প্ৰযুক্তি শিক্ষাঃ নিজক হত্যা কৰা শীতল পৰিকল্পনা

বজাৰত শাক-পাছলিৰ দাম জুইৰ দৰে ৷ সুধি চাব পাৰি স্পৰ্শ কৰিব নোৱাৰি ৷ প্ৰতি কিলো কেচা শাকৰ দাম ৪০(চল্লিশ) টকাৰ উৰ্দ্ধত ৷ চল্লিশৰ পৰা আৰম্ভনীহে ৷ তদুপৰি বজাৰত ঔটেঙাৰ বাহিৰে সকলো শাক-পাছলি কৃত্ৰিম প্ৰক্ৰিয়াৰে উৎপাদনকৃত ৷ ব্যাপক হাৰত কৃটনাশক ঔষধ প্ৰয়োগ কৰা হৈছে আজিৰ সেউজীয়া শাক-পাচলিত ৷ ই চিন্তাৰ বিষয় ৷ মানুহৰ দৈনিন্দন আহাৰ যোগান সুনিশ্চিত আৰু সুৰক্ষিত কৰিবলৈ মানুহে সহায় লোৱা ৰাসায়নিক পদাৰ্থই জটিল সমস্যা কঢ়িয়াছে ৷ পোক পৰুৱাৰ পৰা শাকনিবাৰী সুৰক্ষা দিবলৈ নতুন নতুন ঔষধ প্ৰয়োগৰ ফলত শাক-পাছলিৰ স্বাভাৱিক গুনাগুন তথা প্ৰাকৃতিক কোনো সোৱাদ আৰু গুণাগুণৰ অৱশিষ্ট নাথাকেগৈ ৷ ৰাসায়নিক ঔষধ প্ৰয়োগ কৰা সেউজীয়া শাক-পাছলি খোৱাৰ পাছত মানুহৰ শৰীৰ অভ্যান্তৰত যথেষ্ট খেলি মেলি বা বিৰুপ প্ৰভাৱ পৰে ৷ মানুহৰ শৰীৰটো লাহে লাহে বিষযুক্ত হৈ পৰে ৷ ফলত মানুহে নজনাকৈ বয়সৰ বিপৰীতে নিজক হেৰুৱাই ৷ মানুহে শাক-পাছলিক সুৰক্ষা দিবলৈ যাওতে নিজৰেই নিৰাপত্তা হেৰুৱাই পেলাইছে ৷ সেযে আমি আমাৰ গড় আয়ুস ৫০-৬০ ৰ ভিতৰত নিৰ্ণয় কৰি লৈছো ৷

প্ৰযুক্তিবিদ্যা আপোনাৰ চোতাল হাজিৰ ৷ মানুহৰ নিজৰ আৱিষ্কাৰৰ চমৎকাৰত ভাৱি নোৱাৰাকৈ সন্তোষ লভিছে ৷ আচৰিত কথা এয়ে যে আমি সন্মুখত মনে বিচৰা বস্ত ইচ্ছামতে পাইছো কিন্তু পাছৰ পৃথিৱীখন প্ৰতিটো খুঁজতে হেৰুৱাইছো ৷ আজিকালি বাৰীত তামুল,নাৰিকল,আম-কঠাল গছে ইচ্ছামতে ফচল উৎপাদন কৰিব নোৱাৰে ৷ প্ৰকৃতিৰ ইচ্ছা ইতৰ প্ৰাণীৰ ওপৰত নিৰ্ভৰশীল ৷ মানুহৰ ইচ্ছাৰ ওপৰত নহ'য় ৷ কিন্তু মানুহৰ ইচ্ছাৰ কাৰণে প্ৰকৃতি আজি অসম্ভৱ ধাৰাসায়ী, মৃতপ্ৰায় ৷ অথচ মানুহৰ জীৱনৰ আয়ুস নিৰ্ধাৰণ কৰা ক্ষমতা প্ৰকৃতিৰ ওচৰত ন্যস্ত ৷ প্ৰকৃতিৰ পৰিৱেশতন্ত্ৰ ৰক্ষা কৰা ক্ষুদ্ৰ ক্ষুদ্ৰ পোক-পৰুৱা, মাখি জাতীয় প্ৰাণীসমূহৰ নিধন সূত্ৰৰ পৰিসৰ বিস্তাৰ পৰ্যায়মানে কৰিছো ৷ আমি চেষ্টাৰ ত্ৰুতি এৰা নাই ৷ বিপৰীতে ইতৰ প্ৰাণীয়ে আমাক বচাবলৈ অৱিৰত এক সংগ্ৰাম আমাৰ অজানিতে চলাই আহিছে ৷ মানুহৰ স্বাৰ্থৰ কাৰণে মানুহে যোগাযোগ মাধ্যমসমূহ আগতকৈ খকটিয়া তথা তাৎক্ষণিক কৰিব ল'ব জানিলে ৷ ফলত তৰংগ আৰু ইন্টাৰনেট ৱ্যৱহাৰৰ আৱিষ্কাৰ হ'ল ৷ এই ইন্টাৰনেট আৰু তৰংগৰ বিস্তাৰ কৰিব যাওতে আমাক প্ৰয়োজন হ'ল "টাৱাৰ"ৰ দৰে এক ভয়ানক আধুনিক আহিলা, যাৰ স্হিতিয়ে প্ৰাণীকুলৰ অস্তিত্ব তীব্ৰ গতিত সংকুচিত কৰি আনিছে ৷ টাৱাৰ পৰা নিৰ্গত ৰেডিয়েচনে বহু ইতৰ প্ৰাণীৰ জীৱন কাঢ়ি লৈ গৈছে ৷ যাৰ ফলত সৰু সৰু মাখি জাতীয় প্ৰাণীৰ সংখ্যা চকুত লগা ধৰণে কমিব লৈছে ৷ টাৱাৰৰ ৰেডিয়েচনে অকল ইতৰ পোক-পৰুৱাকে আক্ৰমণ কৰা নাই, ই মানুহৰ শৰীৰকো বেয়াকৈ আক্ৰমণ কৰিছে ৷ 


নগৰ সমূহ বাঢ়ি আহিছে ৷ মানুহবোৰ ক্ৰমান্বয়ে অৰণ্য এৰিছে ৷ অসুন্তোষৰ মিছিলবোৰ বাঢ়িছে ৷ শোষণ আৰু বঞ্চনাৰ উদ্যোগ গড় দিয়া হৈছে ৷ অন্যায় আৰু অবিচাৰৰ কমাৰশলা গঢ়িতোলা হৈছে ৷ হাজাৰ শকিয়নীৰ পাছতো সেই একে ভণ্ডামিত আমি ৰৈ দিছো ৷ মানুহে শিক্ষাৰ আভাৱনীয় অন্বেষণৰ ফলশ্ৰুতিত আধুনিকতা জীৱন আৰু বিলাস হস্তগত কৰা কৌশল আয়ত্ব শিকিলে ৷ যিমানে শিকিছে সিমানে সভ্যতাৰ নিজস্বতাৰ ওপৰত আঘাত পৰিছে ৷ মানুহৰ সৌভাগ্য এয়ে যে, মানুহে আধুনিক আৱিষ্কাৰৰ জৰিয়তে নিজকে কৃত্ৰিম ভাৱে পোৱাৰ যোগ্য হ'ল ৷ এই পৃথিৱীত মানুহ কেৱল নিজেই নিজৰ পৰিপুৰক নেকি? যদি নহ'য় তেন্তে প্ৰকৃতিৰ ওপৰত ইমান নিৰ্মম অত্যাচাৰ কিয়? কিয় আজি বিজ্ঞানে গছৰ কৃত্ৰিম উশাহ-নিশাহৰ ব্যৱস্হা কৰিব পৰা নাই? কিয় পৰিৱেশৰ পৰিস্হিতিতন্ত্ৰৰ গতানুগতিক ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ উদ্ভিদৰ কৃত্ৰিম আৱিষ্কাৰ হোৱা বা কৰা নাই? বিভিন্ন ৰাসাষনিক সংমিশ্ৰণৰ পদ্ধতিৰে গছৰ কৃত্ৰিম ফচল(গুটি) আৱিষ্কাৰ কৰিব পৰা নাই ৷ এই পৃথিৱীত মানুহে নিজৰ ভোগ, বিলাসিকতা আৰু মানুহে মানুহৰ পৰাহে নিৰাপত্তা বিচাৰি আধুনিক শিক্ষাৰে ন ন আৱিষ্কাৰৰ অন্বেষণ কৰিছে ৷ মানুহৰ লগত নিঃশব্দে সহৱস্হান কৰি থকা ইতৰ প্ৰাণী আৰু উদ্ভিদকুলৰ সুৰক্ষা কোনো বিজ্ঞানকৃত আৱিষ্কাৰৰ সূত্ৰ আজিলৈকে উলিয়াব পৰা নাই ৷ বিজ্ঞানে মানুহৰ উত্তৰণ কৰিছে ঠিকেই কিন্তু মানূহৰ অস্তিত্ব যে অনন্ত কাললৈ থাকিব সেইটো নিশ্চিত এতিয়াও দিব পৰা নাই ৷ মানুহে এতিয়ালৈকে যিখিনি পাইছে সেই সমস্তখিনি এই পৃথিৱীৰ প্ৰকৃতিৰ পৰা বিজ্ঞানৰ জৰিয়তে শোধন কৰিহে আহৰণ কৰিছে ৷ অৰ্থাৎ মানুহৰ প্ৰয়োজনীয় লাগতিয়াল বস্তু প্ৰকৃতিৰ চতুৰ্দিশে বিস্তাৰিত বিভিন্ন সংমিশ্ৰণৰ পৰা পৃথকিকৰণৰ জৰিয়তে পাইছে ৷ বিজ্ঞানে প্ৰকৃতিৰ সেউজীয়া অক্ষুন্ন ৰাখিবলৈ, উদ্ভিদৰ জন্ম, ইতৰ প্ৰাণীৰ কৃত্ৰিম প্ৰজননৰে পৃথিৱী আৰু প্ৰকৃতিৰ পৰিস্হিতিতন্ত্ৰৰ ধাৰাবাহিকতা বজাই ৰাখিব পৰা ক'তো কোনো সূত্ৰৰ আৱিষ্কাৰ উদ্ভাৱন কৰিব পৰা নাই ৷ এটা কথা মন কৰিব যে মানুহৰ প্ৰয়োজনীয়  বস্তোবোৰ এই ধাৰৰ বুকুৰ পৰা পৃথকিকৰণ প্ৰক্ৰিয়াৰ ফলত প্ৰকৃতি আৰু পৃথিৱীৰ সমীকৰণত বৃহৎ আউল লাগে ৷ পৃথিৱী আৰু প্ৰকৃতিৰ ভাৰসাম্যত তাৰতম্য ঘটে ৷ ফলত মানুহেই ক্ষতিগ্ৰস্ত হ'ব লগা হ'য় ৷


আমাৰ পাঠ্যপুথিৰ প্ৰযুক্তি শিক্ষাৰ পৰিধি কেৱল ধ্বংসযজ্ঞ উদ্ভৱন কৰাতে সীমাবদ্ধ ৷ পৰমাণু মৌলৰ দৰে মাৰাত্মক মৌল আৱিষ্কাৰে মানুহৰ অস্তিত্ব অনিশ্চত কৰি পেলাইছে ৷ মানুহৰ কোনো আৱিষ্কাৰেই কোনো পৰিপূৰক চৰিত্ৰৰ ক্ষমতা বহন নকৰে ৷ উদাহৰণ আমি নিশাৰ বাবে পোহৰ বিচাৰিলো ৷ পোহৰ পোৱাৰ বাবে শুকান পাত-খৰি যোগাৰ কৰি জ্বলাই দিলো ৷ তাৎক্ষণিক পোহৰ পালো হ'য় কিন্তু আমি জুই জ্বলাই দিয়োতে জুইৰ ফলত নিৰ্গত কাৰ্বনে জীৱকুললৈ বিপদৰ সংকেত কঢ়িয়াই আনিলে ৷ ধৰক, খৰি-পাতৰ পৰিৱৰ্তে অন্য উপায়ৰে পোহৰ পাবলৈ আমি টৰ্চ লাইট ব্যৱহাৰ কৰিলো ৷ টৰ্চ লাইটৰ পৰা পোৱা কৃত্ৰিম পোহৰ পাবলৈ আমি প্ৰকৃতিৰে এটা বৃহৎ অংশ অনিষ্ট কৰা নাই জানো? পোহৰৰ পৰিৱৰ্তে আমি প্ৰকৃতিৰ পৰা পোৱা সৰঞ্জামসমূহ ভৰপাই ত কোনো দিনে কৰা নতুবা শিকা নাই ৷ গতিকে আৱিষ্কাৰে কোনো পৰিপুৰক চৰিত্ৰৰ ক্ষমতা বহন কৰাত সন্দেহ থাকি যায় ৷ যদি কৰে সেয়া মানুহৰ বৈষয়িক বস্তুৰ পৰিপুৰক চৰিত্ৰৰ ক্ষমতা বহন কৰে ৷ গতিকে আমাৰ শিক্ষাৰই মানুহৰ বিলাসীকতা দিশে উত্তৰণমুখী হোৱা স্বভাৱ সলনি কৰিবৰ হ'ল ৷ মানুহৰ হাতোৰাত প্ৰকৃতিৰ ধাৰাবাহিক ধ্বংসযজ্ঞ বন্ধ কৰিব হ'ল ৷ পাঠ্যপুথিৰ জ্ঞানৰ ধাৰা গধুৰ আৱিষ্কাৰমুখী নকৰি প্ৰকৃতিৰ প্ৰকৃতি সুৰক্ষা কৰি, প্ৰকৃতিৰ ভাৰসাম্যতা বজাই ৰাখিব পৰা শিক্ষাৰ উত্তোৰণ হ'ব লাগে ৷ প্ৰকৃতিৰ পৰা পৰম্পৰাগত ভাৱে মানুহৰ প্ৰয়োজন পূৰণ বা আহৰণ কৰা শিক্ষাৰ উত্তৰণ প্ৰয়োজন ৷ মানুহে নিজৰ ভোগ বিলাসীকতাৰ স্বাৰ্থত প্ৰকৃতিৰ মাজৰ পৰা যিমানেই অকলশৰীয়াকৈ অৱস্হান কৰিব তেতিয়াই মানৱ অস্তিত্ব বিলুপ্ত হ'ব ৷ গতিকে আমি প্ৰকৃতিৰ মাজত সুপ্ত হৈ থকা পৰম্পৰাগত পৰিপুৰক চৰিত্ৰৰ ক্ষমতা অন্বেষণ কৰা আৰম্ভ কৰিবৰ হ'ল ৷ অন্যথা এই পৃথিৱীৰ অস্তিত্ব, মানুহৰ অস্তিত্ব, পৃথিৱিৰ সুবিশাল কল্পনাতিত সৌন্দৰ্য্য এদিন হৰ্থাৎ ধ্বংসস্তুপত পৰিণত হ'ব ৷ ইয়াৰ বাবে মানুহেই জগৰীয়া হ'ব লাগিব ৷

আমাক এক সুষ্ট গুণগত শিক্ষা আৰু সুষ্ট ৰাজনীতি প্ৰয়োজন ৷ দয়া আৰু উপকাৰী শিক্ষাৰ প্ৰযোজন ৷ ঠিক তেনেকৈ শোষণ আৰু বৈষম্যহীন ৰাজনীতিও প্ৰয়োজন ৷ পঢ়াব জনাকেইজনে শিকাবও জানিব লাগিব ৷ শাসন কৰা কেইজনে মিলাবও জানিব লাগিব ৷ আকৌ শিকা কেইজনে গঢ়িবও জানিব লাগিব, পোৱা কেইজনে দেখুৱাবও জানিব লাগিব ৷ সকলো বিকাশশীল হ'লে নহ'ব ৷ বিকাশশীলত ধ্বংস আৱশ্যম্ভাৱী ৷ বিকাশশীলতাই মানুহৰ প্ৰচুৰ ভোগ বিলাস আৰু কিছু পৰিমানে নিজৰ প্ৰয়োজন সমূহ আহৰণ আৰু নিৰাপত্তা দিব পাৰিব ৷ কিন্তু বিকাশীলতাৰ নামত মানুহে আহৰণ কৰা সম্পদৰাজী প্ৰকৃতিৰ পৰাই আহৰণ কৰিব লাগিব ৷ প্ৰতি দিনে মানুহৰ বিকাশৰ বাবে প্ৰকৃতিৰ বুকুৰ পৰা আহৰণ কৰা বিকাশশীলৰ সম্পদবোৰ এদিন কমি যাব ৷ প্ৰকৃতিৰ ক্ষতি অবিহনে অন্য ধৰনে মানুহৰ প্ৰয়োজন পূৰণ কৰা বিকল্প আছে জানো ৷ যদিও সিবিলাকৰ বিকল্প আছে তাৰ উত্তৰণৰ কাৰিকৰি অৱস্হিতি কেনে পৰ্য্যায়? প্ৰকৃতি অনিষ্টহীন বিকল্পৰ উত্তৰণ সমূহৰ ব্যাপক কৰি তুলিবলৈ কেনে ৰাষ্ট্ৰ ব্যৱস্হা নীতি অৱলম্বন কৰা হৈছে? ৰাষ্ট্ৰ সমূহে কেনে শিক্ষানীতি, আন্তঃৰাষ্ট্ৰীয় নীতি বিচাৰ কৰিছে? এই গোটেইবোৰ দিশ মানুহেই বিচাৰ কৰি প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষা কৰিবলৈ সমূহীয়া নীতি উদ্ভাৱনৰে কঠোৰ  ভাৱে পালন কৰিবলৈ লাগিব ৷ কিন্তু কোনো ৰাষ্ট্ৰৰে কোনো পৰামৰ্শ নীতি গ্ৰহণযোগ্য হ'ব নালাগিব ৷ প্ৰকৃতিৰ অবাধ ধ্বংসৰ বিৰুদ্ধে সকলো ৰাষ্ট্ৰৰ নীতি এক হ'ব লাগিব ৷ কোনো ৰাষ্ট্ৰই প্ৰকৃতি সুৰক্ষাৰ বিষয়টো সহমত প্ৰকাশ কৰি এৰি দিব নোৱাৰ হ'ব লাগিব ৷ দেখা গৈছে যে ৰাষ্ট্ৰৰ মুৰব্বী আৰু প্ৰশাসন সমূহে নিজৰ নিজৰ ৰাষ্ট্ৰক একাংশ ধৰ্মগত ভাৱাৰ্দশত জন্মলোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰা সম্পত্তি আৰু জীৱন ৰক্ষা কৰিবলৈ "সকলোৱে সন্ত্ৰাসবাদী বিৰুধ" নীতিত একমত হোৱা আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ সহমত পোষণ কৰিছে ৷ যদি মানুহৰ ওপৰত হোৱা সন্ত্ৰাসৰ বিৰুদ্ধে সমগ্ৰ সভ্য মানৱ জাতিয়েই এক নীতিত সহমত পোষণ কৰা ক্ষমতা থাকে তেন্তে প্ৰকৃতিৰ পৰা আহৰণ কৰা অবাধ সম্পদ আৰু প্ৰকৃতিক ধ্বংস কৰা কাৰ্যবোৰৰ ক্ষেত্ৰটো বিশ্ব ৰাজনীতি এক নীতিত সহমত পোষণ কৰি কাৰ্যকৰী কৰা প্ৰয়োজন ৷ ধৰ্মৰ নামত মানুহ হত্যা কৰা সন্ত্ৰাসতকৈ কোনো গুনে কম নহ'য় প্ৰকৃতি ধ্বংস কৰা কাৰ্য ৷ প্ৰতিখন ৰাষ্ট্ৰই নিজৰ ৰাষ্ট্ৰৰ নীতিগত ব্যৱস্হাৰে নিজৰেই ভু-খণ্ডৰ পৰা সীমাহীন আহৰণ কৰি থকা সম্পদৰ ক্ষেত্ৰত বিচাৰ কৰা প্ৰয়োজন আছে ৷ ৰাষ্ট্ৰসমূহৰ নিজৰ বিজ্ঞান নীতি প্ৰকৃতিৰ প্ৰচুৰ্যক, ভাৰসাম্যতা, পৰিস্হিতিতন্ত্ৰক আঘত হনি প্ৰয়োগ কৰাটো বিচাৰ কৰা প্ৰয়োজন ৷

শেষত, মানৱ জাতিক অৱশ্যেই প্ৰযুক্তি শিক্ষা লাগে ৷ কিন্তু প্ৰযুক্তি শিক্ষা কেৱল মানৱ জাতিৰ উত্তৰণ বিকাশৰ হকে হ'লেই নহ'ব ৷ আমাৰ প্ৰযুক্তি শিক্ষাই এটা পৰুৱাৰ স্বাধীনতা, অধিকাৰকো বুজাব পাৰিব লাগিব ৷ এটা মাছে, এজনী চৰাইয়ে আৰু এজোপা গছেও নিজৰ নিজৰ স্বাধীনতাত নিৰ্বঘ্নে চলন ফুৰন আৰু থাকিব দিয়া শিক্ষা হ'ব লাগিব ৷ মানৱ জাতিৰ নিৰাপত্তাৰ স্বাৰ্থত মানুহে ভৱিষ্যত সন্ধান কৰিবলৈ সহায় লোৱা আৰ্থাৎ মানৱৰ লগত সহৱস্হান কৰি জীয়াই থকা আৰু মানৱ জাতিৰ প্ৰতিটো উশাহ-নিশাহ বিনিময় কৰা প্ৰাণীকুল আৰু উদ্ভিদজগতক অনিষ্ট তথা ধ্বংস কৰি যোৱা প্ৰযুক্তিগত, কাৰিকৰি শিক্ষা মানৱ জাতিক প্ৰয়োজন নাই যদিহে তেনে শিক্ষাই প্ৰকৃতিৰ সকলো প্ৰাণীকুল, পৰিস্হিতিতন্ত্ৰ আৰু ভাৰসাম্যতা ৰক্ষা কৰিবলৈ পৰম্পৰাগত কৌশলৰ অন্বেষণ নকৰে ৷