অসমীয়া সংবাদ মাধ্যমৰ বড়ো বিৰুধী স্হিতিঃ

এটা কথা লক্ষণীয় যে অসমৰ জনজাতি সকলৰ প্ৰতি অসমীয়া সংবাদ মাধ্যম গোষ্ঠীয়ে পূৰ্বৰে পৰা এক পক্ষপাতমূলক মনোভাৱ লৈ আহিছে ৷ বিশেষকৈ বড়োসকলৰ প্ৰতি তেওঁলোক এই মনোভাৱ বেছি আৰু শক্তিশালী ৷ অসমীয়া স্বাভিমানৰ অহংকাৰ কান্ধত বহন কৰা বুলি ভাবি থকা এই গোষ্ঠীয়ে বড়োসকলক চিৰ বৈৰী জ্ঞান কৰি আহিছে ৷ জন্মলগ্নৰ পৰাই অসমীয়াৰ জাত্যিভিমানী চৰিত্ৰ বহন কৰা এই সংবাদ মাধ্যম গোষ্ঠীয়ে আজিলৈকে বড়োসকলৰ সমস্যাৰাজী বিশ্লেষণৰ সৈতে আলোচনা কৰি নাপালে ৷ সমগ্ৰ বড়োসকলৰ সমস্যাক এই গোষ্ঠীয়ে পাৰে মানে লুকচক্ষুৰ পৰা লুকুৱাবলৈ এতিয়াও চেষ্টাৰ ত্ৰুটি এৰা নাই ৷


অসমৰ স্বাভিমান যে সৰু সৰু জনজাতিৰ বিকাশ আৰু অস্তিত্বতহে প্ৰতিফলিত, সেই কথাটো এতিয়াও তেওঁলোক মানিবলৈ অপৰাগ ৷ অসমীয়া বুদ্ধিজীৱি আৰু সংবাদ গোষ্ঠীৰ আৱেগজৰিত পক্ষপাতিত্ব চিন্তা-ভাৱধাৰাই জনজাতিক কেৱল উপলুঙাই কৰা নহ'য়, অসমৰ ৰাজহাৰকে ভাঙি পেলালে ৷ তেওঁলোকৰ পক্ষপাতিত্ব চিন্তা-ভাৱধাৰাই সমগ্ৰ জনজাতিসকলৰ লগতে বড়োসকলৰ ৰাজনৈতিক,অৰ্থনৈতিক আৰু সাংস্কৃতিক অধিকাৰৰ ক্ষেত্ৰতো পৰোক্ষ আঘাত হানিলে ৷


আশী দশকটো অসমৰ বড়োসকলৰ বাবে আটাইতকৈ অসহনীয় কিন্তু অসমীয়াৰ পৰা মুক্তিৰ দিশে আগবাঢ়ি যোৱাৰ পথটো সুগম হৈ পৰিছিল ৷ সেই দশকতে অসমীয়া সংবাদ গোষ্ঠীৰ চক্ৰান্তমুলক আৰু উচতনিমূলক চিন্তা-ভাৱধাৰাৰ ধাৰাবাহিক প্ৰকাশে বড়ো জাতিক এক জঘন্য জাতি হিচাপে বিশ্বত চিনাকি কৰাই দিছিল ৷ অথচ পাহৰি গৈছিল বড়োসকল এই অসমৰ এক ভুমিপুত্ৰ বুলি ৷ তেওঁলোকে নিৰবিছিন্ন ভাৱে অসমৰ লোকক বড়োসকলৰ উগ্ৰতাৰ চৰিত্ৰক প্ৰকাশ কৰি বড়োসকলৰ ৰাজনৈতিক অধিকাৰ খৰ্ব হোৱাত বিশেষ ভুমিকা লৈছিল ৷ এই ক্ষেত্ৰত বহু পৰিমানে তেওঁলোক সফল হৈছিল ৷


বৰ্ণবাদী আৱৰণ পৰিহিতা অসমীয়া সংবাদ গোষ্ঠীয়ে যে বড়ো আৰু অন সম্প্ৰদায়ৰ সৈতে গোষ্ঠী সংঘৰ্ষ লগোৱাত এক চতুৰ ভুমিকা লৈছিল সেয়া আজিও সন্দেহ আছে ৷  অসমীয়া বৌদ্ধিক আৰু ৰাজনৈতিক চেতনাই জনজাতিক অসমৰ বুলি মানি ল'য় কিন্তু অসমীয়া বুলি নহ'য় ৷ নহ'লে বড়োসকলে অসমৰ পৰা পৃথকতাবাদী হোৱা প্ৰশ্নই উত্থাপন নহ'ল হ'য় ৷