বড়োসকলে কৃষি বিপ্লৱৰ সূচনা কৰকঃ

বড়োসকলে নিজৰ অস্তিত্ব আৰু আত্মৰক্ষাৰ স্বাৰ্থত কৰি থকা সংগ্ৰামখন এদিন যে সফলতা নাপাব তাত কোনো মানে নাই ৷ কথা হ'ল এখন পৃথক বড়োৰাজ্য বা স্বাধীন বড়োলেণ্ডে নিজক প্ৰয়োজন হোৱা খাদ্য সামগ্ৰী কেনেকৈ পূৰণ কৰিব? নে ৰাজ্য গঠন হোৱাৰ পাছত ভাৰতীয় বজাৰ অৰ্থনীতিৰ পৰম্পৰা ৰক্ষা কৰি অন্য স্বাৱলম্বী ৰাজ্যৰ পৰা নিজৰ মানুহৰ দৈনিন্দন প্ৰয়োজনীয় খাদ্য বস্তু আমদানী কৰি থাকিব ? যদি ৰাজ্য গঠনৰ পাছতো বড়োসকলে নিজৰ প্ৰযোজনীয় কৃষিজাত খাদ্যসামগ্ৰী নিজে উৎপাদন কৰি জনসংখ্যাৰ অনুপাতে পূৰণ কৰিব নোৱাৰে তেন্তে সেই জাতিৰ শিক্ষা, বিজ্ঞান, অৰ্থনীতি, ৰাজনীতি, সামাজিক স্হিতি কেতিয়াও মজবুত নহ'য় ৷ ইয়াৰ উদাহৰণ স্বয়ং ভাৰতৰ পঞ্জাৱী জাতিটো ৷ নিজৰ বৈপ্লৱীক কৃষি উত্তৰণৰে আজি পঞ্জাৱী জাতিয়ে নিজকে অৰ্থনৈতিক ভাৱে সৱল কৰি দেশৰ সকলো দিশতে আগৰণুৱা জাতিত পৰিণত হৈছে ৷ তেওঁলোকৰ আগৰণুৱা জাতি গঠনৰ কেন্দ্ৰ বিন্দুয়েই হ'ল কৃষি ৷ য'ৰ পৰা জাতিটোৰ সমস্ত শক্তি সঞ্চালিত হ'য় ৷

হ'য়, আমি প্ৰথমে আমাৰ অধিকাৰ নিশ্চিত কৰা পাছতহে আমি আমাৰ উত্তৰণত যুৱ শক্তিক পৰিচালনা কৰিব পাৰিম ৷ এই ধাৰণাটো জনজাতীয় পৰিচয় থকা এটা জাতিৰ অবাঞ্চিত ধাৰণা বা যুক্তি ৷ কিয়নো আজি বড়োসকলৰ অবাল-বৃদ্ধ-বনিতাই নিজৰ ৰাজনৈতিক অধিকাৰ আৰু ভুমি অধিকাৰৰ বাবে কঠোৰতৰ পৰা কঠোৰতৰ শৃংখলিত গণতান্ত্ৰিক আন্দোলন কৰিবলৈ শক্তি আছে ঠিক তেনেকৈ কৃষি কাৰ্য্য কৰিবলৈ বড়োসকলৰ মাজত অনেক শক্তি সুপ্ত হৈ আছে ৷ ইতিহাসেও জানে বড়োসকলে কোনো দিন বন্য জীৱ জন্তু চিকাৰ কৰি ভক্ষণ কৰি অহা জাতি নহ'য় ৷ চিকাৰৰ পৰিৱৰ্তে বড়োসকলে শৃংখলিত কৃষি শস্য কৰি নিজৰ আহাৰ যোগান কৰিব জানিছিল ৷ নহ'লে বড়ো জাতিৰ পৰম্পৰাত কৃষি কৰ্ম কৰাৰ আগত নিজৰ ইশ্বৰ আৰু দেৱ-দেৱীক বৈচাগুত পূঁজা-পাৰ্ৱনে আৰধনা কৰা কৃষ্টি আজিও বিদ্যামান নাথাকিল হ'য় ৷

ঐতিহাসিক জাতি হিচাপে বড়োসকলে অসমত অসমীয়া শাসক শ্ৰেণীৰ পৰা দীৰ্ঘদিনীয়া শোষণ, বৈষম্য আৰু বঞ্চনা ভোগ কৰি আহিছে যদিও শোষক অসমীয়াক বড়োসকলেই নৃত্য, গীত আৰু খেল জগতত এক শক্তিশালী ভুমিকা খামুচি অসম আৰু অসমীয়াক অন্য এক পৰিচয় দিছে ৷ বড়োসকলৰ এই কষ্টৰ ফচল "অসমীয়া সন্তান" বুলি তেওঁলোকেই প্ৰভুত্বৰে আনক দেখুৱাব ধৰিছে ৷ অথচ বড়োসকল এটা জাতিলৈ স্বয়ং আপুনা-আপুনি গড় লৈ শক্তিশালী হৈছে সেই কথা তেওঁলোকে স্বীকাৰ কৰিবলৈ ভয়, শংকা আৰু দ্বিধাবোধ কৰে ৷ বড়োসকলৰ উত্তৰণৰ সকলো দিশক তেওঁলোকে নিজ পৰিচয়ৰে দমাব বা লুকুৱাৰ বিচাৰে ৷ এয়া তেওঁলোকৰ প্ৰভুত্ববাদী পৰম্পৰাগত চৰিত্ৰ ৷ কথা হ'ল অসমীয়াৰ এনে চক্ৰান্তত বড়োসকলে কিমান দিন ভৰি ৰাখিব? 

অসমৰ ৩ কোটি জনসংখ্যাৰ আধা অবৈধ বিদেশী ধৰ্মীয় পৰিচয় থকা লোক ৷ এই ধৰ্মীয় পৰিচয় লগা লোকৰ বাহিৰেও হিন্দু বঙালী, ৰাজবংশী, হাজং আদি লোক অসমৰ নামনিৰ জনজাতি আৱেষ্টনীকৃত সংৰক্ষিত ভুমিসমূহত লাহে লাহেকৈ বসতি স্হাপনৰে সংখ্যাগুৰু হৈ ভাৰতীয় সংবিধানীৰ ন্যায় আৰু অধিকাৰ বিচৰাৰ কৰ্তৃত্ব লাভ কৰা দাবীদাৰ হৈ পৰিল ৷ ই কেনেকৈ? অবৈধ বিদেশী প্ৰৱজনৰ এই সমগ্ৰ পৰিঘটনাত সম্পূৰ্ণ ৰাজনীতি নিহিত যদিও জনজাতীয় মানুহখিনিৰ কিছুমান সামাজিক চেতনাহীন চৰিত্ৰ আৰু এলেহুৱা স্বভাৱমুখি প্ৰৱণতাই ক্ৰিয়া কৰি আহিছে ৷ আৰু এই এলেহুৱা চৰিত্ৰই সেই অবৈধ ধৰ্মীয় সম্প্ৰদায়ে আমাৰ ভুমি, কৃষিভুমি কাঢ়ি লোৱাৰ সমান্তৰালকৈ আমাৰ শ্ৰম কাঢ়ি আমাক এলেহুৱা জীৱলৈ পৰিৱৰ্তিত কৰিব ৷ যিটো বৰ্তমান দেখিবলৈ পোৱা গৈছে ৷ গতিকে আমি ৰাজনৈতিক অধিকাৰ পাই সেই অবৈধ ধৰ্মীয় সম্প্ৰদায়ক খেদি পঠিয়ালেও আমাৰ মাজত লাহেকৈ গঢ় লৈ উঠা কৰ্মবিমুখ এলেহুৱা স্বভাৱে পুনঃ শ্ৰমৰ বাবে বিদেশী বঙালক আমন্ত্ৰণ কৰি আনিব লাগিব ৷ তেতিয়া আমি নিজেই নিজৰ ওপৰত নিৰ্ভৰশীল হ'ম নে?

প্ৰতিবছৰে বড়োসকলৰ মাজৰ পৰা প্ৰায় চাৰি লাখ যুৱক-যুৱতী কৰ্ণাটক, গোৱা, গুজৰাট, তামিলনাডু, অন্ধ্ৰ আদি বাহিৰা ৰাজ্যলৈ কামৰ তাগিদাত উলায় যায় ৷ বাহিৰা ৰাজ্যলৈ কাম বিচাৰি যোৱা সকলৰ ভিতৰত বহু যুৱক-যুৱতীৰ ঘৰৰ অৱস্হা দুখ লগা ৷ কিন্তু এই চাৰি লাখ অৱস্হাহীন বড়ো যুৱক-যুৱতীৰ বিপৰীতে প্ৰায় সম সংখ্যক স্বচ্ছল, অৱস্হা সম্পন্ন বড়ো যুৱক যুৱতীয়ে নিজৰ ঘৰতে থাকি আজিৰ আধুনিক সমাজখনত একো একোটা গ্লেমাৰ জীৱন বিচাৰি হাবাথুৰি খাই ফুৰিছে ৷ তেওঁলোকৰ ওচৰত ধন-সম্পত্তি, বাইক-গাড়ী আৰু টকা খৰচ কৰিব পৰা ক্ষমতা উভৈনদী কৈ আছে ৷ অথচ নাই কোনো ভৱিষ্যত পৰিকল্পনা, নাই সামাজিক স্হিতি ৷ এই বৃহৎ সংখ্যক যুৱক-যুৱতীয়ে গ্লেমাৰৰ পিছত দৌৰি অবাবত সময় আৰু শক্তি যথেষ্ট খৰচ কৰি আহিছে ৷ গ্লেমাৰ বিচাৰি নিজৰ জীৱন বিপদাপন্ন কৰা যুৱক-যুৱতীসকলক সংঘবদ্ধ কৰি একো একোটা সঠিক কৰ্ম পৰিকল্পা লৈ তেওঁলোকৰ সময়,শক্তিক আৰু ক্ষমতা এক কৰি কামত লগাব পৰা উপযুক্ত স্হান কৃষিখণ্ডত আছে বুলিব পাৰি ৷ আজিৰ দিনত গ্লেমাৰতকৈ কৃষিখণ্ডহে বেছি স্বাধীনতা তথা অৰ্থৰ সৈতে স্বতন্ত্ৰিয় জীৱন উপভোগ কৰিব পাৰি ৷

কৃষিও এক গ্লেমাৰ ৷ জীৱনৰ স্বাচ্ছ্যন্দ লুকাই থকা, শ্ৰমে দিয়া বস্তুৰ উপভোগ স্বাধীনতা আৰু আনৰ প্ৰয়োজনীয়া পূৰণ কৰিব পৰা এটা ক্ষমতা নিজৰ হাতৰ মুঠিত ৰাখিব পৰাটোও এটা গ্লেমাৰ ৷ এই গ্লেমাৰ অৱশ্যেই জাক-জমকতাৰ পৃথিৱীৰ পৰা দূৰত ৷ আটাইতকৈ প্ৰয়োজনীয় কথাটো হ'ল এটা জাতি নিৰ্মাণৰ ভেটিটো তেতিয়াহে মজবুত হ'য় যেতিয়া জাতিটোয়ে কৃষি কৰ্মই দ্বাৰা শক্তিশালি অৱস্হানত স্হান লৈ নিজকে চিনাকি দিয়ে ৷ আজিৰ কৃষিখণ্ডটো এটা পৰম্পৰাগত উদ্যোগ হৈ থকা নাই ৷ এই উদ্যোগে আজিৰ বিশ্বক অধিক আকৰ্ষণহে কৰিছে ৷ মানুহে সুষম আৰু নিৰুগী আহাৰ বিচাৰি শ্ৰেষ্ঠ কৃষকৰ উৎপাদিত খাদ্যশস্য বিচাৰি অধিক মূল্য দিব ধৰিছে ৷ কৃষকে বজাৰ বিচাৰি দেশে দেশে ঘুৰি ফুৰিব লগা হোৱা নাই ৷ গ্ৰাহক নিজেই কৃষকৰ ওচৰ চাপিছে 
৷ কৃষক হ'লৈ আপুনি নামী-দামী বিশ্ববিদ্যালয়ৰ ডিগ্ৰীধাৰী শিক্ষিত ব্যক্তি হোৱাৰ প্ৰয়োজনও নাই ৷ লগে অলপ কষ্ট কৰিব পৰা সাহস; শ্ৰম আৰু সাহস কৃষকৰ সাৰথি ৷

অসম চৰকাৰে জনজাতিৰ ওপৰত চলাই অহা দমন, আগ্ৰাসন নীতি আৰু নিজৰ ৰাজনীতিৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ অবৈধ বিদেশী ধৰ্মীয় সম্প্ৰদায়ক বড়োসকলৰ সংৰক্ষিত ভুমিত সংস্হাপিত কৰি অহা কাৰ্য প্ৰতিহত কৰিবলৈ সমগ্ৰ বড়ো জাতিৰ যুৱকে সংঘবদ্ধ হৈ কৃষি বিপ্লৱৰে জমিনী প্ৰতিসুৰক্ষা গঢ়ি তুলিবৰ সময় আহি পৰিল ৷ বড়ো যুৱকে কৃষি কৰ্মত ন উদ্যামেৰে আগবাঢ়িলে নিজৰ অৰ্থনৈতিক অৱস্হা টনকিয়াল কৰাৰ লগতে প্ৰস্তাৱিত বড়োৰাজ্যৰ ভৰাল সুৰক্ষিত হ'ব ৷ ফলত এখন নতুন ৰাজ্যৰ জনতাই অন্য ৰাজ্যৰ পৰা খাদ্যশস্য আমদানী কৰাৰ পৰিবৰ্তে ৰপ্তানি কৰি অৰ্থনৈতিক ভেটি দৃঢ় কৰিব পাৰিব ৷ যদি প্ৰকৃততে বড়ো যুৱকে কৃষি বিপ্লৱত মনোনিবেশ কৰিব পাৰে তেন্তে প্ৰথমেই চন পৰা তথা মুক্ত হৈ পৰি থকা কৃষি পথাৰ বা মুক্ত অঞ্চলত অবৈধ বিদেশী ধৰ্মীয় সম্প্ৰদায়ে সোমাই বসতি স্হাপন কৰাত বাধা হ'ব ৷ দ্বিতীয়, জাতিটোৰ কৃষি অৰ্থনীতিত স্বচ্চলতা আহিব ৷ তৃতীয়তে, বড়ো যুৱকৰ কৃষি বিপ্লৱটো এটা ইতিহাস হৈ ৰৱ ৷ কাৰণ বড়োসকলে ৰাজনৈতিক অধিকাৰ পাবলৈ কেৱল গণতান্ত্ৰিক আন্দোলন কৰিব জনাই নহ'য়, হাতে কামে, কৃষি কৰ্মৰে নিজৰ জাতিক এক সুৰক্ষিত জাতি হিচাপে প্ৰতিষ্ঠা কৰিবলৈও সক্ষম ৷

বহুতে নিজৰ বিচাৰধাৰাৰে বৰ্তমান বড়োভুমিত কৃষিখণ্ডৰ বিকাশ সাধন কৰিবলৈ ৰাজনৈতিক বা চৰকাৰৰ কাৰ্য ব্যৱস্হাৰ পৰা সুবিধা পোৱা-নোপোৱা হিচাপটো দেখুৱাব ৷ যিটো সমগ্ৰ অসমৰ সাধাৰণ মানুহৰ লগতে বহু কৃষকৰ এটা নেতিবাচক দৃষ্টিভংগী ৷ কৃষি, কৃষক কলেই বহু জটিলতা আছে আৰু থাকিব ৷ কিন্তু এক সু-সংহত আৰু সংঘবদ্ধ পৰিকল্পনাৰে যদি বড়ো যুৱ কৃষকে উপযুক্ত পৰিচালনাৰে কৃষি ব্যৱস্হাক বাস্তৱমুখী ৰূপ দিব পাৰে তেন্তে বড়োভুমিৰ কৃষিখণ্ড এক সফল উদ্যোগলৈ ৰূপান্তৰিত হোৱাৰ অনেক থল আছে ৷ যি জাতিৰ অসংখ্য যুৱক-যুৱতীয়ে জাতিৰ স্বাধীনতা বিচাৰি হাবি-জংগলে ঘুৰি বুকুত উত্তপ্ত গুলি খাই মৰিব পাৰে সেই জাতিৰ যুৱক-যুৱতীয়ে হাতত কোৰ-কোঠাৰ আৰু নাঙল লৈ উকা পথাৰক সেউজ-সোণোৱালী শস্য-শ্যামলী কৰিব নোৱাৰৰ কি যুক্তি আছে? কি বাধা আছে? এটা সৰু উদাহৰণ দিও…, মেক্সিকোৰ এজন খেতিয়কে এজন স্হানীয় লোকৰ পৰা দুই একৰ কৃষি পথাৰ ক্ৰয় কৰিছিল ৷ সেই মাটি কিনা কৃষকজনে মাটিদোখৰ কিনাৰ আগত নাজানিছিল যে সেই মাটিদৰাত অসংখ্য বিষাক্ত ৰেটল সাপ(আমেৰিকাত পোৱা এবিধ বিষাক্ত সেউজীয়া সাপ) থকাৰ কথাটো ৷ যেতিয়া তেওঁ শ্ৰমিকক খেতিদৰা চহাবলৈ কলে তেতিয়া শ্ৰমিকসকলে ৰেটল পাপৰ ভয়ত কৃষিপথাৰত সোমাব নিবিচাৰে ৷ ফলত কৃষজনে বিষাক্ত ৰেটল সাপৰ বাবে নিজৰ ফচল লগাবলৈ এক ভয়ংকৰ সমস্যাত পৰিল ৷ এদিন মেক্সিকান কৃষকজনৰ মনত এটা বুদ্ধি খেলালে ৷ তেওঁৰ সহকৰ্মী শ্ৰমিকক মাতি মাটি ডৰাত থকা বিষাক্ত সাপবিলাক ধৰিবলৈ ললে ৷ কৃষকজন আৰু শ্ৰমিকে মিলি বিষাক্ত ৰেটল সাপ ধৰি ধৰি সেই সাপৰ চামৰা এৰুৱাই বজাৰত বিক্ৰী কৰিব ধৰিলে ৷ এনে কাৰ্য সাপ শেষ নোহোৱালৈকে চলি থাকিল ৷ অৱশেষত কৃষকজনৰ পথাৰৰ পৰা বিষাক্ত ৰেটল সাপ নোহোৱা হৈ পৰিল আৰু কৃষকজনে কোনো ভয় নোহোৱাকৈ নিচিন্ত মনে নিজৰ খেতিত ফচল সিচিব পৰা হ'ল ৷ গতিকে এজন কৃষকক অলপ বুদ্ধিদীপ্ত মন এটা লাগে ৷ যিটো মেক্সিকান কৃষকজনে কৰিব পাৰিলে ৷ বিষাক্ত সাপে লিক লিকাই থকা কৃষিপথাখন তেওঁৰ বুদ্ধিদীপ্ত মনে নিমিষতে এক সাপ নোহোৱা কৰি পৰিৱৰ্ত কৰি পেলালে ৷ যাৰ ফলত মেক্সিকান কৃষকজনে এখন সুন্দৰ কৃষিপথাৰ লাভ কৰাৰ লগতে সাপৰ চামৰা বিক্ৰী কৰি অৰ্থ উপাৰ্জন কৰিবলৈ সক্ষম হ'ল ৷ সমস্যা আৰু দুৰ্যোগ সকলোৰে আহে ৷ কিন্তু সেই দুৰ্যোগ আৰু সমস্যাৰ সৈতে সাহসৰে মুখামুখি হৈ সমাধান কৰিব পৰাটোহে আচল কথা ৷ গতিকে শ্ৰমিক জাতি হিচাপে বড়োলেণ্ডৰ যুৱ কৃষকে নিজৰ মাটিত সোণ উৎপন্ন কৰিব নোৱাৰো কামটো কোনো ডাঙৰ কথা নহ'য় ৷

এই দশকৰ প্ৰথম অৱস্হাত শত্ৰুৰ নানা কৌশলত জাতিটোৰ শান্তি আৰু সুৰক্ষাত যথেষ্ট বিপৰ্যয় আহিছিল যদিও বড়োসকলে পৰিস্হিতি নিজৰ আয়ত্বলৈ আনি অনাগত দিনত শান্তিপূৰ্ণ আৰু অস্ত্ৰমুক্ত পৰিৱেশ গঢ দিব পাৰিছে ৷ বড়োসকলে ঐতিহাসিক দিনৰ পৰাই শত্ৰুৰ আক্ৰমণৰ বিৰুদ্ধে যুদ্ধৰত জাতি হিচাপে চিনাকি দি আহিছে ৷ সেয়ে আহোমে বড়োসকলক ৩০০ বাৰ আক্ৰমণ কৰিও নিজৰ অধীন আৰু দমন কৰিব নোৱাৰিলে ৷ ইতিহাসৰ এনে স্বৰ্ণীল অধ্যায় থাকোতে শক্তিশালী জাতিটোয়ে নিজৰ কৃষি কৰ্মৰ শস্যৰে নদন-বদন হোৱাটোহে এতিয়া আটাইতকৈ প্ৰয়োজন ৷ ইয়াৰ বাবে সমাজৰ প্ৰথমিক স্তৰৰ পৰা এটা পৰিকল্পিত বিপ্লৱৰ আৰম্ভনী হওঁক ৷ প্ৰতিখন গাঁৱতে একো একোটা সমবায় গোট গঠন কৰি কৃষি পৰিচালনা কৰক ৷ সমাজৰ প্ৰতিঘৰ মানুহে শিক্ষা সাং কৰি উঠা এজন ল'ৰাক কৃষি কৰ্ম কৰা বাবে উৎসাহিত আৰু নিয়োজিত কৰক ৷ প্ৰতিখন গাঁৱতে একোটা কৃষি কেন্দ্ৰ স্হাপন কৰক(বিকল্প হিচাপে সমাজে নিজৰ গাঁৱৰ থানচালি, গীৰ্জা আদি উপাসনা ঠাইত থকা মুকলি ঘৰ ব্যৱহাৰ কৰিব পাৰে) গাঁৱৰ কৃষি কেন্দ্ৰত সপ্তাহত দুই এবাৰ গাঁৱৰ কৃষি সম্পৰ্কীয় বিষয়সমূহ(যেনে, কৃষি তথ্য, উৎপাদন, শস্য শীতলিকৰণৰ ভৰাল, বজাৰৰ ৰেহ-ৰূপ, বজাৰ সৃষ্টি, সামগ্ৰীৰ মূল্য, চাহিদা ইত্যাদি)সমস্যা আৰু প্ৰতিকাৰৰ বিষয়ৰ ওপৰিও যুৱ কৃষকক উপযুক্ত কৃষি প্ৰশিক্ষণৰ ব্যৱস্হা কৰিব লাগে ৷ লক্ষ্য কৰিব লাগে যাতে এনে কৃষি সজাগতা সভাসমূহত যুৱ কৃষক অধিক অংশগ্ৰহণ কৰে ৷ কৃষি পৰিকল্পনাও তেওঁলোকক এৰি কৰিব নালাগে ৷ কৃষি কেন্দ্ৰতে এটা সামুহিক হিচাপ অৰ্থাৎ প্ৰতিবছৰে গাঁৱৰ কৃষকে শস্য উৎপানদ আৰু ইয়াৰ ক্ৰয়-বিক্ৰয় হিচাপ ৰখাৰ ব্যৱস্হা কৰিব লাগে ৷ বহু কৃষকে এতিয়া নিজে কৰা কৃষি শস্যৰ পোৱা নোপোৱাৰ হিচাপ নাৰাখে ৷ মই পূৰ্বেও উল্লেখ কৰিছো যে পৰাপক্ষত কৃষকে চৰকাৰৰ পৰা সকলো আশা নকৰাই উচিত ৷ চৰকাৰৰ কোনো কাম সময়ত নহ'য় ৷ গতিকে কৃষকে সংঘবদ্ধ হৈ উমৈহতীয়া তথা পাৰস্পৰিক সহযোগীতা বজাই ৰাখিলে কৃষকে নিজৰ চেষ্টাৰে চৰকাৰৰ সহযোগ অবিহনে স্বাৱলম্বী হোৱা উপযুক্ত থল আছে ৷ মন কৰিব লাগীয়া কথা যে বড়োভুমিৰ এটুকুৰা খালি ঠাইও এনেই পৰিতিক্ত অৱস্হাত পেলাই থব নালাগিব ৷ 

শেষত, এটা জাতি গঠন কৰিবলৈ লোৱা প্ৰকক্ষণত সমাজৰ বিভন্ন স্তৰে, ব্যক্তিয়ে বহু মতবাদ পোষণ কৰিব পাৰে ৷ শত্ৰুই নানান অপযশ আৰু আক্ৰমণ কৰিব ৷ শত্ৰুৰ অপযশ আৰু আক্ৰমণ উফৰাই বড়োজাতিক শক্তিশালীৰূপে প্ৰতিষ্ঠা কৰিবলৈ যাওতে জাতিৰ স্বাৰ্থতে সকলো মতবাদ, আদৰ্শ আৰু দৃষ্টিভংগীৰ মাজত এক পাৰস্পৰিক সহযোগীতা, সহমত আৰু শান্তিপূৰ্ণ অৱস্হানত থাকি নিজৰ জাতিক শক্তিশালী জাতিৰূপে প্ৰতিষ্ঠাত কৰাত গুৰুত্ব দিয়া উচিত ৷ তদুপৰি জাতিটোৰ নিৰ্মাণত এক নিখুত তথা শৃংখলিত কৃষি বিপ্লৱৰ সূঁচনা তথা প্ৰয়োজনীয়তা আহি পৰিছে ৷ এই কৃষি বিপ্লৱ বড়োসকলৰ যুৱ শক্তিয়ে গুৰি ধৰিব লাগিব জাতিটো শক্তিশালী কৰাৰ স্বৰ্থত ৷

No comments:

Post a Comment

Thank you.