হিন্দুত্ব, ইছলাম আৰু জনজাতিৰ অধিকাৰঃ


অসমীয়া জাতীয়তাবাদী প্ৰতিষ্ঠান আৰু অসমীয়া বুদ্ধিজীৱিৰ উৰ্বৰ মগজুৰ আটাইতকৈ নিশকটীয়া ফচল দুটা হ'ল --- "হিন্দু-মুছলিম" ইচ্ছুত নিজৰে সাতামপুৰুষীয়া ঐক্য অসমীয়া সমাজক ধৰ্মীয় ঘৃণাৰে উত্তেজনা বিয়পাই সমাজ আশান্তি কৰা আৰু দ্বিতীয়, জনজাতীয় লোকৰ সাংবিধানিক অধিকাৰ কুক্ষিগত কৰা ৷


বিজেপি চৰকাৰ অহাৰ পাছত অসমত ঘৃণনীয় ধৰ্মীয় অশান্তি, ধৰ্মীয় ভাবুকি, সাধাৰণ মানুহৰ মনত অনাহক ধৰ্মীয় ক্ষয়ৰ চেতনা জগাই তোলাটো এতিয়া অসমীয়া জাতিয়তাবাদী প্ৰতিষ্ঠানিক শিৱিৰ আৰু অসমীয়া বুদ্ধিজীৱিৰ যেন দৈনিন্দন ৰুটিন; নকৰিলে নহ'য় ৷ তদুপৰি এই প্ৰতিষ্ঠানিক শিৱিৰসমূহৰ এচামে সমাজৰ আগত বাগা সাজ পিন্ধি নিজৰ আত্মস্বাৰ্থ পূৰণৰ লক্ষ্যৰে জনতাক ভুল পথে পৰিচালিত কৰি ভুমিপুত্ৰ জনজাতিসকলৰ সংবিধানিক অধিকাৰৰ বিৰুদ্ধে "জেহাদ" কৰিবলৈ প্ৰৰোচিত কৰিছে ৷ দেখ দেখকৈ এই কথাই প্ৰতিষ্ঠানিক শিৱিৰ দুটাৰ চৰিত্ৰই নিজৰ শোষণকাৰী স্বৰূপ উদঙাই সাধাৰণ অসমীয়া ৰাইজক মুছলমান আৰু জনজাতি ভুমিপুত্ৰৰ বিৰুদ্ধে অধিক আক্ৰোশমূলক কৰি তুলিবলৈ ধৰিছে ৷
প্ৰথমটো সম্পূৰ্ণ এটা ধৰ্মীয় সম্প্ৰয়দাৰ বিৰুদ্ধে মাৰ বান্ধি সজোৰৰে নিজৰ ধৰ্মীয় সাম্ৰাজ্যবাদী নীতিৰে আন ধৰ্মক ভৃতিগ্ৰস্ত কৰি সমাজত এক অনাকাংক্ষিত উত্তেজনা অব্যাহত ৰখাত সফল হৈছে ৷
দ্বিতীয়টোয়ে অসমৰ সমগ্ৰ জনজাতিৰ গোষ্ঠীগত অধিকাৰৰ ন্যাৰ্য দাবী মষিমূৰ কৰা যাতে নিজৰ নিজৰ স্বাৰ্থ সৰ্বদা সুৰক্ষিত কৰিছে ৷
প্ৰথমটোৰ চৰিত্ৰই যদিও আন ধৰ্মৰ উপস্হিতি হস্য নকৰে তথাপিও আপাতত প্ৰথমটোয়ে মুছলমানক হিন্দুত্বৰ সংখ্যাগৰিষ্ঠতাৰে ধৰ্মীয় ভয় আৰু উত্তজনা সৃষ্টিৰে নিজৰ গোলাম কৰা চক্ৰান্ত আৰু এনে চক্ৰান্তৰে নিজ সংখ্যাগৰিষ্ঠ ৰাজনীতিৰে জনজাতিৰ অধিকাৰক চিৰদিনলৈ দমন কৰা এক পৰিকল্পিত ষড়যন্ত্ৰ ৷ যুগসূত্ৰ এটাই, জনজাতিয়ে বিচাৰা অধিকাৰৰ বিৰুদ্ধে অসমৰ মুছলমানক ব্যৱহাৰ কৰা ৷ যাৰ বাবে অসমৰ মুছলমানে তেওঁলোকৰ চলনা আৰু চক্ৰান্তত ইতিমধ্যে ভৰি দিছে ৷
প্ৰভূত্ববাদী চেতনাৰ পূৰ্বসূৰীয়ে ইতিহাসতেই কৌনজৰ প্ৰৱজনীয় লোকৰ হাতৰ পাণি গ্ৰহণ কৰি হিন্দু ধৰ্মক আকোৱালি লৈ অসমত সেই ধৰ্ম নিজৰ উত্তৰসূৰী লৈকে গজগজীয়া কৰি গ'ল ৷ ইয়াৰ ব্যতিক্ৰম আজিও হোৱা নাই ৷ বৰঞ্চ কনৌজৰ ধৰ্মীয় সেনাপতিৰ আগমনত তেওঁলোকে পৰিকল্পিতভাৱে নিজৰ স্থিতি অধিক মজবুট কৰি লৈছে ৷
অসমত পৰম্পৰাগত কনৌজি ধৰ্মীয় বিৰাচতক যিমানেই বিৰুধ,প্ৰতিবাদ আৰু অপমান নকৰক কিয়, বিৰুধ কৰা সকলৰো অভ্যান্তৰিণ চৰিত্ৰ সেই একেই ৷ যি কোনো প্ৰকাৰে মুছলমানক ব্যৱহাৰ কৰি নিজৰ ধৰ্মীয় সহনশীলতাৰ ভেল্কীবাজি অব্যাহত ৰখা ৷ কথা হ'ল বৰ্ণবাদী, জাত্যভিমানী পৰম্পৰা অখুন্ন ৰখা হিন্দুত্বৰ বৃহৎ অসমীয়া সমাজখনে মুছলমান আৰু ভুমিপুত্ৰ জনজাতিক ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক ভাৱে শোষণ আৰু আক্ৰমণৰ কৌশল অৱলম্বন কৰিছে ৷
বৰ্ণহিন্দু অসমীয়াই প্ৰভুত্ব আৰু ক্ষমতাৰ লালসাত কৰা বহু নৰ হত্যাৰ কিছুমান সত্য আজিলৈকে পোঁহৰলৈ অহা নাই ৷ পাইকাৰী হাৰত কৰা গহপুৰ, নেলি, চাউলখোৱা, মুকালমুৱা, ওদালগুৰি ঠাতইত হোৱা বড়ো আৰু মুছলমানৰ হত্যাযজ্ঞই তাৰ প্ৰমাণ ৷
কোকৰাঝাৰ, ওদালগুৰীৰ গোষ্ঠীসংঘৰ্ষৰ অনেক ঘটনাই আজিও বড়োৰ লগতে মুছলমানে নিজৰ আপোনজনক হেৰুৱাৰ বেদনাই বুকুত অহৰহ খুন্দিয়াই থাকে ৷ অসমৰ অৱস্থা জটিল কৰি তোলা  ঘটনাই আজিও বড়ো আৰু মুছলমানৰ প্ৰকৃত ন্যায় বিচাৰ হ'ল নে নাই তাৰ বিচাৰ নহ'ল ৷ সংঘৰ্ষৰ পাছত উভয় পক্ষৰে পীড়িতই নিজৰ ঘৰবাৰী এৰি থাকিব লগা হ'ল ৷ চৰকাৰ আৰু প্ৰশাসন থকাৰ পাছতো খিলঞ্জীয়া নাগৰিকৰ দায়িত্ব লোৱা নহ'ল ৷
প্ৰশ্ন হ'য়, কাৰ স্বাৰ্থৰ বাবে অগণন সাধাৰণ মুছলমান আৰু বড়োয়ে নিজৰ ৰক্ত ক্ষয় কৰিব লগা হ'ল?
সন্দেহ আছে ৷ অসমীয় ভণ্ড বুদ্ধিজীৱি, জাতীয়তাবাদী আৰু ৰাজনীতিকে ক'ব নে এই হত্যা স্বয়ং অসমীয়াই কৰা বুলি ? ২০১২ ত বড়ো আৰু মুছলমানে সংঘৰ্ষ লগা সময়ত উচ্চ বৰ্ণৰ হিন্দুত্ববাদী দেবব্ৰত শৰ্মা, ব্ৰজেন মহন্ত, ননী গোপাল মহন্ত আৰু অনেক অসমীয়া বুদ্ধিজীৱিয়ে কিয় নকলে যে অসমীয়াই সংঘৰ্ষ পৰিহাৰ কৰিব লাগে বুলি?
উল্লেখনীয় যে ২০১২ চনৰ সংঘৰ্ষৰ সময়ত তথাকথিত অসমীয়া বুদ্ধিজীৱিয়ে একপক্ষীয় উচতনি, নিন্দা, বিদ্বেষ আৰু পৰোচনামূলক স্তম্ভ লেখনি আৰু সংবাদ পৰিৱেশনৰে বড়ো-মুছলমানৰ সংঘৰ্ষক আৰু অধিক ঘিউ ঢালিছিল ৷ অসমীয়া সংবাদ গোষ্ঠীয়ে ভূলটো সেই সময়ত নিৰপেক্ষ তথা দুয়োপক্ষৰ মাজত শান্তি-সম্প্ৰিতিৰ কথা প্ৰচাৰ কৰা নাছিল ৷ মুখ্যত ইয়াৰ দুটা কাৰণ; এক, বড়োসকলৰ সামগ্ৰিক বিকাশক দমন কৰা; দ্বিতীয়, ধৰ্মীয় মুছলমানৰ আগ্ৰাসনক বড়োৰ দ্বাৰা শেষ কৰা ৷ সংঘৰ্ষৰ সময়ত অসমীয়া সকলৰ "বৃহত্তৰ অসমীয়া" সংজ্ঞা আঁচৰিত ধৰণে অন্তৰ্ধান আছিল ৷
বিগত কিছুদিনত অৱধাৰিত ভাৱেই বড়োকে ধৰি অসমৰ ভুমিপুত্ৰ জনজাতি আৰু দেশৰ মুছলমানৰ বিৰুদ্ধে সমগ্ৰ ভাৰতৰ হিন্দুত্ববাদী জাতীয়তাবাদ আৰু বৌদ্ধিক সমাজ অধিক সক্ৰিয় হোৱা দেখা গৈছে ৷ অসমত যদি জনজাতিক জংঘলী, বৰ্বৰ, জানোৱাৰ আখ্যাৰে সমাজৰ অংশৰ পৰা আঁতৰ কৰিব বিচাৰিছে তেন্তে কাশ্মীৰতো মুছলমানক সন্ত্ৰাসবাদী আখ্যাৰে বিশ্বত ঘৃণনীয় পৰিচয় প্ৰচাৰ কৰিছে ৷
হিন্দুত্ববাদৰ সম্ৰাজ্যবাদী ধৰ্মীয় আগ্ৰাসনৰ বিপৰিতে একাংশ অসমীয়া বুদ্ধিজীৱিয়ে মুছলমানৰ পক্ষত ঠিয় দিছে যদিও সেয়া তেওঁলোকৰ ভেল্কীবাজী চৰিত্ৰ ৷ মুছলমানক সকাহ দিয়াৰ উদ্দেশ্যমূলক সাময়িক সকাহ ৷
অসমত অসমীয়া ৰাজনৈতিক, বুদ্ধিজীৱি আৰু জাতীয়তাবাদী শিৱিৰে বড়ো আৰু মুছলমানৰ ক্ষেত্ৰত সদায়ে এক নিদিষ্ট দূৰত্বত অৱস্হান কৰে ৷ তিনিও শিৱিৰে নিজৰ আত্মস্বাৰ্থ আৰু ভাষিক সুবিধাৰ বাবে মুছলমানক ব্যৱহাৰ কৰা প্ৰমাণ অজি অসমৰ খিলঞ্জীয় মুছলমানৰ অৰ্থনৈতিক অনগ্ৰসৰতা, শিক্ষা অনগ্ৰসৰতা; ঠিক বড়োসকলৰ ক্ষেত্ৰতো একে ৷
শাসক অসমীয়াই ৰাজ্যখনত সম্প্ৰীতিৰ কথা আওৰাই থাকিলেও বাস্তৱত সমস্যাসমূহ সমাধান বা বাস্তৱ ৰূপায়িত কৰাত সদায়ে নিদিষ্ট দূৰত্ব স্থানত অৱস্থান গ্ৰহণ কৰে ৷ অসমীয়াৰ সুবিধাবাদী চৰিত্ৰ, প্ৰভুত্ববাদী মানসিকতাৰ ফলতে বড়োসকলে নিজকে অসমীয়াৰ পৰিচয় আৰু অসমীয়াৰ অংশৰ পৰা ওলাই আহিছে ৷
বৰাক উপত্যাকা ৷ অসমীয়াই বিনা যুদ্ধে য'ত হাৰ মানি আহিছে ৷ বৰাক বাহিৰে শাসক অসমীয়াই বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সমন্বয়ৰ অনুশিলন কৰি আহিছে যদিও বৰাক উপত্যাকাক লৈ তেওঁলোক চিন্তিত নহ'য় ৷ এনেও বৰাক জনজাতিৰ বাবে সেই ঠাইত বঙালীৰ সৈতে ভুমিপুত্ৰ জনজাতিৰ সংঘাত অসমীয়াই মনে প্ৰাণে আশা কৰে ৷
অসমৰ ভৈয়ামৰ অংশক লৈ শাসক অসমীয়া অধিক চিন্তাশীল ৷ এই অংশটো অসমৰ আদিম ভুমিপুত্ৰ জনজাতিৰ মুলভূত ঠাই ৷ গতিকে এই ঠাইত অসমীয়াই চলিব পৰাকৈ যথেস্থ অৰ্থনৈতিক উৎস, প্ৰাকৃতিক সম্পদ, ৰাজনৈতিক ৰণনীতি আৰু তেওলোকৰ সমাজিক বৈশিষ্ট্যবোৰ জীয়াই ৰাখিবলৈ এক অনুকুল পৰিৱেশ বিৰাজ মান ৷ সেয়ে অসমীয়াই বৰাকৰ দৰে এই ঠাইত জনজাতিৰ ওচৰত হাৰ মানিবলৈ ৰাজি নহ'য় ৷
এটা শাসক জাতিয়ে কূটনৈতিক বলৰে ৰাজনৈতিক শোষণৰ বুনিয়াদ গঢ়াটো জাতিটোৰ বাবেই অমংগল ৷ এই কথা জানিয়েই শাসক অসমীয়াই অত্যন্ত সচেতনতাৰে আজিকালি সম্বন্বয়ৰ কথা সঘনে উচ্চাৰিত কৰিব লৈছে ৷ পৰিতাপৰ কথা যে ঘৰিয়ালৰ চকুপানী দেখি শোষিত একাংশ জনজাতিয়ে তেওঁলোকৰ কথাত ভুল গৈ আত্মস্বাৰ্থ পূৰণত নামিছে ৷
ৰাজনৈতিক ভাৱে শাসক অসমীয়া উদাৰ নহ'য় ৷ বাকী অন্য ক্ষেত্ৰতো তেওঁলোকক উদাৰ আৰু পৰোপকাৰী ভৱাটো অত্যন্ত পাগলামী হ'ব ৷ সাঁপক বিশ্বস কৰিলেও অসমীয়াক বিশ্বস নকৰিব ৷
ভূমিপুত্ৰ জনজাতিৰ চৰিত্ৰৰ লগত তেওঁলোকৰ চৰিত্ৰৰ আকাশ পাতাল প্ৰভেদ ৷ জনজাতিৰ চৰিত্ৰৰ ওপৰত তেওঁলোকৰ বহুৰূপী চৰিত্ৰ গ্ৰাসৰূপী ৷ জনজাতিৰ একক চৰিত্ৰৰ পৰিৱৰ্তে তেওঁলোকৰ বহুৰূপী চৰিত্ৰই জনজাতিৰ জল-জমীন সকলোতে সৰ্বগ্ৰাসী আগ্ৰাসন কৰি লৈছে ৷
অসম জনজাতি প্ৰধান ৰাজ্য ! ইয়াৰ মূল্য ক'ত? সংবিধানৰ নিদিষ্ট বিধি থকা স্বত্বও বিধি উলংঘাৰে জনজাতিৰ ওপৰত শাসন কৰি, দমন কৰি অহাসকল কোনো বিদেশী নহ'য়; বৰঞ্চ শাসক অসমীয়া ৷ বিধি ব্যৱস্থা থকাৰ পাছতো আজিলৈকে নিজৰ ভুমিত কোনো এজন জনজাতিয়ে নিজক শাসন কৰা নজিৰ দেখিবলৈ নাই ৷ জনজাতিয়ে কি খাইছে সেইটোও কৈফিয়ৎ অসমীয়াক দিব লগা হ'য় ৷ সৰ্বত্ৰে জনজাতিৰ গোলামী অৱস্থা ৷ 
জনজাতিৰ ওপৰত শাসক অসমীয়াই ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক দায়িত্ব লৈ দশক দশক ধৰি ক্ষুদ্ৰ ক্ষুদ্ৰ জনজাতি ভুমিপুত্ৰই নিজৰ মাটিতে বঞ্চিত, শোষিত, ধৰ্ষিত ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনজাতিৰ নিগ্ৰহ চলিছে, হত্যা কৰা হৈছে, জনজাতীয় নাৰীক বৰ্বৰ অত্যাচাৰে ধৰ্ষণ কৰি হত্যা কৰিছে ৷ তাৰ পাছতো জনজাতিৰ চকু মেল খোৱা নাই; ভৱিষ্যত সুৰক্ষাৰ কথা চিন্তা কৰা নাই ৷ জনজাতিয়ে শোষিত, হত্যাকাৰী জাতিৰ ওচৰতেই ন্যায় বিচৰাৰ বা যুক্তি কোনখিনিত?
শাসক অসমীয়াই জনজাতিৰ সুৰক্ষাৰ দিশত কদাপি চিন্তিত নহ'য়, সেই কথা তেওঁলোকে "অসমত অসমীয়াই সুৰক্ষিত নহ'য়" বুলা কথাৰে জনাই আহিছে ৷ তেওঁলোকে ভাৱে যে দিল্লীয়ে আমাক শোষণ কৰি আছে ৷ প্ৰকৃততে এইটো জনজাতি সকলক এটা ভুৱা নমুনা বা উদাহৰণ দি তেওঁলোকৰ শোষণকাৰী চৰিত্ৰক ঢাকিব বিচৰা কৌশল ৷
দিল্লীৰ লগত অসমীয়াৰ ৰাজনৈতিক মিতিৰ-কুটুমৰ ঘনিষ্ঠতাই প্ৰমাণ কৰে যে প্ৰকৃত শোষনকাৰী কোন ৷ অসমীয়াই আঞ্চলিকতাবাদ কৰিলেও হিন্দুত্ববাদীৰ স্বাৰ্থত দিল্লীৰে সতে একে ৷ গতিকে অসমৰ সম্পদ দিল্লীয়ে খোৱাতকৈ বেছি শাসক অসমীয়াই খাই আহিছে ৷ দিল্লীক বদনামৰ অংশহে দিয়া হৈছে ৷ গাৱঁৰ মিতিৰ নাথাকিলে বাহিৰা চুৰে গাৱঁৰ ঘৰত কেতিয়াও সিন্ধি খান্দিব নোৱাৰে ৷
অসমৰ মুছলমান মানেই অবিশ্বাসী প্ৰাণী ! ধৰ্মক লৈ অসমৰ মুছলমানে সংকটত পৰা নাই ৷ ধৰ্মক লৈ সংকটত পৰা বোলা কথাটো ভিত্তিহীন ৷ মুছলমান সংকটত পৰিছে দাড়ি-টুপি, লুঙি, ভাষা আৰু বৰ্ণৰ বাবে ৷
বৰ্তমান বাংলাদেশৰ অস্তিত্বই হ'ল বৰ্ণ আৰু ভাষা ৷ ধৰ্ম যিয়েই নহওঁক, কিন্তু এটা ভাষাই, এটি বৰ্ণই অন্য ভাষা আৰু বৰ্ণক সততে ভীতিগ্ৰস্থ কৰে ৷ সেয়ে বাংলাদেশৰ প্ৰসৱ সময়ত লাখ লাখ মুছলমান নাৰী ধৰ্ষিতা হৈছিল একে ধৰ্মীয় লোকৰ হাতত ৷ শিশু-বৃদ্ধা, অৱাল-বনীতাক পাইকাৰী হাৰত হত্যা কৰা হৈছিল ৷ এই হত্যা এখন দেশ জন্মৰ বাবে, এটা ধৰ্মক ৰক্ষা নতুবা এটুকুৰা ভুমি সুৰক্ষা কৰাৰ বাবে হোৱা নাছিল ৷ হত্যা হৈছিল ভাষা আৰু বৰ্ণৰ বাবে একে ধৰ্ম পালন কৰা শোষকৰ হাতত ৷ শেষত, অগণন নিৰিহ জনতাৰ ৰক্তৰ বিনিময়ত; কুমাৰী নাৰীৰ আৰ্তনাদে জন্ম দিছিল একে বৰ্ণ, একে ভাষী এখন স্বতন্ত্ৰ সপোনৰ বাংলা ৷
ইছলামৰ বাবে শাসক অসমীয়া শংকিত নহ'য় ৷ অসমীয়াৰ বাবে ধৰ্মীয় সম্প্ৰদায়ৰ পৰা আহিব লগা আটাইতকৈ ডাঙৰ সংকটতো হ'ল সামাজিক আৰু সংস্কৃতিত পৰিব লগা অনা-অসমীয়া অ-হিন্দুৰ বিৰূপ প্ৰভাৱ ৷ কাৰণ অসমৰ ৩৬ শতাংশ মুছলমানৰ বৃহৎ অংশতোয়েই নগাঁৱ আৰু দৰঙৰ পৰা আৰম্ভ হৈ ধুবুৰি আৰু হাইলাকান্দিত শেষ হৈছে ৷ কবলৈ গ'লে ভাষিক বৰ্ণহিন্দু অসমীয়াৰ সামাজিক আৰু সংস্কৃতিত জীন নোযোৱা এটা বিপদ ৷
ভাষা আৰু বৰ্ণক লক্ষ্য কৰি নামনিৰ মুছলমানক "ন-অসমীয়া" কৈ ভাষিক অসমীয়াই আঁকোৱালি ল'ব নোৱাৰে ৷ নামনিৰ মুছলমানৰ কোনো চৰিত্ৰই ভাষিক অসমীয়াৰ সংস্কৃতি আৰু সামাজিক অৱস্থাৰ লগত নিমিলে ৷ তাতে নামনিৰ মুছলমানৰ ওপৰত "অবৈধ বিদেশী" আৰু "অপৰাধী"ৰ সন্দেহজনক প্ৰশ্ন সদায় ওলমি থাকে ৷ তদুপৰি নামনিৰ মুছলমানে ইছলাম ধৰ্মৰ বিশ্বাসত আৰৱীয় কায়দা-কানুন পালন কৰা কথাবোৰ আছেই ৷
উজনীৰ মুছলমান মানেই "ন-অসমীয়া" ৷ জানিব যে তেওঁলোকক "ন-অসমীয়া" হে কোৱা হৈছে ৷ যদিও নামনিৰ খিনিক "পমুৱা" কোৱা হ'য়;  অসমীয়াৰ ইয়াতে যথেষ্ট প্ৰভেদ আছে ৷ উজনীৰ মুছলমানক "ন-অসমীয়া", নামনিৰ খিনিক "পমুৱা" ৷ কিন্তু অসমীয়া হোৱাৰ পৰা সমূহ মুছলমানক স্বেচ্ছাই ভাষিক অসমীয়াই নিলগাই ৰাখিছে ৷ নাৰাখিলে অসমীয়াৰে বিপদ;  ভৱিষ্যেত শাসক হ'ব কেনেকৈ? জখলা ত অৱশ্যেই লাগিব ৷
অসমৰ জনজাতি সকলক বৰ্ণহিন্দু ভাষিক অসমীয়াই "আপোন ভাই"(ককাই নহ'য় কিন্তু; অসমীয়াতকৈ কোনো ডাঙৰ নাই) মৌখিক ৰূপত ৰহন সনা মাতৰে নিজৰ স্বাৰ্থ সিদ্ধি কৰিব পাৰে ৷ কাৰণ ভাষিক অসমীয়াৰ লগত জনজাতিৰ দুই এটা সাদৃশ্য(অসমীয়াই নকল কৰিব জনা কাৰণে) আছে ৷ বৈদিক যুগৰ বহু যুগৰ আগৰ পৰা অসমৰ জনজাতিৰ অস্তিত্ব আছে যদিও ভাষিক অসমীয়াৰ চক্ৰান্তত জনজাতিৰ অৱস্থা লাও লোৱা ৷ বহু সময়ত জনজাতি কেইটা বেঙে মুতা গৰুৰ অৱস্থা ধৰে ৷ ফলত সুযোগ বুজি ভাষিক অসমীয়াই সকলো স্বাৰ্থ পূৰণ কৰা পথ সুগম হ'য় ৷ এনে চক্ৰান্তক আপুনি সামাজিক-সংস্কৃতিক শোষণ বুলি ধৰিব পাৰে ৷ পিছে মুছলমানৰ লগত ভাষিক বৰ্ণহিন্দু অসমীয়াই কৰিব পাৰিব জানো ?
কোনো মুছলমানে ক'ব পাৰিবনে যে অসমীয়াৰ সংকটৰ প্ৰশ্নৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী কোনে বিচাৰিলে? দেশত হিন্দু সংকটৰে নাগিকত্ব বিধেয়কৰ দ্বাৰা হিন্দু বিদেশী কোনে আনিব বিচাৰিছে ? এই দুয়োটাক কোন সকল মানুহে ৰাজনৈতিক প্ৰতিনিধিত্বৰ শক্তিৰে অসমত প্ৰযোজ্য কৰিব বিচাৰিছে? মুছলমান নে ভুমিপুত্ৰ জনজাতিয়ে? ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ নামত মানসিক, শাৰিৰীক আৰু নাগৰিত্বকলৈ অপমানিত হৈছে কোনখিনি মানুহে? কোনবা ভাষিক অসমীয়াই অপমানিত হৈছে নেকি? 
অসমৰ অসমীয়াই কেনে জাতীয়তাবাদী ধ্যান-ধাৰণা পোষণ আৰু নেতৃত্ব বহন কৰি আহিছে যে ভুমিপুত্ৰ জনজাতিয়ে নিজৰ ভাষা সংস্কৃতি, কলা-কৃষ্টি ত্যাগক কৰিব লাগে? চুকাফ আৰু শংকৰদেৱৰ অমৃত বাণীৰে মহীয়ান হোৱা জাতিটোৰ বুকুত কিয় আজি বড়ো, ডিমাচা, কাৰ্বিয়ে হাতত অস্ত্ৰ তুলি ল'ব লগা হ'ল? অসমীয়াই ইয়াৰ প্ৰশ্নৰ উত্তৰ দিব পাৰিবনে? তেওঁলোকে অস্ত্ৰ ধৰাৰ বাবে অসমীয়াই দায়িত্ব লবনে? নে তাৰ বাবে কোনো ৰেডিমেট প্ৰশ্নউত্তৰ সাজু আছে? সম উন্নয়নৰ ভাৱধাৰা ৰখা অসমীয়া জাতিটোৰ মাজত ভুমিপুত্ৰ জনজাতিয়ে কিয় কেৱল চতুৰ্থ বৰ্গৰ বেকল'গ চাকৰি কৰিবৰ বাবে দৌৰিব লগা হ'য়?
অসমীয়া উচ্চ জাত্যভিমানী জাতিয়ে এনে হাজাৰ প্ৰশ্নৰ কায়িক সমাধান আমাক দিব লাগিব সমন্বয়, বৰ অসম, বাৰে বৰণীয়া সংস্কৃতিকৰ স্বাৰ্থত ৷ সঁচা অৰ্থত প্ৰগতিবাদী চিন্তাশীল অসমীয়া সমাজে এক গুৰু দায়িত্ব লৈ অসমীয়া ৰাজনৈতিক দিশৰ লগতে সামাজিক দিশ সলনি কৰিব লাগিব ৷ যি ৰাজনীতিত তেওঁলোকে কৈ অহা জাতি-জনজাতিৰ সম-উন্নয়ন, সম-বিকাশ, সম-অধিকাৰ আৰু ন্যায় থাকিব ৷ অন্যথা জাত্যভিমানী অসমীয়াই ভুমিপুত্ৰ জনজাতিৰ অধিকাৰত মাত আৰু হাত দিয়াৰ কোনো ন্যায় আৰু বিধি সন্মত অধিকাৰ নাই, না থাকিব ৷
বৰ্ণহিন্দু জাত্যভিমানী অসমীয়াই সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক শোষকৰ চৰিত্ৰ ত্যাগ নকৰি যদি কেৱল বৰ অসমৰ কথাত আকোৰগোজ হৈ নিজৰ শোষণকাৰী প্ৰভুত্ববাদী চৰিত্ৰ জনজাতিৰ ওপৰত বৰ্তাই ৰাখে তেতিয়া অসমৰ ভুমিপুত্ৰই তেওঁলোকৰ লগত হাজাৰ বছৰ সংগ্ৰাম কৰিব, কৰিম ৷ তেওঁলোকে জনা উচিত যে চল-বলে-কৌশলে এই ভুমিত ভুমিপুত্ৰ জনজাতিক অৱদমন কৰা সহজ নহ'য় ৷ প্ৰথমেই তেওলোকে অসমৰ ভুমিপুত্ৰক সাংবিধানিক অধিকাৰ ভোগ কৰিব পৰা ব্যৱস্থা নিশ্চিত কৰিব লাগিব ৷
অসমত ভুমিপুত্ৰ জনজাতিসমূহে নিজৰ আত্মৰক্ষা আৰু আত্মপ্ৰতিষ্ঠাৰ বাবে ৰাজনৈতিক আৰু অৰ্থনৈতিক অধিকাৰ পাবই লাগিব ৷ সেই অনুহাৰে অসমৰ মুছলমান সকলেও দেশৰ নাগৰিকৰ সন্মান পাই অধিকাৰ আৰু ন্যায় পাব লাগিব ৷ মুছলমান আৰু ভুমিপুত্ৰ জনজাতিৰ অধিকাৰ কুক্ষিগত কৰি অহা পৰম্পৰা অসমীয়া জাতিয়ে এৰিব লাগিব ৷
অসমীয়া জাতিৰ জাত্যভিমানৰ দপদপনিতে হে অসমীয়া ৰাজনীতিৰ ৰাজহাড় আছে ৷ আৰু সেই ৰাজহাড় পোন কৰি ৰখিছে নিৰ্ণায়ক ভুমিকা লৈ আহা সাধাৰণ অসমীয়া মানুহে ৷ গতিকেই সম্বন্বয়, বুকুৰ কুটুম ভাৱাৰ্থ বাস্তৱ কৰিবলৈ সাধাৰণ অসমীয়া জনতাই এক যুগান্তকাৰী সিদ্ধান্ত ল'ব লাগিব ৷ সেই সিদ্ধান্তই ৰাজনীতি আৰু বৌদ্ধিক জগতক উগ্ৰ জাত্যভিমানৰ গোড়ামী অহংকাৰৰ পৰা মুক্ত কৰিব পাৰিব ৷ অন্যথা এই ভুমিত অসমীয়া জাতিৰ কোনো অধিকাৰ নাই ভুমিপুত্ৰ জনজাতিৰ জমিনি অধিকাৰ নিজৰ হাতত ৰাখি থবলৈ ৷ ভুমিপুত্ৰ জনজাতি জাত্যভিমানী অসমীয়াৰ কিনা গোলাম নহ'য়…
অসমীয়া সমাজে ভাষাগত ভাৱে যি সংখ্যাগৰিষ্ঠতা ৰাজনীতিৰে বড়োসকলৰ পৃথক বড়োলেণ্ড বিৰুধীতা কৰিবলৈ ধৰিছে সেয়া তেওঁলোকে সততে চিঞৰি থকা অবৈধ বিদেশী নাগৰিকৰ বিষয়টোয়ে তেওঁলোকৰ ভাষিক সংখ্যাগৰিষ্ঠতা কিমান সেইটো জল জল পট পটকৈ ওলাই পৰিছে ৷ অসমীয়াৰ উগ্ৰ জাত্যভিমানীৰ ফলতে দেখা দেখিকৈ বৰাক উপত্যাকাৰ মানুহে অসমীয়াক আৱৰ্জনালৈ দলিয়াই দিছে ৷ স্কুল-কলেজত বাংলা ভাষা মুছলমান আৰু বঙালী উভয়ে ব্যৱহাৰ কৰিছে ৷ আজি সেইসকল বঙালী ভাষা কোৱাৰ বাবেই অসমীয়া নহ'য় ৷
বিটিএডিৰ দৰে ক্ষুদ্ৰ এলেকাত সকলো সংখ্যালঘু লোকেই বাংলা ভাষা ব্যৱহাৰ কৰে ৷ ৰাজবংশী সকলেও শুদ্ধ অসমীয়া ভাষাৰ পৰিৱৰ্তে বাংলা মিশ্ৰীত অসমীয়া অপভ্ৰংশ শব্দ ক'য় ৷ বাকি কাৰ্বি, মিচিং, বড়ো, ৰাভা, হাজং, কোচ, আদি জনজাতিয়ে নিজৰ ভাষাত চলিছে ৷ মধ্য অসম কামৰূপীয়া, বৰপেটীয়া, নলবৰীয়া ইত্যাদি অনেক কথিত ভাষা প্ৰচলন হ'য় ৷ যদি ভাষা এটা কথিত ৰূপত ব্যৱহাৰ কৰি নাথাকে তেন্তে সেই ভাষাৰ লিখিত ৰূপে কিমান মান্যতা ৰাখিব পাৰিব তাত যথেষ্ট সন্দেহ আছে ৷
অসমত শুদ্ধ অসমীয়া কোৱা লোক তেনোই নগন্য ৷ বিশেষকৈ উজনীত এই ভাষা কোনোৰকম চলি আচে ৷ যদি অসমীয়াই ওলটা খৰ মাৰি কব নেকি যে বৰাকৰ বাঙালা ভাষী বিদ্যালয়ত আমাৰ ভাষা চলে, বঙালীবোৰ অসমীয়া বুলি ৷ নে তেওঁলোকে ভাৰতীয় সংবিধানে বিধিসন্মত ভাৱে দিয়া নিজৰ জনজাতীয় ভাষাৰ অধিকাৰ কাঢ়ি জনজাতিৰ মুখত অসমীয়া ভাষা জুলুম কৰি সুমুৱাই দিব? গতিকে বানপানীত পৰা মানুহে বচিবলৈ শেষ সম্বল হিচাপে খেৰৰ কূটাকে সাৱতি ধৰা দি অসমীয়া ভাষীক উগ্ৰ জাতীয়তাবাদীসকলে বড়োসকলৰ বিৰুদ্ধে বাংলা ভাষীক লৈ ভাষীক সংখ্যাগৰিষ্ঠতাৰ ৰাজনীতি নকৰাই উচিত ৷ তেওঁলোকে নিজৰ ভাষাৰ আত্মীয়তাৰ কথাটোহে গুৰুত্ব দিয়া উচিত ৷









৷ মহন্ত চৰকাৰৰ দিনত কাৰ বাবে নেলীত শ শ শিশু আৰু মাতৃ হত্যা কৰা হ'ল? কাৰ স্বাৰ্থৰ বাবে গহপুৰত অগণন বড়ো বৃদ্ধ আই-পিতাই বুকু বন্ধুকৰ গুলিৰে ঠকা-সৰকা কৰি দিয়া হ'ল? এই প্ৰশ্নৰ উত্তৰ অসমীয়া বুদ্ধিজীৱি, জাতীয়তাবাদী আৰু অসমীয়া ৰাজনৈতিক নেতাই দিব পাৰিব নে বৃহত্তৰ অসমৰ স্বাৰ্থত? বাৰে বৰণীয়া সংস্কৃতিৰ স্বাৰ্থত?