জনজাতীয় সমস্যা vs অসমীয়া জাতীয়তাবাদ

ইতিহাসৰ কথালৈ নাযাও ৷ বৰ্তমান পৰিস্হিতিত অসমৰ জাতীয়তাবীদী শিৱিৰ বহুধা বিভক্ত ৷ ৰাজ্যখনৰ ছাত্ৰ,প্ৰাক্তন ছাত্ৰৰ কিছুমানৰ ব্যক্তিগত মুনাফা আদায়ৰ স্বাৰ্থত জাতীয়তাবাদী শিৱিৰৰ কাৰখানা ক্ৰমান্বয়ে গঢ় লৈ উঠোতে উঠোতে সমস্যাবহুল অসমৰ সমস্যা আৰু অধিক অগ্নিগৰ্ভা হোৱাত জাতীয়তাবাদী শিৱিৰে এক সহায়কৰ ভুমিকা গ্ৰহণ কৰিছে ৷ বিভিন্ন নামেৰে জনাজাত জাতীয়তাবাদী শিৱিৰৰ প্ৰয়বোৰ সংগঠনে ৰাজ্যখনৰৰ একেবাৰে টুলুঙা কিছুমান বিষয়ক এটা আৱেগিক ইচ্ছুৰে অসম অৰু অসমীয়াক সাঙুৰি পেলোৱাৰ পৰিৱেশ গঢ় লৈ উঠিছে ৷ এনে জাতীয়তাবাদী শিৱিৰৰ বহু সংগঠনে কথাই প্ৰতি তেওঁলোকৰ প্ৰভুত্ব, কথাই প্ৰতি অনা-অসমীয়া, বহিৰাগত আদি শব্দৰে ৰাজ্যখনৰ বিকাশ, প্ৰগতি আৰু সমন্বয়ৰ পৰিৱেশটো প্ৰহেলিকা তথা জটিল কৰি পেলাইছে ৷ আপাতত এনে শিৱিৰৰ সংগঠন সমূহে অসমৰ জাতীয় সমস্যাৰ প্ৰতি সজাগ আৰু সৰৱ বুলি জনতাক দেখুৱালেও কাৰ্যত তেনে প্ৰতিছৱি দেখা পোৱা নাযায় ৷ সেই বাবে অসমৰ জাতীয়তাবাদী শিৱিৰৰ বহু নেতাই যেতিয়া জাতীয়তাবাদী শিৱিৰ ত্যাগ কৰি ৰাজনীতিৰ পথাৰত খোজ পেলায় তেতিয়া তেনে নেতাই পূৰ্ৱে দেখুৱা নীতি আৰু আদৰ্শ ধোৱাচাঙত উঠে ৷ অসমৰ জাতীয়তাবাদী শিৱিৰটো এতিয়াও আৱেগত ভেজা দিয়া অৱস্হাতে আছে ৷ আৱেগৰ অবিহনে জাতীয়তাবাদী শিৱিৰ অচল, মৃতপ্ৰায় ৷ ৰাজ্যখনৰ গম্ভীৰ সমস্যাৰ সমাধানৰ বিকল্প তৈয়াৰৰ সলনি এই আৱেগিক শিৱিৰে প্ৰতিক্ষণতে তীব্ৰ প্ৰতিষ্ঠান বিৰুধী ভুমিকা পালন কৰি আহিছে ৷ যি বিৰুধীতাই প্ৰথমে ৰাজ্যখনৰ সাধাৰণ শ্ৰেণীৰ সমাজ, সংস্কৃতি, আৰু অৰ্থনৈতিক দিশক ধ্বস্ত কৰি ৰাখিছে ৷ যাৰ বাবে ৰাজ্যখনৰ অগণত জনতাই নিজৰ থলুৱা অৰ্থনীতি ভেটি হেৰুৱাবৰ উপক্ৰম হৈছেগৈ ৷ এনে সন্ধিক্ষণত জাতীয়তাবাদী শিৱিৰে নিজৰ নীতি আৰু আদৰ্শৰ পৰিপন্থী বিষত অসমৰ এচাম মানুহক আৰু অধিক আৱেগিক কৰি তেওঁলোকে মানসিক পৰিতৃপ্তি ভোগ কৰা দেখা গৈছে ৷ যি বিলাক সমস্যাৰ সমাধানৰ পথ সম্পূৰ্ণ ৰাজ্যখনৰ প্ৰশাসনৰ হাতত ন্যস্ত তেনে বিষয়ক জাতীয়তাবাদী শিৱিৰে না-ভুত না-শ্ৰুত কথাৰে জনতাক জৰিত কৰি বিষয়টো ৰাজনীতি কৰি দেখুওৱাটো একেবাৰে অপৰিপক্ক আৰু যুক্তিহীন কাৰ্য ৷ ৰাজ্যখনৰ জাতীয়তাবাদী শিৱিৰটো এতিয়াও তেওঁলোকৰ কেইজনমান পৰম্পৰাগত নেতাৰ হাতৰ মুঠি আৰু স্বাৰ্থত পৰিচালিত হৈ আছে ৷ আৰু এই শিৱিৰক তেনে পৰম্পৰাগত নেতাই নিজৰ স্বাৰ্থৰ বাবে যে সৎকাই এৰি দিয়াটো প্ৰায়ে অসম্ভৱ ৷ দেখা যায় যে একচেতীয়া ব্যৱসায়ৰ দৰে কেইজনমান নেতাৰ মৌখিক কথাত উঠা-বহা কৰা জাতীয়তাবাদী শিৱিটো জন্মলগ্নৰ পৰাই অসমীয়া বৰ্ণ-সংস্কৃতি চৰিত্ৰ আৰু জাত্যভিমানী অহংকাৰৰে পৰিপুষ্ট ৷ তেনে ক্ষেত্ৰত এই জাতীয়তাবাদী শিৱিৰটোয়ে ভাৰতীয় "ধৰ্মনিৰপেক্ষ" চৰিত্ৰটোৰ পৰা সদায়ে এক নিদিষ্ট দূৰত্বত অৱস্হান কৰি আহিছে ৷ ফলত এই শিৱিৰটোক ৰাজ্যখনৰ বিশেষ শ্ৰেণীহে সমৰ্থন আৰু সুৰক্ষা দি লালিত পালিত কৰি আহিছে ৷

 জাতীয়তাবাদী শিৱিৰৰ এটা থলুৱা চৰিত্ৰ থাকিলেও অসমৰ ক্ষেত্ৰত জাতিয়তাবাদী শিৱিৰসমূহে দেশৰ অখণ্ডতা আৰু মৰ্য্যদা ৰক্ষা কৰাত সদায়ে আঘাত আৰু পিছসুহুকি আহিছে ৷ ৰাজ্যখনৰ এই শিৱিৰে নিজৰ গণতান্ত্ৰিক অৱস্হানটোক সদায়ে হিংস্ৰ ৰূপলৈ পৰিৱৰ্তিত কৰিব কাৰণে চেষ্টা চলাই আহিছে ৷ ইয়াৰ উদাহৰণ ভাষা আন্দোলন আৰু আশী দশকৰ বিদেশী খেদা আন্দোলন ৷ আশী দশকৰ অসমীয়াৰ বিদেশী খেদা হিংস্ৰ আন্দোলনে সমগ্ৰ বিশ্বতে অসমৰ মান আৰু মৰ্য্যদাৰ ক্ষেত্ৰত এক নেতিবাচক প্ৰতিছৱি দেখুৱাই দিছিল ৷ যাৰ বাবে অসম আৰু অসমবাসী আজিও অন্যৰ দৃষ্টিত এক হিংস্ৰ ৰাজ্যৰ নাম কঢ়িয়াই ফুৰিব লগা হৈছে ৷ দেশত সাধাৰণ জনতাৰ সামুহিক স্বাৰ্থৰ নেতৃত্ব বহন কৰা বিভিন্ন দল-সংগঠনে যেতিয়া নিজৰ গণতান্ত্ৰিক চৰিত্ৰ আৰু নিৰপেক্ষ চৰিত্ৰ ত্যাগ কৰি নেতাৰ স্বাৰ্থ সুৰক্ষা আৰু দেশৰ নিৰাপত্তত আঘাত কৰিবলৈ সক্ষম হ'য় তেন্তে সেই কাৰ্য কেতিয়াও সমৰ্থন যোগ্য নহ'য় ৷ বৰঞ্চ তেনে জাতীয়তাবাদী শিৱিৰৰ পৰা বেছিকৈ সৰ্বসাধাৰণ জনতাৰ সাৰ্বাধিক ক্ষতিৰ লগতে তেনে ক্ষতিয়ে সমাজ, সংস্কৃতিত এক দীঘলীয়া নেতিবাচক প্ৰভাৱ পেলায় ৷ মুলতঃ অসমৰ জাতিয়তাবাদী শিৱিৰসমূহে ৰাজ্যখনৰ অগ্নিগৰ্ভ সমস্যাৰ প্ৰতি আৱেগিক হৈ আগবাঢ়ি আহোতে নিজৰ গণতান্ত্ৰিক প্ৰতিবাদী চৰিত্ৰটোক অধিক হিংস্ৰ ৰূপত প্ৰকাশ কৰিছে ৷ এনে আৱেগপ্ৰৱণ হিংস্ৰ প্ৰতিবাদে তেওলোকে নজনাকৈয়ে যে ৰাজ্যখনলৈ এক ভয়াবহ পৰিস্হিতি নমাই আনিব সেইটো খাটাং ৷

 ৰাজ্যখনৰ বিশেষ শ্ৰেণীৰ মদতপুষ্ট তথা বৰ্ণ-সংস্কৃতিৰ ধ্বজ্জা বহন কৰা জাতীয়তাবাদী শিৱিৰে অসমৰ সামূহিক স্বাৰ্থটোৰ বিপৰিতে অসমৰ জনজাতীয় মানুহখিনিৰ স্বাৰ্থক সদায়ে আওকান কৰি আহিছে ৷ যিটো আজিৰ তাৰিখত ৰাজ্যখনে খণ্ড খণ্ড ভাগত বিভক্তৰ দিশে ধাৱিত হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে ৷ দেখ দেখ কৈ ৰাজনৈতিক, সমাজিক, অৰ্থনৈতিক দিশত ৰাজ্যখনৰ ভুমিপুত্ৰ সকলে বৈষম্য, শোষণ আৰু বঞ্চনা চিকাৰ হৈ আহিছে স্বয়ং অসমৰ ভাগ্য নিয়ন্ত্ৰৰ ক্ষেত্ৰত আগভাগ লৈ অহা শ্ৰেণীটোৰ পৰা ৷ যি সকলে আজিও ৰাজ্যৰখনৰ ক্ষমতা প্ৰকৃত ভুমিপুত্ৰ সকলৰ সলনি তেওঁলোকে পৰম্পৰাগত ভাৱে কুক্ষিগত কৰি আহিছে ৷ এয়া দেখ দেখকৈ ভুমিপুত্ৰসকলৰ প্ৰতি ৰাজনৈতিক দুৰাচাৰ কৰা কাৰ্য ৷ প্ৰতি ক্ষেত্ৰতে অসমৰ মূল ভূ-খণ্ডৰ ভুমিপুত্ৰ অধিবাসীসকলে ৰাজনৈতিক আৰু অৰ্থনৈতিক অধিকাৰ হেৰুৱাৰ বিষয়টো অসমৰ জাতীয়তাবাদী শিৱিৰে জানি বুজিয়ে এৰা চলি আহিছে ৷ যিটো তেওঁলোকে এক অখণ্ড অসম ভুমিৰ স্বাৰ্থত জনজাতিসকলৰ ন্যায় আৰু অধিকাৰৰ বিৰুদ্ধে সৰৱ হৈ আহিছে ৷ ৰাজ্যখনৰ ভুমিপুত্ৰ জনজাতিসকলৰ মাটিৰ অধিকাৰ বহিৰাগত বাংলাদেশীৰ অগ্ৰাসনত এক জটিল পৰিস্হিতিৰ মাজত সোমাই পৰিছে ৷ ৰাজ্যখনৰ বৰ্ণ-সংস্কৃতিৰ ৰাজনৈতিক মহলে ক্ষুদ্ৰ ক্ষুদ্ৰ জনজাতি-জনগোষ্ঠীৰ পৰিচয় আৰু আত্মৰক্ষাৰ দিশৰ প্ৰতি অৱহেলিত দৃষ্টিভংগী দিনক দিনে অধিক মজবুত হৈ উঠিছে ৷ ফলত ৰাজ্যখনৰ জনজাতিসকলে নিজৰ আত্মৰক্ষা আৰু আত্মনিয়ন্ত্ৰণৰ বাবে অসম আৰু অসমীয়াৰ পৰা বিচিন্নতা বিচাৰিবলৈ বাধ্যত পৰিছে ৷ জনজাতিসকলৰ পৃথকতা বিষয়টো মুলতঃ উগ্ৰ জাতীয়তাবাদী তথা বৰ্ণ সংস্কৃতি অসমীয়াই জনজাতিসকলৰ প্ৰতি কৰি অহা অৱহেলা, এলাগি মনোভাৱ, দৃষ্টিভংগীয়েই প্ৰধানত জগৰীয়া ৷ নহ'লে আজিৰ দিনত অকল নিজৰ আত্ম-পৰিচয় আৰু আত্ম-নিয়ন্ত্ৰৰ সংগ্ৰাম বা যুঁজ খন প্ৰথমে কেৱল বড়োসকলেই যে কৰিছে তেনে নহ'য় ৷ বৰ্ণ-সংস্কৃতিৰ পৰিচয় আগত লৈ অসমৰ ৰাজনীতি, অৰ্থনীতিৰ ক্ষমতা সকলো সময়তে মুল অসমীয়াই নিজৰ হাতত ৰাখি থওতে থওতে আজিৰ পৰা ছয় দশৰ আগত বৃহত্তৰ অসমৰ সীমা সংকুচিত কৰি চকুৰ আগতে নাগালেণ্ড, মিজুৰাম, মেঘালয় আদি পাহাৰীয়া জনজাতিয়ে একোখনকৈ নতুন ৰাজ্য গঠন কৰি অসম আৰু অসমীয়াৰ পৰা আঁতৰি গ'ল ৷ আজিৰ ভৈয়ামৰ ভুমিপুত্ৰ জনজাতিসকলৰ ভিতৰত বড়োসকলে নিজৰ আত্মৰক্ষা আৰু আত্ম-নিয়ন্ত্ৰণত বিষয়ত সচেতনতাৰে এখন পৃথক ৰাজ্যৰ দাবীটো সম্পূৰ্ণ বিধি সন্মত ভাৱে ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু অসমীয়াৰ পৰা দাবী কৰিছে ৷ পাহাৰীয়া আৰু ভৈয়াম অধিবাসী ভুমিপুত্ৰ জনজাতিসকলে এটাৰ পাছত এটাকৈ বৃহত্তৰ অসমৰ পৰা আঁতৰি যোৱাৰ কাৰণ মুলসুতিৰ অসমীয়াই এবাৰো নিজকে প্ৰশ্ন কৰিলেনে কেতিয়াবা? মুল সুতিৰ অসমীয়াই ৰজাঘৰক এবাৰো প্ৰশ্ন কৰিলেনে যে আজি ভৈয়াম ভুমিপুত্ৰ বড়োসকলে কি প্ৰয়োজনত এদোখৰ ভুমি বিচাৰি পৃথকৈ থাকিবলৈ দাবী তুলিছে?

ৰাজ্যখনৰ ৰাজনীতিত ভুমিপুত্ৰ জনজাতিসকলে নিজৰ নিজৰ স্বয়াত্ব শাসন বিচৰাটোয়েই এই ভুমিত বসবাস কৰা "অসমীয়া" সমুদায়ৰ পৰা চৰম ৰাজনৈতিক আৰু অৰ্থনৈতিক বৈষম্য আৰু শোষণ চলি থকা কথাটো বহু পূৰ্ৱেই প্ৰকট কৰি দিলে ৷ সেইদিনাই অসমৰ ৰজাঘৰক ৰাজ্যৰ জাতীয়তাবাদী শিৱিৰে প্ৰশ্ন কৰিব লাগিছিল যে এয়া কিহৰ বাবে আৰু কাৰ বাবে স্বয়াত্ব শাসন? কাৰণ অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ মুল ক্ষমতা আৰু প্ৰশাসনৰ ক্ষমতা মুল চাবি কাঠিটোয়েই বৰ্ণ সংস্কৃতি অসমীয়াৰ হাতত নিয়ন্ত্ৰিত হৈ আহিছে পৰম্পৰাগত ভাৱে ৷ তেওঁলোকৰ ৰাজনৈতিক নেতাসকলে একক ভাৱে অসমৰ ৰাজনৈতিক ক্ষমতা সৰ্বোচ্চ ভোগ কৰি আহিছে ৷ আজিৰ তাৰিখত ৰাজ্যখনৰ বিধায়নি ক্ষমতাও মুল অসমীয়াৰ হাতত ৷ তেনে ক্ষেত্ৰত অসমৰ পিছ পৰা ভুমিপুত্ৰই অৰ্থনৈতিক বৈষম্য আৰু শোষণত থকাটো কোনো নতুন কথা নহ'য় ৷ শোষণ আৰু বৈষম্যৰ পৰাই এটা নতুন আত্মচেতনা জাগ্ৰত হ'য় ৷ এটা নতুন জাতি জন্ম হ'য় ৷ এটোকোৰা নতুন ভুমিৰ জন্ম হ'য় ৷ এখন নতুন দেশ জন্ম হ'য় ৷ এটা নতুন পৰিচয় জন্ম লাভ কৰে ৷ যি আজি অসমত প্ৰকট হৈ পৰিছে ৷ এই ধাৰা মাত্ৰ আৰম্ভনি হৈছে যি দৰে পাহাৰীয়া ভুমিপুত্ৰই আৰম্ভ কৰিছিল ৷ এয়া ভৈয়াম ভুমিপুত্ৰই বিচৰা নিজৰ ভু-খণ্ডৰ অধিকাৰ ৷ আত্ম-পৰিচয় আৰু আত্মৰক্ষাৰ স্বাৰ্থত বিচৰা অধিকাৰ ৷ দেখা গৈছে ভৈয়াম ভুমিপুত্ৰ অধিকাৰক নৈতিক অধিকাৰ নাই বুলি দাবী উত্থাপন কৰা মানুহখিনিয়েই হ'ল অসমৰ জাতীয়তাবাদী শিৱিৰত অৱস্হান গ্ৰহণ কৰি থকা সকল ৷ এই সকলে পূৰ্ৱেও পাহাৰীয়া ভুমিপুত্ৰ সকলৰ অধিকাৰৰ মষিমুৰ কৰিবলৈ উঠি পৰি লাগিছিল আৰু এতিয়াও লাগি আছে ৷ কিন্তু স্বাধীনতাৰ সাত দশকে ৰাজ্যখনৰ স্বয়ম্ভু জাতীয়তাবাদী সকলে ভুমিপুত্ৰৰ বিননী শুনিবলৈ এবাৰো আহৰি নহ'ল এতিয়াও হোৱা নাই ৷ অথচ জাতীয়তাবাদী শিৱিৰৰ পৰাই ৰাজ্যখনৰ ৰাজিনীতিৰ বাঘজৰী চম্ভালি থকা হৈছে ৷ যদি অসমৰ অখণ্ডতা ভুমি আৰু অসমীয়াৰ সামুহিক স্বাৰ্থ ৰক্ষাই যদি জাতীয়তাবাদী শিৱিৰৰ মুল মন্ত্ৰ হ'য় তেন্তে ভৈয়াম জনজাতিসকলে কিয় অসন্তোষ কৰিব লগাত পৰিছে? কিয় "সামুহিক স্বাৰ্থ ৰক্ষা"ৰ বিষয়টো ভৈয়াম ভুমিপুত্ৰ জনজাতিসকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'য়? এনে কি কাৰণ আছে আজি সকলো জনজাতিয়ে অসম চৰকাৰ আৰু আসমীয়াৰ পৰা সুৰক্ষিত নহ'য় বুলি মানি ল'বলৈ বাধ্য হৈ পৰিছে? অসমৰ বিধায়নী ক্ষেত্ৰ বহল কৰিবলৈ আজি জাতীয়তাবাদী শিৱিৰে দাবী তুলি পাইছে নে? অসমৰ জনজাতিসকলক নিজৰ পৰম্পৰাগত পদ্ধতিৰে চৰকাৰৰ নীতি, দেশৰ প্ৰতি থকা দায়িত্ব আৰু কৰ্তব্য পালন কৰা সুযোগ প্ৰদান কৰা হৈছেনে? যি পৰম্পৰাগত পদ্ধতিত জনজাতিসকলে নিজকে এক সুৰক্ষিত জাতি হিচাপে মানি ল'বলৈ সৰ্বদা সাজু ৷


               

ওপৰত যিখিনি কথা আলোচনা কৰা হ'ল সেইখিনি ক্ষুদ্ৰ বিষয়ৰ প্ৰাথমিক আলোচনা যদিও আজিৰ এনে ক্ষুদ্ৰ প্ৰাথমিক বিষয়সমূহে ৰাজ্যখনত এক ডাঙৰ প্ৰশ্ন হৈ দেখা দিছে ৷ এনে ক্ষুদ্ৰ ক্ষুদ্ৰ বিষয় বিলাকে অসমৰ ভৌগলিক পৰিসীমা, অসমৰ সমাজ, সংস্কৃতিক ভাৱিব নোৱাৰাকৈ সাল-সলনি কৰি পেলাইছে ৷ অসমৰ জাতীয়তাবাদী শিৱিৰে লাহেকৈ ভাৰত ৰাষ্ট্ৰৰ পৰা আওপকীয়াযৈ যি স্বাধীনতাৰ দাবী উত্থাপন কৰিছে সেই স্বাধীনতাৰ দাবীৰ প্ৰতি মূল অসমীয়াসকলৰ সমৰ্থনৰ বিপৰীতে অসমৰ ভুমিপুত্ৰ জনজাতিসকলৰ নৈতিক সমৰ্থন আছে নে নাই সেয়া ডাঙৰ প্ৰশ্ন ৷ কাৰণ ঐতিহাসিক ভাৱে বিচাৰ কৰিলে দেখা যায় যে এই ভুমিৰ অধিকাৰৰ স্বত্বটো এতিয়া ভুমিপুত্ৰ জনজাতিসকলৰ হাততে ন্যস্ত তথা ন্যায় আৰু বিধিগত ভৱে আছে ৷ গতিকে অসমৰ বৃহৎ ভুমিপুত্ৰৰ নৈতিক সমৰ্থৰ অবিহনে অসমৰ জাতীয়তাবাতী শিৱিৰে যে ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে অকলে সংগ্ৰাম কৰি অসম আৰু অসমীয়াক স্বাধীনতাৰ সোৱাদ দিব সেয়া কল্পনাতীত বিষয় ৷ গতিকে অসমৰ জাতীয়তাবাদী শিৱিৰে নিজৰ মানসিক ভ্ৰম ত্যাগ কৰি অসমৰ অখণ্ডতাৰ স্বাৰ্থক যদি প্ৰাধান্য দিয়ে তেন্তে তেওঁলোকে প্ৰথম অসমৰ ভুমিপুত্ৰ জনজাতি সমূহৰ সমস্যাক গুৰুত্ব দি সমাধা কৰক ৷ তেতিয়াহে অসমীয়া বুলি এটা জাতি বাচি থাকিবগৈ