পৰিবহন ব্যৱস্হাঃ কৰ্কট আক্ৰান্ত নে ল'ৰা ধেমালি?

আমেৰিকা বা ইউৰোপ যোৱাৰ প্ৰয়োজন নাই ৷ দক্ষিণ ভাৰত ভ্ৰমণ কৰা প্ৰতিজন লোকে তামিলনাডু, গোৱা, মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু কেৰেলাৰ চৰকাৰী বাছসমূহৰ উন্নত মানদণ্ডৰ বিষয়ে অৱগত ৷ যদি আপুনি ভাৰতৰ যিকোনো লোককে দক্ষিণ ভাৰতৰ বাছ সেৱাৰ বিষয়ে সোধে তেন্তে প্ৰত্যেকজনেই তপৰাই ক'ব যে "চলিদ ট্ৰাঞ্চপৰ্ট" ৷ নকলেওঁ হ'য় যে দক্ষিণ ভাৰতৰ ৰাজ্যকেইখনত জনতাৰ যাতায়ত আৰাম আৰু সুচলদায়ক কৰি তুলিবলৈ চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানে জী-জান লগাই দিছে ৷ ৰাজ্যকেইখনৰ যিকোনো ঠাইলৈ বাছৰে ভ্ৰমণ কৰিলে ভ্ৰমণকাৰীৰ পৰা বাছ সেৱাৰ মানদণ্ডৰ ওপৰত কোনো অভিযোগ পোৱা নাযাব ৷ ইয়াৰ অন্তৰালত আছে ৰাজ্য চৰকাৰৰ সু-পৰিকল্পনা পৰিবহন ব্যৱস্হাৰ লগতে শৃংখলিত পৰিচালন ব্যৱস্হা ৷ তেওঁলোকৰ শৃংখলিত পৰিৱহন ব্যৱস্হাই প্ৰতিজন যাত্ৰীৰ সময় আৰু অৰ্থ খৰচত নিয়ন্ত্ৰিত স্হিতি বাহাল ৰখাৰ লগতে পৰিৱেশ প্ৰদুষণ প্ৰতিৰোধ কৰি ৰখাত আত্যাধিক গুৰুত্ব দি আহিছে ৷ তেওঁলোকে বাছসেৱাত লোৱা এনেবোৰ পদক্ষেপে পৰিবহন ব্যৱস্হাত যাতায়ত সেৱাৰ মানদণ্ড যথেষ্ট উন্নত কৰি তুলিছে ৷ অকল ৰাজ্য চৰকাৰৰ তৰফৰ পৰাই কেৱল পৰিবহন খণ্ডৰ যাতায়ত ব্যৱস্হাক শৃংখলিত তথা সু-পৰিকল্পনাৰে পৰিচালিত কৰাত গুৰুত্ব দিয়া হৈছে তেনে নহ'য় ৷ বৰঞ্চ দক্ষিণৰ প্ৰতিজন লোকেই চৰকাৰী বাছ সেৱাক অত্যাধিক সুচল যাতায়তৰ অংশীদাৰ কৰি লৈ পৰিৱহন ব্যৱস্হাক অধিক আগুৱাই নিয়াত সহায়ক হিচাপে ভুমিকা পালন কৰিছে ৷

পৰিবহন আৰু যোগাযোগ ব্যৱস্হা দেশৰ অৰ্থনীতিৰ বুনিয়াদ ৷ উন্নত যোগাযোগৰ ব্যৱস্হাই পৰিবহন ব্যৱস্হাত সুচলতা আনে ৷ পৰিবহন ব্যৱস্হাৰ সুচলতাই যোগাযোগ ব্যৱস্হাক অধিক চমু কৰি দেশৰ বিকাশ আৰু প্ৰগতিত ইন্ধন যোগায় ৷ ভাৰতৰ দৰে বিশাল দেশৰ প্ৰায় ৯০% লোক এতিয়াও বাছৰে যাতায়ত কৰে ৷ তেওঁলোকৰ বাবে এতিয়াও ৰে'ল, বিমান আৰু মেট্ৰ' ট্ৰেইনৰ দৰে আধুনিক যাতায়ত মাধ্যমে স্পৰ্শ কৰিব পৰা নাই ৷ এই তিনিওটা যাতায়ত মাধ্যমৰ পৰা দেশৰ লাখ লাখ গাঁও, সৰু সৰু নগৰ-চহৰ এতিয়াও বাদ পৰি আছে ৷ ইয়াৰ বিকল্প যাতায়ত হিচাপে দেশৰ বৃহৎ অংশ জনতাই দৈনিক যাতায়তৰ মাধ্যম হিচাপে বাছসেৱাৰ ওপৰত নিৰ্ভৰ কৰিব লগা হ'য় ৷ ভাৰতৰ দৰে বিকাশশীল দেশৰ প্ৰান্তিয় অথবা দুৰ্গম অঞ্চলত বাছসেৱাই মানুহৰ গুৰুত্বপূৰ্ণ যাতায়তৰ সংঙ্গী হৈ আহিছে ৷

প্ৰায় চাৰি কোটি জনসংখ্যা থকা অসমৰ দৰে এখন অন্নুনত ৰাজ্যত মাত্ৰ চাৰিটা বিমান বন্দৰ, এটা ৰেলপথ থকা যাতায়ত ব্যৱস্হাই সকলো সৰ্বসাধাৰণক বিমান আৰু ৰে'ল সেৱাই সাঙুৰি ল'ব পৰা নাই ৷ ৰে'ল পথে কিছু সাঙুৰি লৈছে যদিও ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ কেৱল এটা ট্ৰেকৰ ৰে'লপথ হোৱা বাবে ৰে'লৰ যাতায়তত ব্যাপক সময়ৰ অপচয় হ'য় ৷ যাৰ বাবে জনতাই মুলত বাছসেৱাকে যাতায়তৰ প্ৰধান সংগী কৰি ল'য় ৷ তদুপৰি ব্ৰহ্মপুত্ৰৰ দৰে বিশাল নদীয়ে ৰাজ্যখনক দুটা ভাগত বিভক্ত কৰি ৰখাত দুয়ো ফালৰ লোকক ৰে'লৰে প্ৰত্যক্ষ যোগাযোগত দীৰ্ঘদিনৰ পৰা বাধা জন্মাই আহিছে ৷

অসমৰ অৰ্থনৈতিক ভেটি মজবুট কৰা ঘৰুৱা উৎসৰ ভিতৰত চতুৰ্থ স্হানত আছে ৰাজ্যখনৰ সেৱাখণ্ডৰ পৰিবহন ব্যৱস্হাটো ৷ অথচ জনসংখ্যাৰ অনুপাতে ৰাজ্যখনৰ জনতাক সুলভ আৰু সুচল যাতায়ত সেৱা প্ৰদানত আটাইতকৈ পিছপৰি ৰৈছে ৰাজ্যখনৰ চৰকাৰী পৰিবহন বিভাগ ৷ বিগত দশকটোত অসম ৰাজ্যিক পৰিবহণত আন্তঃগাঠনি ঠিকেই উন্নত হ'ল কিন্তু পিছ পৰি থাকিল যাত্ৰীৰ অনুপাতে থকা বাছসেৱাৰ সংখ্যা ৷ যোৱা দশকটোত কংগ্ৰেছ আৰু বিপিএফৰ সন্মিলিত চৰকাৰৰ দিনত অগা-পিছাকৈ দুজনকৈ দক্ষ মন্ত্ৰিৰ তত্বাৱধানত ৰাজ্যখনৰ সকলো জিলাৰ সদৰৰ বাছ আস্হান সমূহৰ আন্তঃগাঠনি বিশ্বমানৰ হ'ল যদিও চৰকাৰী বাছৰ সংখ্যা ক্ৰমাৎ হৰলুকী হ'ব ধৰিলে ৷ চৰকাৰে গ্ৰাম্যঞ্চলৰ বাবে বাছ সেৱা আঁচনি শুভাৰম্ভ কৰিলে যদিও এক-দুই বছৰৰ ভিতৰতে তেনে অভিলাষী আঁচনি ভালুকৰ সাঙীত পৰিণত হ'ল ৷ চৰকাৰী বাছ সেৱা আঁচনিৰ ঠাইত বেচৰকাৰী বাছৰ দৌৰাত্ম বাঢ়িল ৷

অসমৰ ৰাইজে বিগত বৰ্ষৰ আৰম্ভনিতে সম্পূৰ্ণ নতুন চৰকাৰ এখন পাবলৈ সক্ষম হ'ল যদিও পূৰ্বৰ চৰকাৰৰ আমোলত দোপাতদোপে বঢ়া বে-চৰকাৰী বাছৰ দৌৰাত্ম নকমিল ৷ নতুন চৰকাৰখনে এটা বছৰ পাৰ কৰাৰ পাছোতো চৰকাৰী বাছ সেৱাখণ্ডৰ সমস্যা আৰু  যাত্ৰীৰ দুৰ্ভোগৰ ক্ষেত্ৰত পৰিবহন বিভাগৰ মন্ত্ৰিগৰাকীৰ কোনো সাৰ-সুৰ নাই ৷ পেট্ৰ'লৰ বৰ্দ্ধিত দামত চৰকাৰী-বে-চৰকাৰী বাছ ভাৰা বৃদ্ধি হৈ আছে যদিও শাসকীয় চৰকাৰখনে যাত্ৰীৰ সেৱাৰ ক্ষেত্ৰত বাছ ভাৰা বঢ়াৰ বিষয়টো তিলমানেও গুৰুত্ব দিয়া নাই ৷ কংগ্ৰেছৰ তুলনাত বিজেপি চৰকাৰে ৰাজ্যৰ প্ৰতিটো পৰিবহন কাৰ্যলয়তে দালালীৰাজ বিলুপ্তপ্ৰায় কৰিলেও পৰিবহন বিভাগৰ একাংশ আমোলাৰ অতপালি গুচাবলৈ সক্ষম হোৱা নাই চৰকাৰ ৷ কাৰ্যলয়ৰ পৰা বিভিন্ন কামৰ দালালীৰাজ অৱসান হ'ল হ'য় ঠিকেই কিন্তু বিভাগৰ আমোলাৰাজৰ লেকামহীন কাৰ্যকলাপে পোনচাতেই সাধাৰণ জনতাৰ ওপৰত পৰিছে ৷ ইয়াৰ উদাহৰণ হ'ল -- চৰকাৰী বাছ টিকটত হোৱা হেৰাফেৰী ৷ যাৰ বাবে চৰকাৰী ঘৰলৈ যোৱা বৃহৎ আয়(ধন) আদবাটতে বিভাগটোৰ একাশ বিষয়াই আত্মসাৎ কৰাত উঠি পৰি লাগিছে ৷

"মানদণ্ড" শব্দটোৰ ওপৰত যদি অসমত কোনো বিষয়ত সুষ্ট আলোচনা বা বিতৰ্ক কৰা হ'য় তেন্তে অসমৰ সৰু-বৰ মানুহে পোনচাতেই "গছত গৰু উঠা"ৰ কথা বুলি পেঙলাই কৰি উৰুৱাই দিব ৷ বেছি দূৰলৈ নাযাও, এই কথাটো অসমৰ দৰে ৰাজ্যত পেংলাইমুলক হ'লেও অসমৰ কাষতে লাগি থকা পশ্চিম বংগৰ দৰে ৰাজ্যত বঙালীসকলৰ বাবে অত্যন্ত গুৰুত্বৰ বিষয় ৷ বিশেষকৈ চৰকাৰী বে-চৰকাৰী সেৱাখণ্ডৰ ক্ষেত্ৰত বঙালীসকল সদা সচেতন ৷ চৰকাৰী সেৱাৰ মানদণ্ডৰ ক্ষেত্ৰত বঙালী বুদ্ধিজীৱিতকৈ এখোপ চৰা সাধাৰণ বঙালী লোকসকল ৷ পিছে পৰিতাপৰ বিষয় যে অসমৰ দৰে ৰাজ্যত বাছ সেৱাৰ মানদণ্ড অতি অসহনীয় তথা অমানৱীয় ৷ আটাইতকৈ আঁচৰিত কথাটো হ'ল অসমৰ মানুহৰ মানসিক অসাৰতা , সহনীয় হৈ থকা বেমাৰটো ৷ বিভিন্ন প্ৰতিষ্ঠানৰ আগ্ৰাসনীক নীতিৰ ওপৰত যিমান সচেতনতা কিন্তু ব্যক্তিগত পৰ্যায়ত নিজৰ অধিকাৰক লৈ অসমৰ মানুহে সিমান সচেতনতা নেদেখুৱাই ৷ অৰ্থাৎ এজন মানুহে ৰে'লৰ টিকটত ১০ পইছা বাঢ়িলেও বিষয়টো ষ্টেচন মাষ্টৰৰ পৰা কৈফৈয়ত বিচৰাৰ প্ৰয়োজন অনুভৱ নকৰে ৷ কাৰণ তেওঁ ১০ পইছাৰ বিষয়টোত মাথা মাৰি সময় অপচয় নকৰে ৷ অথচ দহ পইছাৰ বাবেই আন সাধৰণ মানুহৰ আহুকাল অহিব পৰা সম্ভাৱনাক উপলব্ধি কৰা ক্ষমতা তেওঁৰ উন্নত শিক্ষাই যুক্তি বিচাৰি নাপায় ৷

অসমৰ বেলিকাও চৰকাৰী সেৱাখণ্ডত কৰ্কটৰ দৰে মহাব্যাধিয়ে আহি স্হান লৈছে ৷ পৰিবহণ সেৱাৰ দৰে এটা বিয়াগোম বিভাগে দেশৰ অৰ্থনৈতিক ভেঁটি শক্তিশালী কৰাত অৰিহণা যোগাই আহিছে যদিও অসমৰ দৰে ৰাজ্যত নেতাই ৰাজনৈতিক প্ৰভাৱ, বিষয়া-কৰ্মচাৰীৰ আমোলাৰাজৰে শোষণ-তোষণ কৰি পৰিবহন বিভাগক ব্যক্তিগত সম্পত্তি গঢ়াত হাথিয়াৰ কৰি ল'ব ধৰিছে ৷ আটাইতকৈ আঁচৰিত কথাটো হ'ল ৰাজ্যৰ পৰিবহন ব্যৱস্হাত চৰকাৰ, প্ৰশাসনৰ জনবিৰুধী কাম-কাজ দেখিও নিৰৱ দৰ্শক হৈ চাই থকা ৷ পৰিবহন ব্যৱস্হাত নীতি-নিয়মহীন শাসন, পথ সুৰক্ষাত থকা নীতি-নিৰ্দেশনা শিথিলতাৰ বাবে ৰাজ্যখনত বছৰি ৪০ হাজাৰ পথ দুৰ্ঘটনাৰ লগতে ১৪ হাজাৰ লোকৰ জীৱন হানি হৈ আহিছে ৷ এয়া কেৱল অসমত ৷ ইফালে ৰাজ্যখনৰ যাতায়ত কৰা প্ৰায়বোৰ পথেই ঘাতকৰূপী ৷ ফলত যাতায়তত সময় আৰু অৰ্থ দুয়োটাৰেই অপচয় ৷ বহুতে ক'ব যে পূৰ্বৰ তুলনাত অসমৰ পৰিবহন বিভাগত অমূল পৰিবৰ্তন সাধন হ'ল ৷ পিছে এই অমূল পৰিবৰ্তন সাধনটো বিভাগটোৰ বাজ্যিকতাত আহিল, অভ্যান্তৰত নহ'য় ৷ পৰিবৰ্তনৰ বেমাৰ তাতেই ৷

বিশেষকৈ বহিঃৰাজ্যৰ পৰিবহন খণ্ডৰ বাছ সেৱাৰ তুলনাত অসম একেবাৰে শেষৰ প্ৰথম ৷ অসমৰ পৰিবহন বিভাগতেই ব্যাপক হাৰত বেচৰকাৰী বাছসেৱাৰ দৌৰাত্ম বাঢ়িছে ৷ লেকামহীন বেচৰকাৰী বাছসেৱাই অতি মাত্ৰাত যাত্ৰীৰ পৰা আদায় কৰিছে ভাৰাৰ মচুল ৷ গাড়ীৰ বহন ক্ষমতাৰ বিপৰীতে দুগুণ যাত্ৰী কঢ়িয়াই যাত্ৰীৰ জীৱনক লৈ চৰম খেলাৰে অৰ্থ উৰ্পজনত নামিছে ৷ অসমৰ গুৱাহাটীৰ মহানগৰ বাহিৰে অন্য কোনো ঠাইতে বেচৰকাৰী বাছে যাত্ৰীক ভাৰাৰ বিপৰীতে টিকট প্ৰদান নকৰে ৷ যাৰ বাবে চৰকাৰে প্ৰতিজন যাত্ৰীৰ পৰা একো একোটা প্ৰত্যক্ষ কৰ হেৰুৱাই ৷ যাত্ৰীক টিকট নিদিয়া বিষয়টো কেৱল বে-চৰকাৰী বাছ সেৱাতে সীমাবদ্ধতা হৈ থকা নাই, বৰঞ্চ চৰকাৰৰ নিয়ন্ত্ৰণত পৰিচালিত বে-চৰকাৰী বাছসমূহটো যাত্ৰীক টিকট দিয়া নহ'য় ৷ বহু যাত্ৰীয়ে অসুৰক্ষিত ভাৱে বিনা টিকটত নিজৰ গন্তব্য স্হানত যাব লগা হ'য় ৷ চৰকাৰী নিয়ন্ত্ৰাধিন বে-চৰকাৰী বাছসমূহে যাত্ৰীক নিয়মিত টিকট দিয়ে নে নিদিয়ে আৰু যাত্ৰীয়ে ভাৰা আদায়ৰ বাবত বাছ কৰ্তৃপক্ষৰ পৰা টিকট আদায় কৰিছে নে নাই সেয়া সময়ে সময়ে পৰিবহন বিভাগে নিৰিক্ষণ কৰাটো বাধ্যতামূলক যদিও তেনে বিভাগীয় কাম অসমত আজিলৈকে ক'তো নহ'য় ৷ উল্লেখ্য যে কৰ্ণাটক, হাৰিয়ানা, পঞ্জাৱ ইত্যাদি ৰাজ্যবোৰত সময়ে সময়ে পৰিবহন বিভাগে যাত্ৰী আৰু বাছসমূহৰ ওপৰত টিকট লোৱা আৰু দিয়াৰ ওপৰত বিভাগীয় নিৰিক্ষণ কৰি থাকে ৷ যদি টিকট নোলোৱা যাত্ৰী ধৰা পৰে তেন্তে জৰিমনা আছে ৷ এনে কৰাৰ ফলত সঠিক পৰিবহন আয় চৰকাৰৰ ঘৰলৈ যাবলৈ বাধ্য হ'য় ৷

ৰাজ্যৰ পৰিবহন ব্যৱস্হাটো চৰকাৰে ইচ্ছা কৰিয়ে বে-চৰকাৰী খণ্ডৰ হাতত অৰ্পন কৰিব বিচাৰিছে ৷ ইচ্ছা কৰিলে চৰকাৰে "অসম ৰাজ্যিক পৰিবহন নিগম"ক অধিক শক্তিশালী কৰি সুচল আৰু কাৰ্যক্ষম কৰিব পাৰে ৷ অসমত কোনো দক্ষ লোকৰ অভাৱ নাই ৷ চৰকাৰে পৰিবহন ব্যৱস্হাক জীয়াই তুলিবলৈ অসমৰ প্ৰতিটো গঢ়কাপ্তানি পথ প্ৰথমে সুচল যাতায়তৰ উপযোগী কৰি তোলক ৷ বিভাগত প্ৰয়োজনীয় কৰ্মচাৰীক নিযুক্তি, কৰ্মচাৰীৰ দৰমহা আদিৰ সমস্যা সমাধানত গুৰুত্ব দিয়ক ৷ যিহেতু ৰে'ল পথৰ যাতায়ত অসমত এতিয়াও সুবিধাজনক হৈ উঠা নাই গতিকে প্ৰান্তিয় ঠাইলৈ যাবলৈ জনসাধাৰণৰ বাবে বাছ যাতায়তেই একমাত্ৰ সৰথি ৷ সেয়ে পৰিবৰ্তন বিচৰা চৰকাৰে দালালীৰাজ বন্ধ কৰাৰ সমান্তৰালকৈ বে-চৰকাৰী বাছসমূহৰ দৌৰাত্ম, যাত্ৰীৰ পৰা অ-নিয়ন্ত্ৰিত ভাৰা মাচুল আদা কৰা বন্ধ কৰিবৰ হ'ল ৷ পৰিবহন বিভাগে প্ৰতিজন যাত্ৰীৰ বাবে টিকট বাধ্যতামূলক, প্ৰতিগৰাকী বাছ কণ্ডাক্তৰ, হেন্দিমেনৰ বাবে নিদিষ্ট ইউনিৰ্ফম পিন্ধা আৰু বে-চৰকাৰী বাছ(চৰকাৰী নিয়ন্ত্ৰাধিন)ত স্পষ্টকৈ পৰিবহন বিভাগৰ চৰকাৰী মোহৰ লগোৱা বাধ্যতামূলক কৰক ৷ তেতিয়া চৰকাৰে সূদুৰ কৰ্ণাটকৰ বে-চৰকাৰী বাছ প্ৰতিষ্ঠান আমন্ত্ৰিত কৰা প্ৰয়োজন নাই ৷