টেঞ্জিং বডোচাঃ দেহত ৰ'দ আৰু বৰষুণ নপৰা যুৱ কৃষক


বিটিএডিৰ ওদালগুৰি টাউনৰ পৰা ১২০ কিঃমিটাৰ দূৰত্বত অৱস্হিত এখন বড়োগাঁও ৷ ডিমাকুছি ৷এই ডিমাকুছি গাঁৱখনৰ গাতে লাগি আছে ভূটান৷ ভাৰতৰ এখন প্ৰতিৱেশী দেশ ৷ ভূটানৰ সীমাৰ কাষতে লাগি থকা ভাৰতবৰ্ষৰ এই অখ্যাত গাঁৱখনত এদিন লুকাই আছিল এটা সফলতাৰ জীয়া কাহিনী ৷ জৈৱিক চাহৰ সুগন্ধিৰে বিশ্ব জয় কৰিব পৰা এটা অদম্য যুৱ শক্তি ৷ বন্য জন্তু আৰু মানুহে মিলি বসবাস কৰি থকা এটা ৰোমাঞ্চকৰ বাস্তৱ ৷ ভূটাৰ পদদেশত বন্য জন্তু আৰু সেউজী প্ৰকৃতিৰ বুকুত লাহে লাহে ঠন ধৰি উঠা এটা উদ্যোগ ৷ বন্য প্ৰাণী আৰু মানুহে গাঢ় কৰা এটা সম্পৰ্ক ৷ ৰসহ্যঘন প্ৰকৃতিৰ অদম্য বিৰুধীতাৰ পাছতো হাৰ নামনা এটা এজন বড়ো যুৱকৰ এক উদ্যোমী বিপ্লৱ ৷ আৰু এদিন উদ্যামী সত্বাটোক প্ৰকৃতিয়ে আপোন কৰি লৈছিল নিজৰ বুকুত ৷

এই কাহিনী এজন ২৯ বছৰীয়া বড়ো যুৱকৰ কাহিনী ৷ গাত ৰ'দ আৰু বৰষুণ নপৰা এজন জনজাতি বিপ্লৱী যুৱ কৃষকৰ কাহিনী ৷ কঠোৰ সংগ্ৰামক নিজৰ জীৱনৰ এক অভিন্ন অংগ কৰি লোৱা এজন কৰ্মশ্ৰী যুৱকৰ জীৱন ৷ বুকুত জীয়া যাতনাৰ কাহিনী লৈ প্ৰকৃতি সুৰক্ষাৰে এক সেউজ বিপ্লৱ সূচনা কৰা এজন সাহসী প্ৰকৃতি প্ৰেমী বড়ো কৃষক সন্তানৰ বাস্তৱ কাহিনী ৷ হ'য় মই টেঞ্জিং বডোচাৰ নাম কইছো ৷ তেওঁৰ নামেই এটা বিশাল পৰিচয় এতিয়া ৷ বিশ্বত গুনগত চাহ উৎপাদন কৰা একমাত্ৰ বড়ো যুৱক ৷ যি জন উদ্যামী বড়ো যুৱ কৃষকে নিজৰ জৈৱিক চাহ উৎপাদনৰ লগতে প্ৰকৃতি সংৰক্ষণ, সংবৰ্ধনৰ লগতে বন্য জীৱ জন্তু আৰু মানুহৰ সম্পৰ্ক সংঘাতহীন কৰি তুলিবলৈ প্ৰতিনিয়ত কৰ্মশ্ৰী ৷

কৰ্মশ্ৰী তথা চাহ কৃষক টেনঞ্জিং বডোচাই ভূটান সীমাৰ কাষত তথা হিমালয়ৰ পদদেশত অৱস্হিত নিজৰ কৃষিভুমিত সম্পূৰ্ণ একক প্ৰচেষ্টাত প্ৰায় ৮০ বিঘা চাহ বাগান ৰুবলৈ সক্ষম হ'য় ৷ প্ৰথম অৱস্হাত নিজৰ কৃষিভুমিত চাহ বাগান লগোৱাটোয়েই অবাস্তৱ আছিল ৷ এই অবাস্তৱ হোৱা কাৰণ দুটা আছিল ৷ প্ৰথম, বৃহৎ গছ গছনি আৰু লতা জাতিয় হাবিয়ে পৰিপূৰ্ণ ঠাইটুকুৰা পৰিস্কাৰ কৰা সমস্যাটো ৷ দ্বিতীয়, তেওঁৰ কৃষিভুমিত বিচৰণ কৰি থকা বিভিন্ন বন্য জীৱ-জন্তুৰ সুৰক্ষা আৰু সিহঁতৰ পৰা আহিব পৰা বিপদ ৷ কিন্তু প্ৰকৃতি প্ৰেমী টেঞ্জিঙে গছৰ পৰিৱৰ্তে লতা জাতিয় হাবিসমূহ ঠাই বিশেষে পৰিস্কাৰ কৰি চাহ বাগান ৰুবলৈ ধৰে ৷ বাকী ঠাই বন্য জীৱ-জন্তুৰ বাবে সংৰক্ষণৰ ব্যৱস্হা কৰে ৷ যাতে বন্য জীৱ-জন্তুয়ে নিজৰ বিচৰণ ভুমিৰ অভাৱত আৰু খাদ্যশস্য সংকটত নপৰে ৷ তদুপৰি ভূটান সীমান্তত থকা হাতী আৰু তেওঁৰ কৃষিভুমিত বসবাস কৰা জীৱ-জন্তুই এটা সুষ্ট পৰিস্হিতিতন্ত্ৰত জীৱন ধাৰণ যাতে কৰিব পাৰে তালৈ লক্ষ্য কৰি কৃষক টেঞ্জিং বডোচাই নিজৰ চাহ বাগানখন জৈৱিক পদ্ধতিত চাহ উৎপাদন কৰি আহিছে বৰ্তমান ৷ বন্য জন্তুৰে পৰিপূৰ্ণ নিজৰ কৃষিভুমিত টেঞ্জিং বডোচাই কেৱল চাহ উৎপাদন কৰিয়ে স্বাৱলম্বী হোৱা বাসনা এৰি তেওঁ চৰাই-চিৰিকটি, জীৱ-জন্তুৰ বাবেও বিভিন্ন ফল-মুলৰ গছ-গছনি লগাবলৈ ধৰে ৷ যিটো আজি টেঞ্জিং বডোচাই নিজ কৃষিভুমিৰ নাম "এলিফেন্টি টি গাৰ্ডেন" নামেৰে নামাকৰণ কৰিছে ৷ এই নামাকৰণটো বিশেষকৈ সকলো সময়তে তেওঁৰ কৃষিভুমি আশে-পাশে থকা বৃহৎ হাতী আবাস ভুমি হোৱা হেতুকে নিজৰ জৈৱিক চাহ বাগানখন হাতীৰ নামাকৰণে কৰা হৈছে ৷

উত্তৰ-পূৰ্বাঞ্চলৰ এজন জনজাতীয় যুৱ কৃষক হিচাপে জৈৱিক চাহ উৎপাদন আৰু বিক্ৰীৰে বিশ্বত সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা টেঞ্জিং বডোচাই নিজৰ জৈৱিক চাহ উৎপাদন আৰু নিজৰ গুণগত চাহক বিশ্বৰ বজাৰত বিক্ৰী কৰি অধিক অৰ্থ আহৰণ কৰাতে নিজৰ কামক সীমাবদ্ধতা ৰখা নাই ৷ তেওঁ শেষতীয়াকৈ নিজাববীয়া প্ৰচেষ্টা আৰু পঞ্জাৱৰ এগৰাকী যুৱ বিজ্ঞানীৰ সহযোগত নিজৰ কৃষিভুমিত "ইক্ টুৰিজিম" উদ্যোগ আৰম্ভ কৰিবলৈ পৰিকল্পনা কৰিছে ৷ বডোলেণ্ডৰ পৰ্যটনক অধিক আকৰ্ষনীয় কৰি তুলিবলৈ মনোমোহা ভূটান পাহাৰৰ কাষত তথা হিমালয়ৰ পদদেশত থকা নিজৰ বৃস্তিত সেউজ কৃষিভুমিত বিভিন্ন দেশৰ পৰ্য্যটকে প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশ যাতে সন্মুখৰ পৰা উপভোগ কৰিব পাৰে তাৰ ব্যৱস্হা কৰিবলৈ লৈছে ৷ উল্লেখ্য যে খৰালি তেওঁৰ কৃষিভুমি তীব্ৰ খৰাঙৰ সন্মুখীন হৈ আহিছে ৷ যাৰ বাবে টেঞ্জিং বডোচাৰ কৃষিভুমিৰ লগতে অন্য জীৱ-জন্তুও খৰালী পানীৰ সংকটত পৰে ৷ এই ক্ষেত্ৰত স্হানীয় প্ৰশাসন, স্হানীয় বিধায়ক আৰু ৰাজ্য চৰকাৰে এজন জনজাতীয় যুৱ উদ্যামী কৃষকৰ উদ্যোগক কোনো প্ৰকাৰে সহায়-সহযোগ কৰিবলৈ আজিলৈকে আগবাঢ়ি অহা নাই ৷ তেওঁৰ উদ্যোগটোৰ বাবে আৰু এটা অন্তৰায় হৈছে বাট-পথৰ শূচনীয় তথা জৰাজীৰ্ণ অৱস্হাটো ৷ সততে বিদেশী পৰ্যটকে লানি লগি থকা তেওঁৰ গাওঁখনৰ বাট-পথৰ ইমানেই শূচনীয় অৱস্হা যে তেওঁৰ ঘৰৰ পাৰা ভূটানৰ চাহ বাগানলৈ ৪৫ কিঃমিটাৰ দৈঘ্যৰ পথটো অতিক্ৰম কৰিবলৈ সময় লাগে প্ৰায় দেৰ ঘন্টা ৷ গতিকে এই পথ অতিক্ৰম কৰিলেই গম পোৱা যায় যে এজন উদ্যামী যুৱ কৃষকে কিমান কষ্ট ত্যাগ স্বীকাৰ কৰি জীৱনত সফলতা প্ৰাপ্তিৰে সম্পূৰ্ণ নিজা প্ৰচেষ্টাত দেশৰ নাম উজ্বলাই তুলিছে ৷ আৰু চৰকাৰ? দেশৰ বিকাশিত অৰ্থনীতিৰ ফটা ঢাকঢোল কোবাই থাকোতেই সময় পাৰ কৰিছে ৷ এই ক্ষেত্ৰত টেংঞ্জিঙ বডোচাৰ দৰে স্ব-প্ৰতিষ্ঠি যুৱ কৃষক আন একো নিদিলেও অন্তত তেওঁৰ গাঁৱৰ যাতায়ত ব্যৱস্হা চৰকাৰে ইচ্ছা কৰিলে সুচল কৰি তুলিব পাৰিল হ'য় পৰ্যটনৰ স্বাৰ্থত৷ কিন্তু অসম চৰকাৰে কথাবোৰ বুজিব কেতিয়া? ৰাজ্যখনৰ কৃষকৰ মৰ্মবেদনা বুজিব কেতিয়া? এটা কথা উল্লেখনীয় যে টেঞ্জিং বডোচাই নিজৰ কৃষিভুমিত আজিলৈকে কোনো ৰাসাষনিক ঔষধ প্ৰয়োগ কৰা নাই ৷ তেওঁ চাহ গছৰ বিভিন্ন বেমাৰৰ ঔষধ, সাৰ ইত্যাদি সম্পূৰ্ণ নিজা জৈৱিক পদ্ধতিৰে প্ৰস্তুত কৰি প্ৰয়োগ কৰি আহিছে ৷ যিটো পৰিৱেশ-পৰিয়াবৰণৰ সুৰক্ষাৰ বাবে প্ৰথম চৰ্ত ৷

মন কৰিব লগা কথা যে, বিশ্বৰ বুকুত এতিয়া ৰাসায়নিক প্ৰয়োগৰ কৃষি উৎপাদনশীলতাই মানুহৰ জীৱনৰ নিৰাপত্তাত তীব্ৰ ভাবুকি সৃষ্টি কৰাৰ লগতে মানুহৰ দীৰ্ঘয়ুৰ ক্ষেত্ৰত প্ৰধান অন্তৰায় হৈ দেখা দিছে ৷ বিভিন্ন শস্যগত ৰোগৰ বাবে বিশ্বৰ কৃষি উদ্যোগ ক্ষেত্ৰখনত দৈনিক লাখ লাখ গেলন ৰাসায়নিক ঔষধ প্ৰয়োগ বা ব্যৱহাৰ হৈ থকাৰ ফলত মানুহৰ খাদ্যশস্য ক্ৰমান্বয়ে সুষমতা হেৰুৱাইছে ৷ বিজ্ঞান নৱযুগেৰ ঔৰসত কৃষি উদ্যোগ খণ্ডে ৰাসায়নিক ঔষধ প্ৰয়োগৰ সূত্ৰ বা ৰাসায়নিক পদ্ধতি অৱলম্বনত খাদ্য শস্যৰ উৎপানে বৈপ্লৱীক গতিধাৰ লাভ দেখা পাইছে যদিও খাদ্য সুষমতা আৰু সমস্ত পৰিৱেশ পৰিস্হিতিতন্ত্ৰত বিৰুপ প্ৰভাৱ এক বিয়াগোত্মাক প্ৰভাৱ আনিছে মানুহৰ অলক্ষিতে ৷ যিটো গ্ল'ৱেল ৱাৰমিঙে এতিয়া পৃখিৱীখনৰ প্ৰতিয়েই ভাবুকি আনিছে ৷ ধাৰৰ বুকুত বাঢ়ি অহা গ্ল'ৱেল ৱাৰ্মিঙৰ পৰা পৰিত্ৰাণ বিচাৰি দেশে দেশে মানুহে নিজৰ সুৰক্ষাৰ বাবে সুষম খাদ্যশস্য ৰক্ষা আৰু বৰ্দ্ধিত জনবিস্ফুৰণে মানুহৰ বসতিস্হল বঢ়িছে ৷ কিন্তু মানুহে নিজৰ উপযুক্ত বাসস্হানৰ বাবে প্ৰকৃতিৰ কাষ বা বন্য জন্তুৰ বিচৰণভুমিৰ কাষ চাপি যাওতে এটা নতুন প্ৰত্যাহ্বান সন্মুখীন হ'ব লগা হৈছে ৷ সেয়া হ'ল প্ৰকৃতিৰ পৰিৱেশত থকা বন্য জীৱ-জন্তু সৈতে হোৱা সমুখ সংঘাত ৷ মানুহে সেউজ ভুমি ভাঙি ঘৰ সাজোতে সাজোতে বন্য জীৱ-জন্তুৰ বাসস্হান তীব্ৰ গতিত কমি আহাৰ ফলত জীৱ-জন্তুই নিজৰ বিচৰণভুমিৰ লগতে খাদ্যভুমিও হেৰুৱাইছে ৷ এই ক্ষেত্ৰত অসমো ব্যক্তিক্ৰম নহ'য় ৷ কিন্তু ইয়াৰ মাজতে এচাম দূৰদৰ্শী চিন্তাশীল কৃষকে মানুহৰ খাদ্য সুষমতা আৰু সুৰক্ষাৰ লগতে প্ৰকৃতি, জীৱ-জন্তুৰো সুৰক্ষাৰ দিশটো দেখুৱাই আহিছে ৷ যি সমূহ সদায় চৰকাৰৰ দৃষ্টিৰ পৰা নিলগত ৷ পৰিতাপৰ বিষয় যে আজি গ্ল'ৱেলজাইজেচনৰ যুগাৰম্ভনিৰ এনে সন্ধিক্ষণত সকলো কৃষকে জৈৱিক কৃষি পদ্ধতি গ্ৰহণ কৰিব পৰা নাই ৷
 পৃথিৱীৰ সুৰক্ষাৰ স্বাৰ্থতে জৈৱিক কৃষি পদ্ধতিক শীঘ্ৰে কৃষকৰ কাষ চপাই আনিবলৈ চৰকাৰে গুৰুত্ব দিয়া উচিত ৷

"বন্য জীৱ-জন্তুৰ লগত মানুহৰ শান্তিপূৰ্ণ অৱস্হানত কৰা কঠোৰ শ্ৰমতহে জীৱনৰ উপভোগ আৰু স্বাধীনতা আছে"
                                                                                         ......টেঞ্জিং বডোচা