সকলোয়ে জানে যে, আসামত ভাষিক অসমীয়া সকল Native(ভুমিপুত্ৰ) নহ'য় ৷ ৮০ দশকত ভাষিক অসমীয়াই নিজৰ "ৰক্ষাকবচ" বিচাৰি অসম চুক্তিৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নিতকৰণ বিচাৰিছিল আৰু তাৰ ফলশ্ৰুতিতেই বৰ্তমানৰ আসামত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম ক্ষিপ্ৰ গতিত চলি আছে ৷ আসামত এনআৰচি বিচৰা মানুহখিনিয়েই হ'ল বহিৰাগত তথা প্ৰৱজনকাৰী ভাষিক অসমীয়া ৷ এই ভাষিক শ্ৰেণীটো ঐতিহাসিক আৰু ইতিহাসৰ ফালৰ পৰা কোনো দিনে শুদ্ধ আসামৰ বাসিন্দা নহ'য়, তেওঁলোকে আজিলৈ আসামৰ স্বাৰ্থত কোনো দিনে কামও কৰা নাই ৷ কিঞ্চিত কাম কৰিছে যদি সেয়া আসামক কেৱল শাসন আৰু শোষণ কৰি নিজৰ তথাকথিত ভাষা, বংশ আৰু প্ৰজাতি সুৰক্ষাৰ বন্দবস্ত কৰাত ব্যস্ত ৷

এনআৰচি উন্নিতকৰণ ফলত বহিৰাগত শ্ৰেণীটোৰ বাবে অৱশ্যেই "ৰক্ষাকবচ" তৈয়াৰ হ'ব ৷ কিন্তু এই এনআৰচিৰ পৰাই আসামৰ প্ৰকৃত Native সকলৰ অস্তিত্বলৈ ভয়ংকৰ শংকা অহাটো নিশ্চিত ৷

এনআৰচিৰ দ্বাৰা আসামৰ ভুমিপুত্ৰ সকললৈ কেনেকৈ অস্তিত্বৰ সংকট আহিব এই প্ৰশ্নৰ গুৰিতেই অনেক কথা লুকাই আছে ৷ ইয়াৰ বাবে অলপ বিশ্লেষণৰ প্ৰয়োজন হ'ব… 

এনআৰচিৰ সংজ্ঞা হ'ল অসম চুক্তিৰ ৬ নং দফা ৷ এই দফাত "অসমীয়া" শব্দৰে আসামত থকা বহিৰাগত ভাষিক শ্ৰেণীটো(কৃত্ৰিম অসমীয়া)ক সাঙুৰি লোৱা হৈছে ৷ আসামত বৰ্তমান বহিৰাগত ভাষিক শ্ৰেণীটোৰ শাসন ৷ এই শ্ৰেণীটোৰ বাহিৰে আসামত প্ৰকৃত বাসিন্দাই আজিলৈ আসামক শাসন কৰা নজিৰ নাই ৷ গতিকে প্ৰকৃত বাসিন্দা(জনজাতি) সকলে নিজৰ সুৰক্ষাৰ কাৰণে আইন-কানুনৰ বন্দবস্ত কেতিয়াও কৰিব নোৱাৰে ৷ গতিকে জনজাতিসকলে সকলো ভাষিক অসমীয়াৰ ওপৰত নিৰ্ভৰ কৰিব লগা হ'য় ৷ আসামৰ বাঘজৰী শাসক অসমীয়াৰ ওচৰত থকা কাৰণে সকলো আইনী, কানুনী ব্যৱস্থা তেওঁলোকৰ অনুকুল ৷ ইয়াত জনজাতিসকলৰ নিজা অস্তিত্বটো কেৱল অনুগ্ৰহ ৷

আসামত মুল নেটিভ সকলে নিজকে কেতিয়াও "অসমীয়া" হিচাপে মানি লোৱা নাই আৰু নিজৰ জাতিসত্বা বিসাৰ্জন দি কোনো নেটিভে অন্য পৰিচয় পৰিগ্ৰহণ কৰিব নোৱাৰে ৷ চুক্তিখনৰ ৬ নং দফাই আসামৰ নেটিভ সকলক সাঙুৰি লোৱা নাই আৰু সাঙুৰিবও নোৱাৰে ৷

আসামত পূৰ্ৱে প্ৰৱজিত বহু পূৰ্ববংগীয় অৰ্থাৎ বাংলাদেশী ধৰ্মীয় সম্প্ৰদায়ক এনআৰচিয়ে শীঘ্ৰে বিদেশী তালিকাভুক্ত কৰিব ৷ বিদেশী তালিকাভুক্ত হোৱা মানুহখিনিক ভাৰত চৰকাৰে অস্থায়ী এক্সচন হিচাপে ডিটেঞ্চন কেম্পত ৰখাৰ বন্দবস্ত কৰিব ৷ কিন্তু বিদেশী ঘোষিত হোৱা লোকসকলক ভাৰতৰ পৰা আঁতৰাই পঠিয়াবলৈ চৰকাৰৰ ওচৰত তেনে কোনো নিদিষ্ট আৰু স্পষ্ট পৰিকল্পনা নাই ৷ শাসক ভাষিক শ্ৰেণীটোয়ে আসামত নিজৰ ৰক্ষাকৱচ বিচাৰি নিজৰে অসুৰক্ষিত খুঁট ৰাখি ডাঙৰ ব্লাইণ্ডাৰ কৰাৰ কোনো কাৰণেই নাই ৷ সেয়ে তেওঁলোকৰ "ব্লাইণ্ডাৰ"ত এনআৰচিৰ দ্বাৰা বিদেশী ঘোষিত হ'ব লগা মানুহখিনিক এক নিদিষ্ট পৰিকল্পনাৰে আসামৰ পৰা বাহিৰ নকৰি আসামৰ ভিতৰতে ৰাখিব ৷ তাকো জনজাতিৰ মাজত ৷

এনআৰচিৰ দ্বাৰা বিদেশী ঘোষিত লোকসকল প্ৰকৃততে বাংলাদেশী হ'য় নে নহ'য়, নতুবা ধৰ্মীয় প্ৰৱজনকাৰী হিচাপে বাংলাদেশৰ পৰা আহিছে নে নাই ইত্যাদি কোনো তথ্যয়েই চৰকাৰ কিম্বা প্ৰশাসনৰ ওচৰত নাই ৷ তেনে ক্ষেত্ৰত চৰকাৰ আৰু প্ৰশাসনে বিদেশী ঘোষিত লোকক আনুষ্ঠানিক ভাৱে বাংলাদেশক চমজাই দিব আৰু বাংলাদেশেও আনুষ্ঠানিক ভাৱে তেওঁলোকৰ দেশৰ নাগৰিক ভাৰতত অবৈধ ভাৱে প্ৰৱেশ কৰা বুলি মানি লৈ আকোৱালি লব সেইটো মুঠেও সম্ভৱ নহ'য় ৷ ইতিমধ্যে বাংলাদেশেও ভাৰতত বিদেশী ঘোষিত লোকক আকোৱালি লোৱাৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ সৈতে কোনো আনুষ্ঠানিক চুক্তি হোৱা নাই বুলি ঘোষণা কৰিছে ৷ কোনো চুক্তি অবিহনে অন্য ৰাষ্ট্ৰত বিদেশী হোৱা লোকক কি যুক্তিত অন্য ৰাষ্ট্ৰই তেওঁলোকক আকোৱালি লব? সম্ভৱবেই নহ'য় ৷

বিদেশী ঘোষিত লোকসকলক চৰকাৰে কাৰাগাৰতো ৰাখিব নোৱাৰিব ৷ চৰকাৰে তেওঁলোকক ডিটেঞ্চন কেম্পটো ৰাখিব নোৱাৰিব ৷ ৰাজ্যবাসীক দেখুৱাই দুই এজনক ডিটেঞ্চন কেম্পত ৰাখিব যদিও লাখ লাখ লোকক ডিটেঞ্চন কেম্পত ৰখাৰ লগে লগেই বিষয়টো আন্তঃৰাষ্ট্ৰীয় ইচ্ছু হৈ পৰিব আৰু তাৰ বাবে কেন্দ্ৰীয়-ৰাজ্য উভয় চৰকাৰ অৰ্থাৎ ভাৰতৰ বিপক্ষে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ ভংগৰ অভিযোগ উঠাৰ ভয়ত বিদেশী লোকসকলক নিজৰ ঠাইতে ৰাখিবলৈ চৰকাৰ বাধ্য হ'ব ৷ যেতিয়া চৰকাৰে বিদেশী লোকক নিজৰ ঠাইতে ৰাখিবলৈ বাধ্য হ'ব তেতিয়া বিদেশী ধৰ্মীয় সম্প্ৰদায় মানুহখিনিক "অস্থায়ী নাগৰিক" হিচাপে মানি লৈ ভাষিক অসমীয়া জনসমষ্টিৰ পৰা দূৰত অৰ্থাৎত জনজাতি সকলৰ জনসমষ্টিতৰ ওচৰে পাজৰে সংস্থাপিত কৰিব ৷ এনআৰচিৰ উদেশ্যই এইটো ৷

যি সকল ধৰ্মীয় সম্প্ৰদায় ভাৰতৰ মাটিত বিদেশী ঘোষিত হ'ব তেওঁলোক ভয়ে-সন্ত্ৰাসৰে থাকিব লাগিব ৷ এটুকুৰা ঠাইৰ বাবে, এমুঠি ভাতৰ বাবে, এসাজ কাপোৰৰ পাবৰ বাবে শাসক শ্ৰেণীয়ে যিটো ক'ব, কৰিবলৈ কব তেওঁলোকে সেইটোকে বিনা দ্বিধাই, বিনা চিন্তাৰে কৰিবলৈ বাধ্য হ'ব ৷ এক প্ৰকাৰ বিদেশী ধৰ্মীয় সম্প্ৰদায়ৰ লোকসকলক আসামৰ ভাষিক অসমীয়া শ্ৰেণীয়ে "মানৱ অস্ত্ৰ" হিচাপে ব্যৱহাৰ কৰিব ৷ শাসক অসমীয়াই তেওঁলোকক ৰাজনৈতিক ক্ষেত্ৰখনত নিজৰ ইপ্সিত লক্ষ্য প্ৰপ্তিৰ বাবে ব্যৱহাৰ কৰিব আৰু শাসক অসমীয়াৰ প্ৰথম ইপ্সিত লক্ষ্যটোয়েই হ'ল জনজাতিসকলৰ মাজৰ পৰা মুৰ দাঙি উঠা সুকীয়া আত্মপৰিচয়ক সমুলি ধ্বংস কৰা ৷

আসামৰ জনজাতিসকলৰ সুকীয়া আত্মপৰিচয়ৰ দাবীক শাসক অসমীয়াই আইনী-কানুনী ব্যৱস্থাৰে বাধা প্ৰদান কৰিব নোৱাৰে যিহেতু অসমীয়াই নিজৰ ৰাজনৈতিক ক্ষেত্ৰখনত, এনআৰচিত জন্ম হোৱা বিদেশী ধৰ্মীয় সম্প্ৰদায়ক "মানৱ অস্ত্ৰ" হিচাপে জনজাতিৰ আত্মপৰিচয়ৰ ওপৰত প্ৰয়োগ কৰিব ৷ এনআৰচিত জন্ম হোৱা "বিদেশী"ক জনজাতিসকলৰ ভুমি, সমাজ, সংস্কৃতি, পৰম্পৰাৰ মাজলৈ ঠেলি পঠিওৱাব ৷ জনজাতিৰ সংঘবদ্ধ ভৌগলিক জনসমষ্টি সমূহত এনআৰচিৰে চিনাক্ত বিদেশীক সংস্থাপনৰে জনজাতিৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক শক্তিক ভাঙি তচনচ কৰিব ৷ এনেও জনজাতিসকল নিজু আৰু সহনশীল ৷ গতিকে শাসক অসমীয়াই ইয়াৰ ভৰপুৰ লাভ উঠাব ৷ মুল কথাটো হ'ল, শাসক অসমীয়াই জনজাতিসকলৰ ৰাজনৈতিক ভূগোলৰ সমীকৰণ ওলট-পালট কৰি জনজাতীয় আত্মপৰিচয়ৰ বিষয়টো নিজৰ নিয়ন্ত্ৰণত আনিব ৷ অৱশ্যেই এই কাম ইতিমধ্যে শাসক অসমীয়াই বহুলাংখে কৰিছে যদিও এতিয়ালৈকে গূঁণা ম'হৰ নাকত নাকী লগোৱা হোৱা নাই যিটো এনআৰচিৰে নাকী লগোৱাৰ ব্যৱস্থা কৰা হৈছে ৷ অৰ্থাৎ এটা ডাঙৰ শক্তিক শাসক অসমীয়াই জনজাতিৰ বিৰুদ্ধে পৰিচালনা কৰিব ৷

গণতন্ত্ৰত সংখ্যই ডাঙৰ ৷ কিন্তু এই সংখ্যাটোক নিয়ন্ত্ৰণ কৰিব লাগিব, তেতিয়াহে উদেশ্য সফল হ'ব ৷ উদেশ্য সফলৰ বাবেই এনআৰচি ৷ ধৰা হ'ল, কোকৰাঝাৰৰ কোনবা এটা পৰিষদ সংৰক্ষিত হিচাপে চিহ্নিত আৰু পৰিষদটোৰ প্ৰাৰ্থীগৰাকী জনজাতীয় মানুহৰ বাবে নিদিষ্ট ৷ দেশৰ ব্যৱস্থাটো গণতন্ত্ৰ হোৱা বাবে প্ৰাৰ্থী নিৰ্বাচন কৰা কৰ্তৃত্ব কেৱল জনতাৰ হাতত থাকে ৷ সেয়ে জনজাতিৰ বাবে সংৰক্ষিত পৰিষদ হোৱাৰ পাছতো পৰিষদটোত ৭০ শতাংশ অ-জনজাতি মানুহে পৰিষদৰ সংৰক্ষণটো মুকলি কৰিবলৈ গণদাবী উত্থাপন কৰিব ৷ ৭০ শতাংশ মানুহৰ দাবীটো অ-সাংবিধানিক যদিও ৭০ শতাংশ মানুহেই প্ৰাৰ্থী গৰাকীৰ ভৱিষ্যত নিৰ্ণয় কৰিব ৷ অৰ্থাৎ সমগ্ৰ পৰিষদটোকে ৭০ শতাংশই নিজৰ নিয়ন্ত্ৰণত নিবলৈ সক্ষম ৷

এটা সংৰক্ষিত পৰিষদক সংৰক্ষণ মুকলি কৰিবলৈ গণদাবী উত্থাপন কৰা ৭০% মানুহ হৰ্ঠাৎ বাঢ়িল কেনেকৈ? পৰিষদত একালত জনজাতি মানুহৰ সংখ্যা ৬০% তকৈও অধিক থকাত(জনজাতীয় মানুহৰ প্ৰতি অন্য উচ্চ বৰ্ণ মানুহে কৰা সামাজিক ভেদাভেদ, বৰ্ণ ব্যৱস্থা ইত্যাদিৰ বাবে সংৰক্ষণ প্ৰযোজ্য হ'য়) পৰিষদৰ এলেকাত এতিয়ালৈকে ৭০% তকৈ অধিক লোক হ'ব লাগিছিল ৷ কিন্তু তেনে নহৈ জনজাতীয় মানুহৰ সংখ্যা ৬০% ৰ পৰা কমি ৩০% হোৱা আৰু অ-জনজাতি মানুহ ৩০% ৰ পৰা বাঢ়ি গৈ ৭০% হোৱাৰ ৰহস্য কি ? সংৰক্ষিত এলেকাত অ-জনজাতীয় মানুহৰ সংখ্যা ৩০ ৰ পৰা ৭০% বাঢ়ি যোৱাৰ মাজৰ ৪০-৫০ শতাংশটোয়ে হ'ল শাসক অসমীয়া শ্ৰেণীয়ে জনজাতিৰ মানুহৰ ৰাজনৈতিক ভূগোল সলনি কৰা ষড়যন্ত্ৰ ৷ এই ষড়যন্ত্ৰত অনিয়ন্ত্ৰিত ধৰ্মীয় সম্প্ৰদায়ক এক নিয়ন্ত্ৰণত "মানৱ অস্ত্ৰ" হিচাপে পৰিচালিত কৰি জনজাতিৰ আত্মপৰিচয়ক দমন আৰু শাসন কৰিবলৈ ইতিমধ্যে এনআৰচিৰ কাম পূৰ্ণগতিত চলাব ধৰিছে ৷

আসামৰ কোন Native জনজাতিয়ে ইজৰাইলীৰ দৰে নিজ জাতিক মনে-প্ৰাণে ভাল পায় নতুবা সংঘবদ্ধ হৈ জাতিৰ হৈ কাম কৰে? জনজাতিসকলে নিজৰ বাবে আইন-কানুন ব্যৱস্থা কৰিবলৈ তেওঁলোকৰ হাতত পৰ্যাপ্ত আইনী ক্ষমতাও নাই ৷ সংবিধানৰ পঞ্চম-ষষ্ঠ অনুসূচী কাৰ্যকৰী কৰাৰ অনুগ্ৰহও শাসক অসমীয়াৰ হাতত ৷ গতিকে এনআৰচিৰ দ্বাৰা ভাষিক অসমীয়া শ্ৰেণীয়ে পশুপাত অস্ত্ৰ লাভ কৰিলেও আসামৰ নেটিভ জনজাতিৰ বাবে এনআৰচি এক ডাঙৰ অভিশাপ ৷ এই অভিশাপত প্ৰথমেই বড়োসকল আক্ৰান্ত হৈ ধ্বংস জাতিলৈ পৰিণত হ'ব ৷

"The Assamese, both caste Hindu and Muslims, professed solicitude for the tribes, but neither had troubled to study the question, nor had any real sympathy for the tribes." -- এণ্ডু ক্ল', অসম বৃটিছ গভৰ্ণৰ ৷

প্ৰৱজিত অসমীয়াৰ চৰিত্ৰ বৃটিছ অসম গভৰ্ণৰেই সুন্দৰকৈ কৈ গৈছে ৷ অসমীয়াৰ জনজাতি বিদ্বেষী চৰিত্ৰ সেই তেতিয়াৰ দিনৰে ৷ বৃটিছ আমূলতে অসমীয়া জাত্যভিমানী জাতীয়তাবাদী সমাজ প্ৰতিষ্ঠা হ'য় ৷ জাত্যভিমানী জাতীয়তাবাদক জন্মতেই আসমাৰ জনজাতি বিৰুধ ৰূপ দিছিল আনন্দৰাম ঢেকীয়াল ফুকনে ৷ এইজনেই আছিল আসামত প্ৰৱজিত ভাষিক অসমীয়াৰ জাত্যভিমানী জাতীয়তাবাদৰ জনক ৷ বৃটিছৰ দিনতে জাতীয়তাবাদক প্ৰধান আধাৰ হিচাপে লৈ আসামত প্ৰৱজিত শ্ৰেণীটোয়ে নিজৰ প্ৰভুত্বগিৰি ভুমিপুত্ৰ জনজাতিৰ ওপৰত জাপিব বিচাৰিছিল ৷ সেয়ে বৃটিছ গভৰ্ণৰে কৈ উঠিছিল, "অসমীয়া মানুহৰ জনজাতীয় মানুহৰ প্ৰতি তিলমানো বাস্তৱিক সহানুভুতি নাই ৷"

অসমীয়া জাতীয়তাবদৰ জনক আনন্দৰাম ঢেকীয়াল ফুকনে ১৮৪৯ চনতে লিখি গৈছে যে, "অসম দেসৰ লোক প্ৰায়েই হিন্দু আৰু অনেকে বামুনীয়া আৰু মহাপুৰুষীয়া নামে দুই বৈষ্ণৱ মতেৰে চলে এবং মুষলমানো কিছু আচে, কচাৰি, লালুং, মিকিৰ, নামে কেতবোৰ জাতি আচে ৷ সিহঁত হিন্দু নহ'য়, আৰু অসভ্য ৷"

এজন শিক্ষিত, বৃটিছ প্ৰশাসনৰ চাকৰিয়ালে সেই তেতিয়াই আসামৰ জনজাতি বিদ্বেষী ভাৱৰে নিজৰ পূৰ্বপুৰুষক ভৱিষ্যত পৰ্যন্ত জনজাতিৰ অস্তিত্বৰ ধ্বংস কৰিবলৈ সাৰ-পানী যোগান ধৰি গৈছে ৷ এইজনৰ মহান উদ্দেশ্যৰ কথা সৰোগত কৰিয়ে অসম ছাত্ৰ সন্থা নামৰ অসমীয়া জাতিৰ ঠিকা লোৱা সংগঠনে এটা শতিকাৰ পাছত অৰ্থাৎ ১৯৭৯ চনত জনজাতি বিদ্বেষৰে আৰম্ভ কৰে "প্ৰৱজনকাৰী অস্তিত্ব আন্দোলন", যাক পাছত নাম দিয়া হ'য় "অসম আন্দোলন" ৷

অসম আন্দোলনৰ নেতিত্বকাৰীয়ে ১৯৭১ চনৰ জুলাইত আসামৰ মুখ্যমন্ত্ৰী গোলাপ বৰবৰা ওচৰত দাখিল কৰা স্মাৰকপত্ৰৰ প্ৰথম দাবীটোয়েই আছিল "আসামৰ অনুসূচিত জাতি আৰু জনজাতিৰ সাংবিধানিক বিশেষ সুবিধা বন্ধ কৰিব লাগে ৷" অৰ্থাৎ অসমীয়া ছাত্ৰ সন্থাই অনুসূচিত জাতি আৰু জনজাতিৰ সাংবিধানিক সংৰক্ষণ ব্যৱস্থা বন্ধ কৰাৰ দাবীৰে আসামৰ জনজাতীয় মানুহৰ সাংবিধানিক অধিকাৰ কাঢ়িব বিচাৰে ৷ সত্তৰ দশকতে অসম ছাত্ৰ সন্থাই জনজাতি মানুহক নিজৰ ঘৰতে অধিকাৰহীন কৰি অসমীয়াৰ গোলাম কৰিব লোৱাটো সাধাৰণ কথা নহ'য় ৷ সেই তেতিয়াৰে জনজাতি বিদ্বেষী আছুৰ নেতৃত্বই পৰৱৰ্তী পৰ্যায়ত ৰাজনৈতিক নেতা হৈ আসাম চৰকাৰৰ মন্ত্ৰি-বিধায়ক হৈ জনজাতিৰ ওপৰত চৰকাৰী মোহৰৰে পাশৱিক অত্যাচাৰ, অন্যায় আৰু শোষণ কৰা অনেক উদাহৰণ আছে ৷

বৃটিছৰ ঔৰসত অসমীয়া জাতিয়তাবাদ সৃষ্টি হোৱা সময়ছোৱক কোনো কোনোয়ে "অৰুণোদয়" আৰু "জোনাকী" যুগ বুলি অভিহিত কৰে ৷ প্ৰকৃততে সেই সময় কোনো জোনাকী যুগ নতুবা অৰুণোদয় যুগ নাছিল ৷ তাৰ পৰিৱৰ্তে আসামত জনজাতীয় ভাষা আৰু সংস্কৃতিক কায়িক ধ্বংস কৰিবলৈ প্ৰৱজিত অসমীয়াই সৃষ্টি কৰিছিল আৰ্য সংস্কৃত অসমীয়া ভাষা প্ৰসাৰ আৰু প্ৰচাৰৰ সু-পৰিকল্পনা ৷ যি ভাষাৰ কাৰণে এতিয়া সাংবিধানিক কৰিবলৈ অসম চুক্তিৰে দাবী জনাইছে ৷

অসমৰ নগাঁও জিলাৰ ফুলগুৰিত ১৮৬১ চনত সংঘটিত কৃষক বিদ্ৰোহক বুৰঞ্জীৰ পাতত ‘ফুলগুৰি ধেৱা’ নামে জনা যায় ৷ এই বিদ্ৰোহ প্ৰধানকৈ আসামৰ কৃষিজিৱী জনজাতি লালুং(তিৱা) সকলে বৃটিছৰ শোষণ নীতিৰ বিৰুদ্ধে কৰা বিদ্ৰোহ আছিল ৷ জনজাতীয় এই কৃষক বিদ্ৰোহক অসমীয়া জাতীয়তাবাদী শ্ৰেণীৰ প্ৰতিনিধি আৰু ব্যপ্তিষ্ট মিছনেৰী সকলৰ দ্বাৰা প্ৰকাশিত প্ৰথমখন অসমীয়া কাকত ‘অৰুণোদয়ে" বৃটিছ আৰু উচ্চ বৰ্ণ অসমীয়াক সমৰ্থন কৰিবলৈ গৈ সেই সময়ত কৃষক বিদ্ৰোহটোক বিকৃত ব্যাখ্যাৰে "কানিয়াৰ বিদ্ৰোহ" নাম দিছিল ৷ বৃটিছৰ বিৰুদ্ধে জনজাতীয় কৃষকে কৰা বিদ্ৰোহটোক প্ৰায় ২৪ টা বছৰৰ পাছত জনজাতীয় কৃষকক অতি চতুৰতাৰে আসামৰ শত্ৰু অভিহিত কৰিছিল গুণাভিৰাম বৰুৱাই ৷ ১৮৮৫ চনত গুনাভিৰাম বৰুৱাই নিজে সম্পাদনা কৰা "আসাম বন্ধু"ত লিখিছিল যে, "আসামৰ বন্ধু অনেক; অনেকে অনেক প্ৰকাৰে আসামৰ হিত সাধন কৰিছে ৷ কোনো ৰজাঘৰৰ বিষয়া হই প্ৰজাৰ সুশাসনৰ নিমিত্তে সদায় উদ্যোগী ৷ কোনোএবা পুথিপাঁজি লেখি দুখীয়া মাতৃভাষাৰ উন্নতি সাধিব লাগিব লাগিছে ৷ কোনোএ বা মধ্যস্থ হৈ প্ৰজাৰ দুখ বিৱৰণ ৰাজাৰ আগত সহস্ৰমুখে ক'ব লাগিছে ৷ এইবিলাকেই বাস্তৱিক আসামৰ বন্ধু ৷" কথা হ'ল, সাম্ৰজ্যবাদী বৃটিছ শোষণৰ বিৰুদ্ধে জনজাতীয় কৃষকে মাৰ বান্ধি কৰা বিদ্ৰোটোয়ে সেই সময়ৰ অসমীয়াৰ জাতীয়তাবাদী ভাষিক শ্ৰেণীৰ কাৰণে "কানিয়া বিদ্ৰোহ" আৰু জনজাতীয় কৃষক সকল প্ৰকৃততে "আসাম বন্ধু" নাছিল ৷

বৃটিছৰ দিনতে আসামৰ জনজাতীয় মানুহক "ইতৰ" জ্ঞান কৰা ভাষিক অসমীয়া শ্ৰেণীয়ে নিজকে সু-সভ্য, সু- সংস্কৃত শ্ৰেণী হিচাপে গঢ়ি তোলাৰ প্ৰয়োজনতে নতুন সাহিত্য, ভাষা সৃষ্টিত মনোযোগ দিওঁতে আসামৰ জনজাতীয় ভাষা আৰু সংস্কৃতিক দূৰতে বিদুৰ কৰিছিল ৷ বৃটিছৰ প্ৰশাসনত চামিল হৈ নিজকে উচ্চ শিক্ষিত গৌৰৱ কৰা অসমীয়া শ্ৰেণীটোয়ে নিজৰ আৰ্য সংস্কৃতৰে গঢ়ৰ দিয়া অসমীয়া ভাষা আৰু সংস্কৃতিক জনজাতীয় ভাষা আৰু সংস্কৃতিয়ে তল পেলাব নোৱাৰে যাতে তাৰ প্ৰতি সদা সচেতন আৰু কৌশলী আছিল ৷ সেয়ে "জোনাকী"ৰ দৰে অসমীয়া কাকত(পথম ভাগ, পঞ্চম সংখ্যা)ত কমলাকান্ত ভট্টাচাৰ্যই লিখিছিল যে, "সভ্যতম ইংৰাজ গৱৰ্ণমেন্টৰ অধিনতালৈ অহাৰ আগেয়ে আসামত অৰ্ধসভ্য ছুটীয়া, আহোম প্ৰভৃতিয়ে ৰাজত্ব কৰছিল ৷ সেই সময়েই আসামৰ এন্ধাৰৰ কাল আছিল ৷ ইংৰাজ গৱৰ্ণমেন্টৰ শাসনৰ অধীন হোৱাৰ পৰা অসমীয়া মানুহে যি অলপ পোহৰ পাইছে তাৰ দ্বাৰাই নিজত ক'ত ক'ত ঘূণ আছে সেইবিলাক দেখা পাইছে, … দয়ালু ইংৰাজ গৱৰ্ণমেন্টে আমাৰ উন্নতিৰ অৰ্থে পঢ়াশালি পাতি দিছে… ৷" এইজন জোনাকীৰ আৰু এঠাই লিখিছে যে, "অসমীয়া মানুহে নিজে আৰ্যজাতি বুলি জানি, সেই আৰ্যজাতিৰ গৌৰৱ ৰক্ষা কৰিবলৈ যত্ন নকৰে মানে নিজৰ উন্নতি সাধিব নোৱাৰে ৷"

ইতিহাসৰ পাতত ভাষিক অসমীয়া শ্ৰেণীৰ আৰম্ভনিতে আসামৰ জনজাতীয় বিদ্বেষৰ কূত-কৌশল সম্বন্ধে থকা চৰম সত্যক কোনো কালে ঢাকিব পৰা নাযায় ৷ স্বাধীনতাৰ পৰৱৰ্তী কালত অসমীয়াৰ সাংবিধানিক ৰক্ষা কবচ "অসম চুক্তি" কেতিয়াও, কোনো যুক্তিতে আসামৰ মুলভুত জনজাতীয় মানুহৰ সপক্ষে নাই; বিপৰিতে অসম চুক্তিয়ে কেতবোৰ জনজাতীয় মানুহৰ সাংবিধানিক ৰক্ষাকবচ ক্ষিপ্ৰতাৰে ধ্বংসহে কৰি আহিছে ৷ ভাষিক অসমীয়াৰ উচ্চ বৰ্ণ সম্প্ৰদায়ে পৰিচালিত কৰা অসম আন্দোনৰ ৫ নং দফা "বিদেশী নাগৰিক চিনাক্তকৰণ" আৰু ১০ নং দফাই আসামৰ জনজাতীয় মানুহৰ ওপৰত থকা সাংবিধানিক অধিকাৰত চৰম কুঠাৰঘাত কৰিছে ৷

চুক্তিখনৰ ৫.১ নং দফাত বিদেশী নাগৰিকসকলৰ চিনাক্তকৰণ তথা বহিস্কাৰৰ বাবে ১৯৬৬ চন(বৰ্তমান ১৯৭১ চনক ভিত্তি বৰ্ষ ধৰা হ'য়)ৰ পহিলা জানুৱাৰীৰ দিনটোক ভিত্তি বৰ্ষ হিচাপে গ্ৰহণ কৰিবলৈ কোৱাটো আসাম নালাগে, ভাৰতৰ কাৰণে মুঠেও গ্ৰহণযোগ্য নহ'য় ৷ এই দফাটোয়ে ভাৰতীয় সংবিধানৰ নাগৰিকত্ব আইন ১৯৫৫ ক পোনচাতেই আঘাত কৰিছে ৷ অৰ্থাৎ দফাটোয়ে ভাৰতীয় সংবিধানিক প্ৰদত্তক আঘাত কৰি দেশদ্ৰোহিতাৰে পূৱ পাকিস্থানৰ পৰা অবৈধ হাৰত অহা বাংলাদেশী নাগৰিকক আসমাৰ মাটিত সংস্থাপনৰ বাট মুক্ত কৰি দিছে ৷ এই দফাটোয়ে ভাৰতীয় নাগৰিকৰ নিৰাপত্তা বিঘ্নত কৰাৰ লগতে দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি চৰম ভাবুকি ৷

আসামত যিহেতু অসম আন্দোলনৰ মুখিয়াল, উচ্চ বৰ্ণ প্ৰফুল্ল মহন্তই আন্দোলন নেতৃত্ব দিয়াৰ পাছত নিজেই মুখ্যমন্ত্ৰি হৈ অসম চুক্তিৰ দফা নং ৫ টো কাৰ্যকৰী কৰা নাছিল ৷ মহন্ত মুখ্যমন্ত্ৰি হোৱাৰ বহু পূৰ্ৱে আসামত ছাৰ ছাদুল্লা আৰু গোপীনাথ বৰদলৈয়ে "আসাম ভুমি ৰাজহ আইন ১৮৮৬" থকাৰ পাছতো হিন্দু-মুছলীম উভয় বাংলাদেশীক আসমত শৰনাৰ্থী হিচাপে আনি ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰি পাছত জনজাতীয় ট্ৰাইবেল মাটি বেদখল কৰি বহুৱায় ৷ এই দুজনাৰ কামকে অসম আন্দোলনৰ নেতা প্ৰফুল্ল মহন্তই পুনৰ দুহাৰে ৷ মুখ্যমন্ত্ৰিৰ আসনত বহি মহন্তই নিজে চুক্তি কৰা অসম চুক্তিৰ ৫ নম্বৰ দফা কাৰ্যকৰী নকৰি ওলটাই জনজাতীয় ট্ৰাইবেল্টৰ মাটি দখলৰে অধিক হাৰত বাংলাদেশী প্ৰৱজনকাৰীক বহুৱাবলৈ ধৰে ৷ যৰ ফলত অধিকাংশ প্ৰৱজনকাৰীয়েই এতিয়া "অসমীয়া" স্বকৃতি পাইছে ৷

অসম চুক্তি অনুসৰি আসামত বিদেশী নাগৰিক চিনাক্তকৰণৰ ভিত্তিবৰ্ষ হিচাপে ১৯৫১ চনৰ সলনি ১৯৭১ চনক মানি লৈ অনআৰচিৰ কামকাজ আগবঢ়োৱা হ'ল ৷ ১৯৫১-৭১ চনৰ মাজৰ ২০ টা বছৰত অসমলৈ প্ৰৱজন কৰা অবৈধ বিদেশী মানুহখিনিক ভাষিক অসমীয়াই নিজৰ সুবিধানুসৰি ৰাজনৈতিক শক্তিত প্ৰয়োগ কৰিবলৈ ইতিমধ্যে তেওঁলোকক "ন-অসমীয়া" হিচাপে স্বকৃতি দিলে ৷ সন্দেহজনক বিদেশী হিচাপে ধৰা "ন-অসমীয়া" মানুহখিনি ভাষিক অসমীয়া শ্ৰেণীৰ ন-সদস্য হোৱাৰ সুবাদত আসামৰ জনজাতীয় ভুমি অবৈধভাৱে দখল কৰিবলৈ মুক্ত অনুজ্ঞাপত্ৰ স্বয়ং অসমীয়াই নিজ হাতে প্ৰদান কৰে ৷ এই ন-অসমীয়া মানুহখিনিৰ আক্ৰমণাত্মক স্বভাৱে আসমাত প্ৰতিদিনে সামাজিক ব্যাধি আৰু শান্তি-শৃংখলা অৱনতি ঘটাই আহিছে ৷

ভাষিক অসমীয়াই আসামৰ জনজাতীয় মানুহৰ সাংবিধানিক ৰক্ষাকবচ অত দিনে ভাঙিব নোৱাৰিছিল যদিও অৱশেষত বেদেশী নাগৰিকৰে গঠিত "ন-অসমীয়া"ৰ দ্বাৰা জনজাতীয় সংৰক্ষিত ভুমি বেদখল কৰোৱাত জনজাতীয় মানুহৰ ভাষা, সংস্কৃতি, সামাজিক জীৱন-প্ৰণালী, জনজাতীয় মানুহৰ জীৱন আৰু নিৰাপত্তাৰ ক্ষেত্ৰত চৰম ভাবুকি দেখা দিছে ৷ অসমীয়াৰ অবৈধ বিদেশী "ন-সদস্য" এতিয়া আসামৰ বড়ো আৰু অন্য জনজাতীয় মানুহৰ অস্তিত্বৰ প্ৰধান ভাবুকি ৷

ভাষিক অসমীয়াই "ন-অসমীয়া" পৰিচয়ৰে অতিথি সদস্য কৰি লোৱা অবৈধ বিদেশীক নিজৰ ঠাইৰ সলনি জনজাতীয় সংৰক্ষিত ভুমিত কৌশলৰে সংস্থাপিত কৰি জনজাতীয় আত্মপৰিচয়ৰ সকলো স্তৰতে আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৷ যাতে ভাষিক অসমীয়াই নিজৰ আৰ্য সংস্কৃত ভাষা আৰু সাহিত্য জনজাতীয় লোকৰ ওপৰত জাপিব পাৰে ৷ আটৈইতকৈ ডাঙৰ কথাটো হ'ল, ভাষিক অসমীয়াই "ন-অসমীয়া" নামৰ বিদেশী নাগৰিকৰ দ্বাৰা আসামৰ জনজাতীয় মানুহৰ সাংবিধানিক অধিকাৰত কৰা প্ৰহাৰ ৷ আসামৰ জনজাতীয় মানুহৰ সাংবিধানিক অধিকাৰ বলপূৰ্বক কাঢ়ি লোৱাৰ উদেশ্যই হ'ল অসম চক্তি ৷

অসম চুক্তিৰ ৬ নং দফাত থকা "Assamese" শব্দটোয়ে কেৱল উচ্চ বৰ্ণ ভাষিক শ্ৰেণীক বুজাইছে ৷ অসমীয়া শব্দৰে আসামৰ মুলভুত আৰ্যভিন্ন কোনো জনজাতীয় মানুহক বুজুৱা হোৱা নাই ৷ আসামৰ ঐতিহাসিক আৰু ইতিহাসে আৰ্য আৰু অন্যান্য কিছু জাতি, সম্প্ৰদায় আৰু ভাষিক লোকক আসামৰ প্ৰকৃত বাসিন্দা হিচাপে স্বকৃতি দিয়া নাই ৷ আসামত আহি বসতি স্থাপন কৰা ব্ৰাহ্মণ আৰু কায়স্থ, আহোম, চাহ শ্ৰমিক, হিন্দু-মুছলিম উভয় বাংলাদেশী সম্প্ৰদায়, হিন্দীভাষি সম্প্ৰদায়, নেপালী(নেপালীৰ আৰ্য অংশটো) সম্প্ৰদায় ইত্যাদি সকল ঐতিহাসিক আৰু ইতিহাসৰ দৃষ্টিত বহিৰাগত তথা প্ৰৱজিত লোক ৷ তেওঁলোক আসামৰ আদিম অধিবাসী নহ'য়, প্ৰৱজিত লোক হে ৷ তাহানিৰ প্ৰৱজিত লোকক সকলক সাঙুৰিহে আসামত চুক্তিত "Assamese" শব্দক বুজুৱা হৈছে ৷ বিপৰীতে আসামত অনাদি কালৰে পৰা বসবাস কৰা বড়ো, কাৰ্বি, মিছিং, কোঁচ, ৰাভা, ডিমাছা, তিৱা, গোৰ্খা, কছাৰী আদি সকল নিজৰ স্বকীয় জীৱন শৈলী, ভাষাগত ভাৱে, স্বকীয় সংস্কৃতিৰে অসমীয়া নহয় ৷ তেওঁলোক এই ভু-খণ্ডৰ খিলঞ্জীয়া আৰু নিজস্ব জাতীয় জীৱনৰ একো একোটা সুকীয়া আত্মপৰিচয় আছে ৷

"অসমীয়া" শব্দৰে শোষক বৰ্ণক ঢাকি ৰাখিব বিচৰা "অসম চুক্তি" খন তেতিয়াহে আসমাৰ ভুমিপুত্ৰ জনজাতিয়ে অন্তকৰণৰে মানি লোৱা উচিত যদিহে চুক্তিৰ ৬নং দফাত উল্লেখ থকা "অসমীয়া" শব্দটো সম্পূৰ্ণ প্ৰত্যাহাৰ কৰি লবলৈ মান্তি হ'য় ৷ দ্বিতীয়তে, ট্ৰাইবেল্ট বেল্ট-ব্লকৰ ভিতৰত অবৈধ ভাৱে বসবাস কৰা লোক সকলক অসম ভুমি ৰাজহ আইন ১৮৮৬ৰ দফা মতেই বহিষ্কাক কৰা হওঁক আৰু তৃতীয়তে, ভাৰতীয় সংবিধানৰ নাগৰিকত্ব আইন ১৯৫৫ ৰ অনুসৰী ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাগৰিকৰ শেষ সময় সীমা অৰ্থাৎ বিদেশী নাগৰিকৰ ভিত্তিবৰ্ষ ১৯৭১ চনৰ ঠাই ১৯৫১ কৰা হওঁক ৷ এই তিনিটা চৰ্ত প্ৰৱজিত ভাষিক অসমীয়াই বিনা দ্বিধাই মানি ললেহে আসামৰ ভুমিপুত্ৰ বড়ো আৰি অন্যান্য জনজাতি জনগণই অসম চুক্তিক সমৰ্থন কৰা উচিত ৷ অন্যথা এই চুক্তিয়ে ভুমিপুত্ৰ জনজাতিৰ সাংবিধানিক অধিকাৰ কাঢ়ি লৈ কেৱল ভাষিক অসমীয়া শ্ৰেণীক নিজৰ স্বাৰ্থ পূৰণ কৰাত সুবিধা কৰিব ৷
৩৫এ নং অনুচ্ছেদ

★ ১৯৫৪ চনত ৰাষ্ট্ৰপতিৰ আদেশৰ দ্বাৰা সংবিধানত জম্মু-কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যদা ৷

★ অনুচ্ছেদ ৩৫এ ৰ দ্বাৰা স্থানীয় নিবাসীৰ সুকীয়া পৰিচয় ৷

★ জম্মু-কাশ্মীৰৰ বাহিৰৰ লোকে স্থানীয় লোকৰ মাটি-সম্পত্তি কিনা-বেচা ক্ষেত্ৰত নাই কোনো অধিকাৰ ৷

★ জম্মু-কাশ্মীৰৰ বাহিৰৰ লোকে ইয়াৰ চৰকাৰী প্ৰশাসনত কোনোধৰণৰ চৰকাৰী চাকৰি কৰিব নোৱাৰিব ৷

35A অনুচ্ছেদৰ লগত জড়িত কিছু কথাঃ

☞ সংবিধানৰ ৩৫এ এনে এটা অনুচ্ছেদ য'ত জম্মু-কাশ্মীৰৰ বিধানসভাই নিজৰ ৰাজ্যবাসীক নিজৰ ৰাজ্যৰ স্থায়ী বাসিন্দাৰ সংজ্ঞা প্ৰদান কৰা ক্ষমতা লাভ কৰিছে ৷

☞ ১৯৫৪ চনৰ ১৪ মে'ত ৰাষ্ট্ৰপতি ড° ৰাজেন্দ্ৰ প্ৰসাদে তেওঁৰ এক আদেশানুসাৰে জম্মু-কাশ্মীৰৰ কাৰণে ৩৫এ অনুচ্ছেদ সংযোজন কৰে ৷ এই অধিকাৰ সংবিধানৰ ৩৭০ নং অনুচ্ছেদৰ দ্বাৰা জম্মু-কাশ্মীৰক প্ৰদান কৰা হ'য় ৷

☞ ১৯৫৬ চনত জম্মু-কাশ্মীৰৰ নিজা সংবিধান বনোৱা হ'য়, য'ত নিজা স্থায়ী নাগৰিকক এক সুকীয়া সংজ্ঞা প্ৰদান কৰিব পাৰে ৷

☞ জম্মু-কাশ্মীৰৰ নিজা সংবিধানে ১৯৫৪ চনৰ ১৪ মে' তাৰিখৰ আগত জম্মু-কাশ্মীৰত বসবাস কৰা ব্যক্তিকহে তাৰ স্থায়ী নাগৰিকত্ব প্ৰদান কৰিছে ৷

☞ ২০১৪ চনত এটা বে-চৰকাৰী সংস্থা(NGO)ই দেশৰ চুপ্ৰীম কৰ্টত এক আৰ্জি দাখিল কৰি ৩৫এ উঠাই লবলৈ আহ্বান জনায় ৷ ইয়াৰ পাছতে বিষয়টো চুপ্ৰীম কৰ্টত বিচাৰধীন হৈ পৰি আছে ৷

তথাকথিত অসম চুক্তি ভাৰত চৰকাৰ আৰু অসম আন্দোলনৰ নেতৃত্বৰ মাজত ১৯৮৫ চনৰ ১৫ আগষ্টত নতুন দিল্লীত স্বাক্ষৰিত হোৱা এখন বুজাবুজি চুক্তি ৷ যি চুক্তিত আসামৰ ভুমিপুত্ৰ জনজাতিৰ বাহিৰে কেৱল আসামৰ বৰ্ণ অসমীয়াৰ অস্তিত্বৰ সুৰক্ষা দিশটো মুলত গুৰুত্ব দিয়া হ'য় ৷ এই চুক্তিৰ দ্বাৰা প্ৰৱজনকাৰী ভাষিক অসমীয়াই নিজৰ স্বাৰ্থ সুৰক্ষাৰ কথাটোহে বিবেচনা কৰিছিল ৷

আসামখন ঐতিহাসিক ভাৱে ভুমিপুত্ৰ বড়োসকলৰ লগতে অন্যান্য জনজাতি সকলৰ ৷ ঐতিহাসিক দৃষ্টিকোণৰ পৰা আসামৰ ভুমিস্বত্ব আজিও জনজাতিসকলৰ ওচৰত ন্যস্ত আছে ৷ এই কথাটো বহিৰাগত, প্ৰৱজনকাৰী ভাষিক অসমীয়া শ্ৰেণীয়ে বিনা দ্বিধাই মানি লব লাগিব ৷ আসামৰ ভুমিত বহিৰাগত প্ৰৱজিত ভাষিক অসমীয়া কৃত্ৰিম শ্ৰেণীয়ে আজি সুখে-সন্তুখে বহি-শুই খাই থকাৰ অন্তৰালত ভুমিপুত্ৰ জনজাতি সকলৰ ঘামৰ বিনিময়ত, তেজৰ বিনিময়ত হাবি-জংঘল পৰিষ্কাৰ কৰি আসামক সুজলা-সুঁফলাৰে বাসবাসৰ উপযোগী কৰা কঠোৰ শ্ৰম নিহিত হৈ আছে ৷ আসামাৰ ভুমি ভুমিপুত্ৰ বড়োসকলৰ, জনজাতিসকলৰ পূৰ্বজৰ হাড়ৰে গঢ়া ৷ এই মাটিৰ উপজ খাই বহিৰাগত প্ৰৱজনকাৰী ভাষিক অসমীয়াই বড়োসকলক নিয়ন্ত্ৰণ কৰিব বিচৰাটো কদাপি মানি লোৱা নহ'ব ৷

অসম চুক্তিৰ ৬ নং দফাত যিহেতু "সাংবিধানিক, আইনগত আৰু প্ৰশাসনিক নিৰাপত্তা প্ৰদানৰ ব্যৱস্থা কৰা; অসমীয়া সংস্কৃতি, ভাষা, সামাজিক আৰু ঐতিহাসিক ক্ষেত্ৰসমূহৰ নিৰাপত্তা সুনিশ্চিত কৰা" বুলি স্পষ্ট উল্লেখৰে ইয়াৰ চৰ্ত ৰূপণত দাবী জনাইছে ৷ গতিকে আসামত আৰ্যভিন্ন ভুমিপুত্ৰ বড়ো, ৰাভা, মিছিং, তিৱা, লালুং, ডিমাছা, কাৰ্বি ইত্যাদি সকলে নিজৰ জনজাতীয় আত্মপৰিচয় ত্যাগ কৰি "অসমীয়া" পৰিচয় দিব বিচাৰে নে নিবাচাৰে তাক প্ৰথম স্পষ্ট হোৱা প্ৰয়োজন ৷

অসমীয়া ভাষা কি? অসমীয়া সংস্কৃতি কি? আসামত "অসমীয়া" ভাষাটো এটা সংযোগী ভাষা ৷ ই কোনো জাতিৰ ভাষা নহ'য় ৷ অসমীয়া ভাষাটো প্ৰৱজনকাৰী শ্ৰেণীৰ নিজা আৱদান নহ'য় ৷ আসামৰ বিভিন্ন জনজাতীয় ভাষাৰ সংমিশ্ৰণ আৰু আৱদানত অসমীয়া ভাষাই প্ৰাণ পায় উঠিছে ৷ আসামত কোনো জাতিৰ ভাষা যদি আছে, তেন্তে জনজাতীয় ভাষাসমূহ একক সত্বাত, স্বকীয় মহিমাৰে জনজাতীয় মানুহৰ মাজত জিলিকি আছে ৷ জনজাতীয় ভাষা সমূহে নিজৰ ৰূপ-অলংকাৰ, ব্যাকৰণৰ বাবে অসমীয়া ভাষাৰ দৰে কেতিয়াও আন ভাষাৰ আশ্ৰয় লব লগা হোৱা নাই ৷ আসামৰ জনজাতীয় ভাষা সমূহ স্বাধীনচেতিয়া, স্বয়ং আৰু স্ব-মহিমান্দিত ৷

অসমীয়া সংস্কৃতিও অসমীয়া ভাষাৰ দৰেই জনজাতীয় জীৱন প্ৰণালী, জনজাতীয় সংস্কৃতি আৰু পৰম্পৰাৰ ওচৰত ধাৰুৱা ৷ পাহাৰ-ভৈয়ামৰ জনজাতীয় মানুহৰ পৰম্পৰা আৰু সংস্কৃতিৰ পৰা ইটো-সিটো লৈ কৃত্ৰিম অসমীয়া সংস্কৃতি গঢ় লৈ উঠিছে ৷ অসমীয়া সংস্কৃতি মুলতঃ বিহু আৰু শংকৰী ধৰ্ম ৷ অৰ্থাৎ আৰ্যমুলীয় ৷ ইয়াৰ বাহিৰে আসামৰ মুলভুত জনজাতীয় মানুহৰ দৰে ভিন্নৰঙী স্বকীয় সংস্কৃতি অসমীয়া মানুহৰ ওচৰত নাই ৷

অসম আন্দোলনৰ ৬ নং দফাত থকা অসমীয়া ভাষা আৰু অসমীয়া সংস্কৃতিৰ ৰক্ষাৰ বন্দোৱস্ত যদি ভাষিক অসমীয়াই ভৱিষ্যতে লাভ কৰে তেন্তে সেয়া হ'ব আসামৰ আৰ্যভিন্ন জনজাতীয় মানুহৰ বিপৰীতে লোৱা আৰ্যমুলীয় সুৰক্ষা ৷ অসমীয়া ভাষা আৰু সংস্কৃতিৰ সুৰক্ষা বন্দবস্তত কেতিয়াও জনজাতীয় ভাষা আৰু সংস্কৃতি সাঙুৰি নল'য় ৷ ইয়াৰ প্ৰমাণ আজি আসামৰ জনজাতীয় ভাষা আৰু সাহিত্যৰ ওপৰত বৰ্ণ অসমীয়াৰ দ্বাৰা সঞ্চালিত আসাম চৰকাৰৰ বৈষম্য নীতি দেখদেখকৈ ওলাই আছে ৷

তথাকথিত অসম চুক্তিৰ ৬ নং দফাৰ দ্বাৰা প্ৰৱজনকাৰী ভাষিক অসমীয়াই এতিয়ালৈকে লাভ কৰা স্বাৰ্থ তলত দাঙি ধৰা হ'ল…
১. অসম চুক্তিৰ অন্তৰ্গত ৬ নম্বৰ অনুচ্ছেদ অনুসৰি অসমীয়া সংস্কৃতিৰ বাহকৰ ৰূপত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ প্ৰতিষ্ঠা কৰা হ'য় । কলাক্ষেত্ৰৰ বাবে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত ১০.২৮ হেক্টৰ মাটিকালিত ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ পৰা ১৮.৮৫ কোটি টকা আৰু ৰাজ্যিক চৰকাৰৰ পৰা ১.৫০ কোটি টকাৰ অনুমোদন অনুসাৰে মুঠ ২০ হাজাৰ কোটি টকাৰ এই বৃহৎ কাৰ্যসূচী সম্পূৰ্ণ কৰা হয় ।
২. অসমৰ ২১৯ খন সত্ৰক এতিয়ালৈকে বিত্তীয় সাহাৰ্য্য প্ৰদানৰ কাৰণে মুঠ ২১ কোটি টকা অনুমোদন জনোৱা হয়।
৩. অসমৰ ১১টা ঐতিহাসিক কীৰ্তিচিহ্ন(ইয়াৰ ভিতৰত এটাও জনজাতীয় কীৰ্তিচিহ্ন নাই)ৰ ক্ষণাবেক্ষণ, সংৰক্ষণ আৰু উন্নয়নৰ নামত ৭ কোটি টকাৰ অনুমোদন জনোৱা হয় ।
৪. কেন্দ্ৰীয় চৰকাৰৰ পূৰাতাত্বিক জৰীপ বিভাগৰ দ্বাৰা নগাঁৱৰ শিঙৰি মন্দিৰ প্ৰাঙ্গন, উৰ্ব্বশী পূৰাতাত্বিক অঞ্চল, হাজোৰ পোৱামক্কা, হাজোৰ কেডাৰ মন্দিৰ আৰু হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ এই পাঁচটা কীৰ্তিচিহ্নৰ ৰক্ষণাবেক্ষণ, সংৰক্ষণ আৰু উন্নতি সাধন কৰা হ'য় ৷


আসামৰ জনজাতি সকলে মনত ৰাখিব, চুক্তিখনৰ ৬ নং দফাটোক ভাষিক অসমীয়াই সাংবিধানিক কৰিব বিচাৰিছে ৷ অৰ্থাৎ অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিক ফুল ফৰ্মত আৰ্যকৰণৰে সংবিধানৰ আওতালৈ আনিবলৈ দাবী কৰিছে ৷ সংবিধানৰ আওতালৈ অহাৰ লগে লগেই অসমীয়া ভাষা, সংস্কৃতিয়ে আসামৰ জনজাতীয় ভাষা আৰু সংস্কৃতিৰ ওপৰত কব্জা কৰিব ৷ অৰ্থাৎ যদি কোনো অঞ্চলত পঞ্চচ শতাংশতকৈও কিছু অধিক অসমীয়া ভাষি লোক আছে তেন্তে সেই অঞ্চলত আপুনা আপুনি বাকী চল্লিশ শতাংশ অনা-অসমীয়া জনজাতীয় মানুহে আইনগত আদেশ অনুসাৰে অসমীয়া সংস্কৃতি, ভাষাক বলপূৰ্বক আকোঁৱালি ল'ব লাগিব ৷

অকল ইমানেই নহ'য়, ভাষা আৰু সংস্কৃতি সাংবিধানিক প্ৰদত্ত হ'লে ইয়াক পালন কৰাও চৰকাৰৰ বিশেষ ভুমিকা থাকিব ৷ ভাষা আৰু সংস্কৃতিৰ বাবে এক নিদিষ্ট পৰিকল্পনা আৰু সুকীয়া আৰ্থিক মঞ্জুৰী ব্যৱস্থা থাকিব ৷ অৰ্থাৎ গোটেই ব্যৱস্থাটোয়েই স্বয়ংক্ৰিয় হ'ব ৷ বিভাগীয় কৰ্তৃপক্ষক ভাষা-সংস্কৃতিৰ ৰক্ষাৰ বাবে তেওঁলোকৰ দায়িত্বক বেলেগকৈ সোঁৱৰাই থাকিব লগীয় নহ'ব ৷
প্ৰৱজনকাৰী ভাষিক অসমীয়াই অসম চুক্তিৰ ৬ নং দফাৰ দ্বাৰা নিজকে সাংবিধানিক ৰক্ষাকবচ দাবী কৰাৰ আগত তথা "অসমীয়া" সংজ্ঞা নিৰূপণৰ আগত আসামৰ ভুমিস্বত্বৰ প্ৰকৃত গৰাকী তেওঁলোক হ'য় নে নহ'য় তাক এবাৰ ভালদৰে বিবেচনা কৰা উচিত ৷

অসমীয়া ভাষিক শ্ৰেণীটো ঐতিহাসিক আৰু ইতিহাসৰ দৃষ্টিকোণৰ পৰা অসমৰ প্ৰকৃত গৰাকী নহ'য় ৷ যদি ঐতিহাসিক দৃষ্টিত দেখা যায় তেন্তে আৰ্য গ্ৰন্থ সমূহেই স্পষ্ট ৰূপত আসামৰ প্ৰকৃত গৰাকী হিচাপে বড়োসকলক আঙুলিয়াই গৈছে ৷ প্ৰৱজনকাৰীৰ দ্বাৰা লিখিত বুৰঞ্জীসমূহেও একেই কথা আঙুলিয়াই গৈছে ৷ গতিকে জনজাতীয় আসামত বহিৰাগতই বহি জনজাতিক নিয়ন্ত্ৰণ কৰিব বিচৰাটো ভাষিক অসমীয়াৰ ডাঙৰ ভুল হ'ব ৷ এয়া এক প্ৰকাৰ সকীয়নী বুলিয়েই ধৰি লওঁক ৷

আসম দেশৰ কেৱল বড়ো সকলেই নহ'য়, অন্যান্য জনজাতীয় সকলেও আগতেওঁ অসমীয়া নাছিল, আজিওঁ নহ'য় আৰু ভৱিষ্যতেওঁ নহ'য় ৷ বহিৰাগত অসমীয়াই আসামৰ ভুমিপুত্ৰ জনজাতিসকলক ভৌগলিক আৰু ৰাজনৈতিক ভাৱে অৱদমন কৰা, অত্যাচাৰ কৰা, শোষণ কৰা বহু বেছি হ'ল ৷

আসামত বহিৰাগত অসমীয়াই ভাষা, বৰ্ণ আৰু ধৰ্মৰ নামত বিদেশী খেদা আন্দোলন কৰিছিল যদিও প্ৰকৃততে আসামৰ মুলভুত ভুমিপুত্ৰৰ অস্তিত্ব ধ্বংসৰে ভুমি অধিকাৰ কাঢ়ি লোৱা ষড়যন্ত্ৰ নিহিত আছিল ৷ সেয়ে অসমীয়া আন্দোলনৰ আন্দোলনকাৰীয়ে প্ৰথমেতেই জনজাতি বড়োক লক্ষ্য কৰি বড়ো হত্যাত নামি পৰিছিল ৷ গুৱাহাটীৰ পৰা নিয়ন্ত্ৰণ কৰা আন্দোলনটোৰ বৰ্ণ নেতৃত্বই প্ৰথমতেই দুজন বড়ো সু-পুত্ৰ বিহুৰাম বড়ো আৰু হাবিৰাম বড়োক গুৱাহাটীৰ ওচৰৰ ফুলুং চাপৰিত অতি নিৰ্মমভাৱে হত্যা কৰি নিজৰ অস্তিত্বৰ "অসম আন্দোলন"ৰ সুভৰাম্ভ কৰিছিল ৷

আন্দোলনৰ সময়ছোৱাত অসমীয়া আন্দোলনকাৰীয়ে ওদালগুৰীৰ বড়ো বসতি বিভিন্ন অঞ্চলত পুলিচৰ পোছাক পিন্ধি ৰাতি ৰাতি গৈ বড়ো মহিলাক ধৰ্ষণ, হত্য আৰু নিৰ্মম অত্যাচাৰ কৰিছিল ৷ বড়ো ডেকা-বুঢ়াক লগ পালেই শাৰীৰিক অত্যাচাৰে পংগু কৰিছিল ৷ অসম আন্দোলনকাৰীয়ে বড়োসকলৰ ওপৰত জপিয়াই পৰা কাৰণ আছিল বড়োসকলে নিজৰ ভাষা-সংস্কৃতিক অসমীয়া কবলৈ, স্বীকৃতি দিবলৈ নিবিচৰা ৷ বড়োসকলে নিজকে অসমীয়া পৰিচয় নিদিয়াটোয়েই সেই সময়ত উচ্চ বৰ্ণৰ দ্বাৰা পৰিচালিত আন্দোলনটোৰ নেতৃত্বকাৰীৰ ওচৰত মুল প্ৰত্যাহ্বান তথা হেঙাৰ আছিল ৷ এই প্ৰত্যাহ্বানৰ ফলতে শোনিতপুৰ জিলাৰ গহপুৰ, জহামাৰী অঞ্চলৰ ৫০০ বড়ো পৰিয়ালে অসমীয়া আন্দোলনকাৰীৰ হিংশ্ৰ আক্ৰমণত অতি নিৰ্দয় আৰু আওমৰণৰে মৰিব লগা হ'য় ৷ অসমীয়া আন্দোলনকাৰীৰ চৰম অত্যাচাৰৰ ফলতেই ওদালগুৰীৰ ৬০,০০০ বড়ো মানুহে এতিয়াও কাষৰীয়া অৰুণাচলত শৰনাৰ্থী জীৱন অতিবাহিত কৰিব লগা হৈছে ৷

                                   (২)
"The Assamese, both caste Hindu and Muslims, professed solicitude for the tribes, but neither had troubled to study the question, nor had any real sympathy for the tribes." -- এণ্ডু ক্ল', অসম বৃটিছ গভৰ্ণৰ ৷


প্ৰৱজিত অসমীয়াৰ চৰিত্ৰ বৃটিছ অসম গভৰ্ণৰেই সুন্দৰকৈ কৈ গৈছে ৷ অসমীয়াৰ জনজাতি বিদ্বেষী চৰিত্ৰ সেই তেতিয়াৰ দিনৰে ৷ বৃটিছ আমলতে অসমীয়া জাত্যভিমানি জাতীয়তাবাদী সমাজ প্ৰতিষ্ঠা হ'য় ৷ জাত্যভিমানি জাতীয়তাবাদক জন্মতেই আসমাৰ জনজাতি বিৰুধ ৰূপ দিছিল আনন্দৰাম ঢেকীয়াল ফুকনে ৷ এইজনেই আছিল আসামত প্ৰৱজিত ভাষিক অসমীয়াৰ জাত্যভিমানি জাতীয়তাবাদৰ জনক ৷ বৃটিছৰ দিনতে জাতীয়তাবাদক প্ৰধান আধাৰ হিচাপে লৈ আসামত প্ৰৱজিত শ্ৰেণীটোয়ে নিজৰ প্ৰভুত্বগিৰি ভুমিপুত্ৰ জনজাতিৰ ওপৰত জাপিব বিচাৰিছিল ৷ সেয়ে বৃটিছ গভৰ্ণৰে কৈ উঠিছিল, "অসমীয়া মানুহৰ জনজাতীয় মানুহৰ প্ৰতি তিলমানো বাস্তৱিক সহানুভুতি নাই ৷"

অসমীয়া জাতীয়তাবদৰ জনক আনন্দৰাম ঢেকীয়াল ফুকনে ১৮৪৯ চনতে লিখি গৈছে যে, "অসম দেসৰ লোক প্ৰায়েই হিন্দু আৰু অনেকে বামুনীয়া আৰু মহাপুৰুষীয়া নামে দুই বৈষ্ণৱ মতেৰে চলে এবং মুষলমানো কিছু আচে, কচাৰি, লালুং, মিকিৰ, নামে কেতবোৰ জাতি আচে ৷ সিহঁত হিন্দু নহ'য়, আৰু অসভ্য ৷"

এজন শিক্ষিত, বৃটিছ প্ৰশাসনৰ চাকৰিয়ালে সেই তেতিয়াই আসামৰ জনজাতি বিদ্বেষী ভাৱৰে নিজৰ পূৰ্বপুৰুষক ভৱিষ্যত পৰ্যন্ত জনজাতিৰ অস্তিত্বৰ ধ্বংস কৰিবলৈ সাৰ-পানী যোগান ধৰি গৈছে ৷ এইজনৰ মহান উদ্দেশ্যৰ কথা সৰোগত কৰিয়ে অসম ছাত্ৰ সন্থা নামৰ অসমীয়া জাতিৰ ঠিকা লোৱা সংগঠনে এটা শতিকাৰ পাছত অৰ্থাৎ ১৯৭৯ চনত জনজাতি বিদ্বেষৰে আৰম্ভ কৰে "প্ৰৱজনকাৰী অস্তিত্ব আন্দোলন", যাক পাছত নাম দিয়া হ'য় "অসম আন্দোলন" ৷

অসম আন্দোলনৰ নেতিত্বকাৰীয়ে ১৯৭১ চনৰ জুলাইত আসামৰ মুখ্যমন্ত্ৰী গোলাপ বৰবৰা ওচৰত দাখিল কৰা স্মাৰকপত্ৰৰ প্ৰথম দাবীটোয়েই আছিল "আসামৰ অনুসূচিত জাতি আৰু জনজাতিৰ সাংবিধানিক বিশেষ সুবিধা বন্ধ কৰিব লাগে ৷" অৰ্থাৎ অসমীয়া ছাত্ৰ সন্থাই অনুসূচিত জাতি আৰু জনজাতিৰ সাংবিধানিক সংৰক্ষণ ব্যৱস্থা বন্ধ কৰাৰ দাবীৰে আসামৰ জনজাতীয় মানুহৰ সাংবিধানিক অধিকাৰ কাঢ়িব বিচাৰে ৷ সত্তৰ দশকতে অসম ছাত্ৰ সন্থাই জনজাতি মানুহক নিজৰ ঘৰতে অধিকাৰহীন কৰি অসমীয়াৰ গোলাম কৰিব লোৱাটো সাধাৰণ কথা নহ'য় ৷ সেই তেতিয়াৰে জনজাতি বিদ্বেষী আছুৰ নেতৃত্বই পৰৱৰ্তী পৰ্যায়ত ৰাজনৈতিক নেতা হৈ আসাম চৰকাৰৰ মন্ত্ৰি-বিধায়ক হৈ জনজাতিৰ ওপৰত চৰকাৰী মোহৰৰে পাশৱিক অত্যাচাৰ, অন্যায় আৰু শোষণ কৰা অনেক উদাহৰণ আছে ৷

বৃটিছৰ ঔৰসত অসমীয়া জাতিয়তাবাদ সৃষ্টি হোৱা সময়ছোৱক কোনো কোনোয়ে "অৰুণোদয়" আৰু "জোনাকী" যুগ বুলি অভিহিত কৰে ৷ প্ৰকৃততে সেই সময় কোনো জোনাকী যুগ নতুবা অৰুণোদয় যুগ নাছিল ৷ তাৰ পৰিৱৰ্তে আসামত জনজাতীয় ভাষা আৰু সংস্কৃতিক কায়িক ধ্বংস কৰিবলৈ প্ৰৱজিত অসমীয়াই সৃষ্টি কৰিছিল আৰ্য সংস্কৃত অসমীয়া ভাষা ৷ যি ভাষাৰ কাৰণে এতিয়া সাংবিধানিক কৰিবলৈ অসম চুক্তিৰে দাবী জনাইছে ৷