থলগিৰি নেতাঃ অসুৰক্ষিত জনতা

যোৱা পোন্ধৰ বছৰে কংগ্ৰেছৰ শাসনত অসমৰ মানুহবোৰ ভ্ৰষ্টাচাৰ আৰু দুৰ্নীতিৰ কৰাল গ্ৰহসত সোমাই পৰিছিল ৷ শাসক আৰু আমোলাই মিলি জনতাৰ অৱস্হা কাহিল কৰি দিছিল ৷ অতিপাত শোষণৰ অত্যাচাৰ, সীমাহীন দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰত জনতাই দিকবিদিক হেৰুৱাই পেলাইছি ৷ সামাজিক নিৰাপত্তা, ব্যক্তি নিৰাপত্তা আৰু ন্যায়ৰ অস্হা জনতাই হেৰুৱাই পেলাইছিল ৷ প্ৰায় তিনিটা দশক অসম ৰাজ্যত সুষ্ট ৰাজনীতিৰ পৰিবেশ নোহোৱাৰ ফলত ৰাজ্যত আজিকোপতি শক্তিশালী উৎপাদনকাৰী কোনো উদ্যোগ গঢ়ি উঠা নাই ৷ উদাহৰণ অসমৰ কাগজ ক'ল উদ্যোগতো ৷ সুষ্ট ৰাজনীতিৰ অভাৱ আৰু দ'ল আৰু চৰকাৰৰ মাজত থকা আকাশ পাতাল আদৰ্শৰ জটিলতাৰ বাবে অসমে ইয়াৰ প্ৰতিৱেশী ৰাজ্যৰ সৈতে আন্তঃৰাষ্ট্ৰীয় বৃহৎ বজাৰৰ সকলো সম্ভাৱনীয়তা হেৰুৱাই আহিছে ৷ যোৱা পোন্ধৰ বছৰ় কংগ্ৰেছে অসমৰ সকলো উদ্যোগৰ পৰিপন্হী কৰ্মৰে অসমৰ ৰাজনীতিৰ পানী ঘুলা কৰি থাকিল ৷ আজিও বিৰুধীৰ নামমাত্ৰ আসনত বহি ৰাজ্যখনৰ প্ৰয়োজনীয়তা কি তাক শাসক চৰকাৰক দেখুৱাব নোৱাৰাটো চৰম লজ্জাৰ বিষয় দলটোৰ বাবে ৷


জনতাই উশাহ অলপ বিচাৰিছিল ৷ ইয়াৰ সুযোগ ললে ধৰ্মিক ৰাষ্ট্ৰবাদী ঘৰিয়ালে ৷ পানীত পৰা মানুহে খেৰৰ কূতাকে সাৱতি ধৰাৰ দৰে অসমৰ জনতাই ঘৰিয়ালৰ ভাষা নুবুজি গেৰুৱা চৰকাৰক সাৱতি ললে ৷ পূঁজা-পাতলত বিশ্বাসী শাসকৰ চৰকাৰে পূৰ্বৰ ভ্ৰষ্টাচাৰ, দুৰ্নীতিৰ গতি মন্থন কৰিছে যদিওঁ জনতাৰ ন্যায় আৰু অধিকাৰ বিষয়ত কৌশলে হস্তক্ষেপ কৰিব ধৰিছে ৷ এবছৰীয়া চৰকাৰখনে উগ্ৰ ধৰ্মীয় দৰ্শন নিজৰ প্ৰতিটো কামতে প্ৰয়োগ কৰি জনতাক অতিষ্ঠ কৰি তুলিছে ৷ পৰিণাম একে ৷ পূৰ্বৰ দৰেই শাসনৰ নামত জনতাক অস্তিৰ কৰি জনতাৰ সম্পত্তি ভোগ কৰা ৷


এই দুয়োখন চৰকাৰৰ পূৰ্বেও এখন জাতীয়তাবাদী চৰকাৰ আছিল ৷ থলগিৰি শাসকৰ চৰকাৰ ৷ শাসনৰ নিচাত থলগিৰি-তলগিৰি সংজ্ঞা হেৰুৱাই পেলাইছিল ৷ ড্ৰাগছ আসক্ত ব্যক্তিৰ দৰে নিজৰ থলগিৰি জনতাকে পাইকাৰী হাৰত হত্যা কৰিছিল ৷ থলগিৰি নেতাই যিবোৰ সমস্যাৰ কথা ৰাজপথে ৰাজপথে চিঞৰি, আৱেগত অসমৰ মানুহৰ চকু চলচলীয়া কৰি তুলিছিল পাছত সেই জনতাৰ চলচলীয়া চকুৱে সৰিহঁফুল দেখিছিল থলগিৰি শাসনত ৷ জনতাৰ শান্তি বিঘ্নিত হৈছিল ৷ স্বাধীনতা হেৰুৱাইছিল নিজৰেই সহোদৰৰ হাতত ৷ অতি নিৰ্দয়ভাৱে কাঢ়িলোৱা হৈছিল জীৱনবোৰক ৷ নিজৰ ব্যৰ্থতা ঢাকিবলৈ মাতি আনিছিল ৰাষ্ট্ৰৰ দমনকাৰী সেনা ৷ বহু পিতৃ-মাতৃয়ে নিজ চকুৰে নিজৰ জীয়ৰী-বোৱাৰী সেনাৰ হাতত সত্বীত্ব আৰু জীৱন হেৰুৱাইছিল ৷ চতুৰ্দিশে আৰ্তনাদ আৰু কেচা মাংসৰ গোন্ধ বিয়পি পৰিছিল ৷ শাসনৰ নামত নিজৰ আইক বন্ধকত দিছিল থলগিৰি শাসকে ৷ আজি অসমীয়াই পাহৰি পেলালে সেই জীয়া ছবি… বৰ সোনকালে পাহৰিলে !


এই তিনিও খন চৰকাৰৰ মানুহখিনি একেখিনিয়ে ৷ একেখন মঞ্চৰ ৷ মাত্ৰ দুই-এদিনৰ বাবে চকী, পদবী অলপ বেলেগ হ'য় ৷ প্ৰশ্ন হ'য়, যে জনতাৰ কুশলৰ স্বাৰ্থত দেশ চলোৱা নেতা সকলৰ মাতৃৰ বুকুত কি সোধা লুকাই আছিল যে সেই বুকুৰ পিয়াহ পান কৰি ইমান অমানৱীয় শাসন, জীংঘাঘা অত্যাচাৰ নিজৰ মানুহৰ ওপৰত নিৰ্বিবাদে চলাই যাব পাৰা নেতা ওলাল ? কিয় জনতাৰ মৌলিক অধিকাৰ, ন্যায়ৰ ওপৰত বিনা কাৰণত হস্তক্ষেপ কৰি জনতাক লাঞ্ছিত-বঞ্চিত কৰিব পাৰে সেই পিয়াহ পান কৰি ? কিয় শোষণৰে জনতাৰ জেপ কাটি নিজৰ সম্পত্তিৰ পাহাৰ বনাব পাৰে ?


অসুষ্ট গণতন্ত্ৰৰ আচিলা লৈ জনতাক বাৰে প্ৰতি বুৰ্বকৰ শাৰীত থৈ নেতাই শোষণ কৰিয়ে যাব ৷ বহু ক্ষেত্ৰত এই সুযোগ আপুনি-মইয়ে দিওঁ ৷ আমাৰ ভুল আমাৰ বিচাৰতে আছে ৷ আমি নেতা নিৰ্বাচন কৰো দল পাহৰি যাওঁ, দল নিৰ্বাচন কৰো নেতা পাহৰি যাওঁ৷ আমাৰ নিৰাপত্তা, ন্যায় আৰু অধিকাৰৰ বাবে এক সুষ্ট গণতন্ত্ৰৰ গুৰি বঠা জনতাই প্ৰথম ধৰিব লাগিব ৷ দেশৰ সংবিধানৰ গণ্ডীৰ ভিতৰত সম ন্যায় আৰু অধিকাৰক প্ৰাথমিকতা দিয়া নেতা জনতাই তৈয়াৰ কৰিব লাগিব ৷ অত্যাচাৰী আৰু শোষণকাৰী নেতাক প্ৰতিহত কৰিবলৈ স্বৰাজী গণতন্ত্ৰক আমি প্ৰতিষ্ঠা আৰু স্হাপনা কৰিব লাগিব ৷


যেতিয়ালৈকে অসমৰ জনতাই স্বৰাজ প্ৰতিষ্ঠা আৰু স্হাপনা নকৰে তেতিয়া লৈকে অসম অৰু অসমীয়াই ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক স্বাধীনতা উপভোগ কৰিব নোৱাৰে ৷ স্বৰাজৰ অবিহনে অসম আৰু অসমীয়াই চিৰকাল আনৰ অধীন হৈ ৰ'ব ৷ স্বৰাজ অবিহনে ৰাষ্ট্ৰযন্ত্ৰৰ স্বভাৱজাত পদলেহনকাৰী থলগিৰি নেতাৰ শাসনত অসম অৰু অসমীয়া একোটা বহতীয়া জাতি হিচাপে চিহ্নিত হৈ ৰ'ব ৷ এই ভু-খণ্ডত ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক স্বাধীনতা অবিহনে জীয়াই থাকিব লাগিব এটা পৰাভুত জাতি হিচাপে ৷ থলগিৰি হিচাপে…