয়ে অতি সচেতনাৰে নিৰীক্ষণৰ লগতে প্ৰতিহত কৰিব পৰা ব্যৱস্হা কৰিবৰ প্ৰয়োজন হ'ল ৷ প্ৰশাসনিক কিম্বা ৰাজনৈতিক সকলোতে জনজাতিৰ স্হান হেৰুৱাৰ দৰে ব্যৱস্হা আৰু বিধিসমূহ ক্ৰমান্বয়ে হেৰুৱাৰ উপক্ৰম ঘটিছে ৷ এই কথাবোৰ প্ৰতিটো জনজাতিয়ে সুষ্ট বিচাৰ-বিবেচনাৰে কাৰ্যব্যৱস্হা নললে প্ৰতিৰোধ কৰা অসম্ভৱপ্ৰায় ৷ আমাৰ অধিকাৰ সমূহক কাঢ়ি লবলৈ তেওঁলোকে সৰ্বদা সতৰ্ক কৌশলী নীতি প্ৰয়োগৰ হীন-দেৰিৰ ত্ৰুতি এৰা নাই ৷ তেওঁলোকে শীতল নীতিৰে জনজাতিৰ সকলো বিধিগত ব্যৱস্হাক গিলিবলৈ সাজু হোৱাৰ পাছতো যদি অসমৰ জনজাতিসকলে নিজৰ পৰম্পৰাগত চৰিত্ৰে আত্মকেন্দ্ৰিক হৈ হাত সাৱতি বহি থাকে তেন্তে জনজাতিসকলক ৰক্ষা কৰিবলৈ কোনো আগবাঢ়ি অহাৰ আশা একেবাৰেই নাই ৷ সেয়ে জনজাতিৰ অধিকাৰক সবল ৰূপত প্ৰতিষ্ঠা কৰা আৰু ভাৰতীয় সংবিধানক সুৰক্ষিত স্হানত ৰাখিবলৈ প্ৰতিজন ভুমিপুত্ৰ জনজাতিয়েই অধিক সচেতনশীল, ৰাজনৈতিক বিচক্ষণতা, নিপুনতাৰ লগতে দূৰদৰ্শী আৰু নিজৰ অধিকাৰৰ পক্ষত সজোৰ-সবল প্ৰতিবাদী কণ্ঠৰ দৃঢ়তা অখুন্ন ৰাখিব লাগিব ৷

জনজাতীয় সমাজখনত উন্নত আৰু গুণগত শিক্ষাৰ প্ৰসাৰ ঘটাই অন্ধবিশ্বাস আৰু অস্ত্ৰমুক্ত কৰি গঢ়ি তোলা প্ৰয়োজন ৷ আটাইতকৈ ডাঙৰ কথা যে অসমৰ ভৈয়াম প্ৰতিটো ভুমিপুত্ৰ জনজাতিয়ে সকলো বিভেদ পৰিত্যাগ কৰি একতিত্ৰ হৈ ইজনে সিজনৰ কান্ধত কান্ধ মিলাই নিজৰ অধিকাৰ প্ৰতিষ্ঠা কৰা সময় এয়া ৷ অন্যথা বৰ্ণবাদী শোষক শাসকৰ গোলাম হোৱাৰ বাহিৰে গত্যন্তৰ নাই ৷ এই নতুন বছৰতেই জনজাতীয় আত্মৰক্ষাৰ সংগ্ৰামে ঐক্যবদ্ধ ৰূপত প্ৰতিষ্ঠা হওঁক…